নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ ৰাজনৈতিক দলে কংগ্ৰেছক সামান্যতমো ক্ষতি কৰিব নোৱাৰে : ৰিপুন বৰা

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ আছুৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সভাপতিগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আছুৰ ৰাজনৈতিক দলে কংগ্ৰেছৰ সামন্যতমো ক্ষতি কৰিব নোৱাৰে। গণতন্ত্ৰত সকলোৱে অধিকাৰ আছে ৰাজনৈতিক দল খোলাৰ। তাত বেয়াপাব লগা একো নাই। নতুন দলটোক শুভেচ্ছা জ্ঞাপন কৰিছো। কা বিৰোধী ভোট যাতে বিভাজন নহয় লগতে বিজেপিৰ লাভ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলিও দোহাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । নতুন দলক প্ৰত্যাহ্বান বুলি নাভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

You might also like