নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ বানবিধস্ত অঞ্চলত ৰামকৃষ্ণ সেৱাশ্রমৰ সাহায্য সেৱা : পথ যোগাযোগ ব্যাহত

নিয়মীয়া বার্তা, ২ জুন : হোজাইত বানৰ তাণ্ডৱ কমিল যদিও বানাক্ৰান্ত অঞ্চলবাসীৰ দুখ-দুদৰ্শাই লগ নেৰা হৈছে। বানে বিধস্ত কৰা হোজাইৰ বিভিন্ন অঞ্চলৰ বাট-পথ ছিগা, পুখুৰী সদৃশ গাঁত হৈ পৰা, ঘৰৰ ভেটিৰ মাটি খহাই লৈ যোৱা, ঘৰত একাঠু পলশ পৰা ইত্যাদি বিভিন্ন সমস্যাৰে যুঁজিব লগা হৈছে। হোজাইৰ এনে বিভিন্ন বানাক্ৰান্ত অঞ্চলত ৰামকৃষ্ণ সেৱাশ্রমৰ ভক্তই চলাই থকা সাহায্য সেৱাই স্থানীয় ৰাইজৰ যথেষ্ট সহায় হৈছে। সেৱাশ্রমৰ কৰ্মকৰ্ত্তা সকলে বানৰ সময়ত যদিও খাদ্য বিলাইছিল এতিয়া বানৰ পিছতো প্ৰয়োজনীয় সামগ্ৰী যেনে ফেনাইল, ব্লিচিং পাউদাৰ, ম’হ খেদা দৰব, গাখীৰ, অ’ আৰ এছ ইত্যাদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰি আছে। আজি দক্ষিণ কোমোৰাকটাৰ যাঠিওৰা গাওঁত তৃতীয় বাৰৰ বাবে সাহায্য সামগ্ৰী লৈ উপস্থিত হয় দলটি। উল্লেখ্য যে, ৰামকৃষ্ণ সেৱাশ্রম, হোজাই আৰু ৰামকৃষ্ণ মিচনৰ বেলুৰ মঠ, গুৱাহাটীৰ দলটিয়ে অতিকৈ ক্ষতিগ্ৰস্থ উক্ত স্থানত পুণৰ পাৰ্য্যমানে সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব বুলি কথা দিছিল। সেই অনুসৰি গুৱাহাটীৰ ৰামকৃষ্ণ মিচনৰ স্বামী আত্মাশুদ্ধানন্দ তথা ৰামকৃষ্ণ সেৱাশ্রম, হোজাইৰ উপ-সভাপতি বিজয় বিশ্বাসৰ তত্বাবধানত আঠুৱা, শাৰী/চাদৰ আৰু ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হোৱা সকলক এক বান টিন পাট, চৰু, কেৰাহী ইত্যাদি প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায়। ইয়াৰওপৰিও বিগতদিনত মিচনৰ দলটিয়ে কানাবালি টুপ, ৰাইকটা নদীৰ পাৰ, পূব শোলমাৰীজান, ডঙ্কি পথাৰ ইত্যাদি বিভিন্ন স্থানত প্ৰায় ৪০০ গাৰাকী লোকক আঠুৱা-কাপোৰ, মেট ইত্যাদি সামগ্ৰী বিতৰণ কৰে। ইফালে ৰাইকাটা কছাৰী গাওঁত হোজাই-ৰাইকটা সংযোগী মূখ্য পকী পথৰ কেবাটাও ঠাইত পুখুৰী সদৃশ গাঁত হৈ পৰাত হোজাই চহৰৰ লগত কোমৰাকাটা গাঁও পঞ্চায়তৰ অধীনস্থ বৃহত্তৰ ৰাইকাটা ইছলামপুৰ, বিশ্বাস পাৰা, দাস পাৰা আদি অঞ্চলৰ গাড়ীৰ চলাচল আজিও ব্যাহত হৈ আছে। বানৰ পিছত উদ্ভৱ হ’ব পৰা যিকোনো বেমাৰ উক্ত অঞ্চল সমূহত হলে চহৰলৈ আহি উন্নত চিকিৎসাৰ বাবে উক্ত পথেৰেই আহিব লগা হ’ব। গতিকে স্থানীয় ৰাইজে যাতায়তৰ দুখ-দুদৰ্শা উপলব্ধি কৰি হোজাইৰ বিধায়ক তথা সংশ্লিষ্ট বিভাগক উক্ত মূখ্য পথটো শীঘ্ৰে মেৰামতি কৰি দিবলৈ আহ্বান জনায়।

কিশলয় ডি গোস্বামী

You might also like