পুনৰ লক ডাউনৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ ”লক ডাউনটো যদি সমাধান হয় তেন্তে লক ডাউন দিব পাৰি। কিন্তু লক ডাউন দিয়াৰ ৭দিন পাছতো আমি ক’ৰোনা আক্ৰান্ত ৰোগী পাম। ক’ৰোনাক আমি আন ধৰণে দমন কৰি আছো। যেতিয়া আনধৰণে দমন কৰিব নোৱাৰিম তেতিয়া আমি পাশপাত অস্ত্ৰপাত ব্যৱহাৰ কৰিম বুলি সংবাদমাধ্যৰ আগত প্ৰকাশ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
কিন্তু ৫০ হাজাৰ ৰেণ্ডম টেষ্ট কৰাৰ পাছত যদি আমি বিশাল অংকৰ আক্ৰান্তৰ সংখ্যা পাও সেই তথ্য আমি ৰাইজৰ সন্মুখত দাঙি ধৰিম। ৰাইজৰ মত লৈহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম।
দৈনিক উপাৰ্জন কৰা লোকসকলৰ প্ৰতিও আমিও চিন্তা কৰিব লাগিব। পূৰ্বৰ লক ডাউন দিয়াৰ এটা উদ্দেশ্য আছিল যে ভাৰতৰ পৰিস্থিতি ইটালীৰ দৰে নহওঁক। যদিহে অসমত দিল্লী-মুম্বাইৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আমি নিশ্চয় পুনৰ লক ডাউনৰ কথা ভাবিব লাগিব বুলি মন্তব্য় কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।