নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুক্তি ৰূপায়ণৰ সুযোগৰ সদ্ব্যৱহাৰ কৰাৰ প্রতিশ্রুতি অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ২১ মে: অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব লোৱাৰ পিছত বৃহস্পতিবাৰে মহানগৰীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত উপস্থিত হ’ল মন্ত্রী অতুল বৰা৷ ১৯৮৫ চনতে স্বাক্ষৰিত হোৱা চুক্তিখন ৰূপায়ণ সন্দর্ভত সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বৰে এক অনানুষ্ঠানিক বার্তালাপত মিলিত হয়   মন্ত্রীগৰাকী৷ আলোচনাৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘অসম চুক্তি ৰূপায়ণ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ অগ্রাধিকাৰ ভিত্তিক বিষয় আৰু চুক্তি ৰূপায়ণৰ ক্ষেত্রত চৰকাৰ আন্তৰিকতাৰে কাম কৰিবলৈ দায়বদ্ধ৷ অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ সদৌ অসম ছাত্র সন্থাৰ এটা সময়ৰ সৈনিক হিচাপে সংগঠনটোৰ প্রতি থকা শ্রদ্ধা আৰু আন্তৰিকতাৰ বাবে অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী হিচাপে সদৌ অসম ছাত্র সন্থাৰ হূদপিণ্ডস্বৰূপ শ্বহীদ ন্যাস ভৱনলৈ আমি আহিছোঁ৷’

মন্ত্রী বৰাই লগতে কয় যে অসম চুক্তি ৰূপায়ণ বিষয়টোক সফল ৰূপ দিয়াৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা যথেষ্ট আগ্রহী আৰু এইক্ষেত্রত তেওঁৰ সদিচ্ছা আছে৷ এই বিষয়টোৰ লগতে অন্যান্য প্রাসংগিক কিছুমান বিষয় আলোচনা কৰাৰ বাবেই আছু নেতৃত্বৰ সৈতে মিলিত হয় বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰে৷ অসম আন্দোলনত নির্যাতিতসকলৰ এখন পূর্ণাংগ তালিকা প্রস্তুতিৰ ক্ষেত্রত মন্ত্রী বৰাই আছু নেতৃত্বৰ সহযোগিতা কামনা কৰে৷ এগৰাকী প্রাক্তন আছু কর্মী হিচাপে দুটা দশকৰ আন্দোলনৰ ফচল অসম চুক্তি ৰূপায়ণে এতিয়াও পূর্ণাংগ ৰূপ নোপোৱাত বর্তমানৰ আছু কর্মীসকলৰ মনোবেদনা হূদয়েৰে অনুভৱ কৰা বুলিও মন্ত্রী বৰাই সদৰী কৰে৷ অসম চুক্তি ৰূপায়ণ সন্দর্ভত অসম চৰকাৰ সোনকালে আছুৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হ’ব বুলি প্রকাশ কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু অসম আন্দোলনত অংশগ্রহণ কৰা বিভিন্ন সংগঠন আৰু ব্যক্তিৰ সৈতেও আলোচনা কৰি অসম চুক্তি ৰূপায়ণ এটি যোগাত্মক পৰিসমাপ্তিৰ দিশত আগবাঢ়ি যাব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

আলোচনাত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, উপদেষ্টা প্রকাশ চন্দ্র দাস, সভাপতি দীপাংক কুমাৰ নাথ, উপ–সভাপতি বিপুল ৰাভা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্রমুখ্যে আছুৰ বিভিন্ন কেন্দ্রীয় নেতা, সদৌ কামৰূপ জিলা ছাত্র সন্থা আৰু সদৌ গুৱাহাটী ছাত্র সন্থাৰ বিষয়ববীয়াসকল, শ্বহীদ আৰু নির্যাতিত সাহায্য ন্যাসৰ সভাপতি দেৱেশ্বৰ ভট্টাচার্য, উপ–সভাপতি ভৈৰৱপ্রসাদ দাস, সদস্য ভূপেন চক্রৱর্তী আদি উপস্থিত থাকে৷

ইফালে, বৃহস্পতিবাৰৰ আলোচনা সন্দর্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে অসম চুক্তি ৰূপায়ণ বিভাগৰ কোনো এগৰাকী মন্ত্রী প্রথমবাৰৰ বাবে শ্বহীদ ন্যাসলৈ আহিছে৷ শ্বহীদ ন্যাসলৈ আহি মন্ত্রী অতুল বৰাই আজি নিজৰ সদিচ্ছা প্রকাশ কৰে৷ আছুৱে এয়া ইতিবাচকভাৱে গ্রহণ কৰিছে৷ এসময়ত মন্ত্রীগৰাকী নিজে সদৌ অসম ছাত্র সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আছিল৷ তেতিয়া তেওঁ চুক্তি ৰূপায়ণৰ দাবীত স্মাৰক–পত্র প্রদান কৰিছিল, আজি তেওঁ স্মাৰক–পত্র ল’ব পৰা হ’ল৷ প্রথমবাৰৰ বাবে এগৰাকী মন্ত্রী শ্বহীদ ন্যাসলৈ আহি আছুৰ পৰামর্শ বিচৰাটো যোগাত্মক বার্তা৷ আজি তেওঁ হূদয়ৰ কথা কৈছে৷ এতিয়া অসম চুক্তিৰ প্রতিটো দফা অক্ষত ৰাখি সময়–নির্ধাৰিত কার্যসূচীৰে ৰূপায়ণ কৰিব লাগিব৷

ইপিনে, চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰাই আছু নেতৃত্বক আশ্বাস দিয়ে যে অসম চুক্তি ৰূপায়ণৰ বাবে তেওঁ যি সুযোগ লাভ কৰিছে, তাৰ সদ্ব্যৱহাৰ নিশ্চয় কৰিব৷ উল্লেখ্য যে চুক্তি সন্দর্ভত আলোচনা হ’লেও আজিৰ বৈঠকত নাগৰিকত্ব সংশোধনী আইনৰ প্রসংগ উত্থাপনৰ পৰা দুয়োপক্ষ বিৰত থাকে৷

You might also like