নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতা–মন্ত্রী হ’বৰ বাবে আন্দোলন কৰিছিল নেকিঃ অতুল বৰা

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত শেহতীয়াকৈ গঠন হোৱা দুই আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বিৰুদ্ধে বুধবাৰে সৰৱ হৈ পৰিল অগপৰ সভাপতি অতুল বৰা৷ নতুন আঞ্চলিক দলে অগপক ক্ষতি কৰাই নহয়, বিধানসভা নির্বাচনত নিশ্চিহ্ণ কৰিব বুলি একাংশই কৰি অহা মন্তব্যৰ প্রত্যুত্তৰ দি মন্ত্রী অতুল বৰাই আক্রমণাত্মক সুৰত কয়– ৰাইজৰ দল নে নিজৰ দল, সেয়াহে স্পষ্ট হোৱা নাই৷ নির্বাচনৰ সময়তহে এই সকলো দিশ পৰিষ্কাৰ হ’ব৷ আমবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত আজি এক যোগদান অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই কটাক্ষ কৰাৰ লগতে অসম জাতীয় পৰিষদক উদ্দেশ্যি অগপৰ সভাপতিজনে কয়– টায়াৰ জ্বলাই নেতা–মন্ত্রী হ’বৰ বাবে আন্দোলনত নামিছে নেকি অসম জাতীয় পৰিষদৰ জন্মৰ আঁৰৰ নেতাসকল৷ আমিও ছাত্র সন্থা কৰিছিলোঁ৷ মই সাধাৰণ সম্পাদক, সভাপতি আৰু উপদেষ্টা আছিলোঁ৷ কিন্তু আমি সদাসচেতন আছিলোঁ, যাতে আছুৰ মজিয়াখন কলুষিত নহয়, দাগ নালাগে, দলীয় ৰাজনীতিৰ দাগ নালাগে৷ ছাত্র সন্থাই আঞ্চলিকতাবাদী ৰাজনীতিক বিশ্বাস কৰে৷ দলীয় ৰাজনীতিৰ ঊর্ধ্বত থাকি ছাত্র সন্থা পৰিচালিত হৈ আছে৷ এতিয়াও লক্ষ লক্ষ, অগণন ছাত্র সন্থাৰ সেনানী আছে, যিসকলে ছাত্র সন্থাক নিজৰ বুলি ভাবে, ৰাজনীতিৰ পৰা মুক্ত হৈ থকাটো বিচাৰে৷ গতিকে আছুৱে ৰাজনৈতিক দললৈ ৰূপান্তৰ হোৱাটোৱে তেনেধৰণৰ ছাত্র কর্মীসকলক মনত আঘাত দিছে৷ এয়া দুর্ভাগ্যজনক কথা৷ আছু ভাগ ভাগ হোৱাটো আমি নিবিচাৰোঁ৷ সেয়েহে আমি ছাত্র পৰিষদৰ জন্ম দিছোঁ৷ কিন্তু এই পৰিস্থিতিত আছুও ভাগ ভাগ হ’ব৷ তেনে ছাত্র কর্মীসকলৰ মনৰ কথা আমি শুনিছোঁ৷ অসম জাতীয় পৰিষদ যেনেকৈ গঠন হৈছে, নতুন আছুৰো জন্ম হ’ব৷ ইফালে আছুৱে মূল সমস্যা সমাধানত সফল হোৱা নাই বুলি আঙুলিয়াই অতুল বৰাই কয়– আছুৰ মজিয়াৰ পৰা আমিও বহুত কৰিছোঁ৷ অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত দেশখনৰ এনে এজন প্রধানমন্ত্রী নাই, যাক দেখা কৰা নাই৷ কিন্তু আমি সফল হ’ব পৰা নাছিলোঁ৷ এতিয়াও পৰা নাই৷ এনে বিষয়বোৰৰ বাবেই যোগাত্মক দৃষ্টিভংগীৰে চৰকাৰৰ লগত থাকি কাম কৰিব বিচাৰিছোঁ৷ কেতিয়াবা ভুল–ভ্রান্তি হ’লে তাকো আঙুলিয়াই দিছোঁ৷

অগপ সভাপতিজনে ইয়াকো স্পষ্ট কৰে যে নতুন আঞ্চলিক দল গঠনে অগপৰ কোনো ক্ষতি নকৰে৷ শাসকীয় দলৰ লগত থকা অগপ বা আন দলক ক্ষতি কৰিব নোৱাৰে৷ মন কৰিবলগীয়া যে আজি অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে পাঠশালাৰ অন্যতম শৈক্ষিক প্রতিষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড০ ৰঞ্জিত ডেকাই৷ এই উদ্দেশ্যে আমবাৰীস্থিত অগপৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ৰঞ্জিত ডেকাৰ নেতৃত্বত বহুকেইজন লোকে অগপত যোগ দিয়ে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি অগপ সভাপতি অতুল বৰাই কয় যে অসম গণ পৰিষদ দল আঞ্চলিকতাবাদী শক্তিৰ মূল স্তম্ভ৷ কোনো শক্তিয়েই যিমানেই অপচেষ্টা নচলাওক কিয়, দলটোক দুর্বল বা নিঃশেষ কৰিব নোৱাৰে৷ দলটোৰ এক সুকীয়া জন্মলগ্ণৰ ঐতিহাসিক পটভূমি আছে৷ অগপ দলে ৰাজ্যখনত জনসাধাৰণৰ চিন্তা–চর্চা আৰু সিদ্ধান্তৰ ভিত্তিত পৰিচালিত হয়৷ যোগদান অনুষ্ঠানত উপস্থিত থকা কার্যকৰী সভাপতি কেশৱ মহন্ত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে যোগদানকাৰীসকলক আদৰণি জনাই দলৰ স্বার্থত সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানত সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা, সত্যব্রত কলিতা, মনোজ শইকীয়া, উপ–সভাপতি দিলীপ পাটগিৰি, সুনীল ডেকা আদিৰ লগতে কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ উল্লেখ্য যে শেহতীয়াকৈ আঞ্চলিক দলটোৰ গঠন হোৱা নৱনির্বাচিত কমিটীক লৈ সৃষ্টি হোৱা আইনী মেৰপেঁচৰ পৰা আজি অগপ মুক্ত হয়৷ যোৱা ২৬ আগষ্টত গুৱাহাটীৰ ৩নং দেৱানী ন্যায়াধীশ আদালতৰ নির্দেশ অৱমাননা কৰি অগপৰ একাদশ কেন্দ্রীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰা বুলি দলৰে কেইজনমান নেতাই এটা গোচৰ দাখিল কৰিছিল৷ সেই গোচৰৰ ভিত্তিতে আদালতে কেন্দ্রীয় সাধাৰণ অধিৱেশনৰ গৃহীত প্রস্তাৱসমূহ কার্যকৰী নকৰিবলৈ নির্দেশ দিছিল৷ ৫ ছেপ্ঢেম্বৰৰ উক্ত নির্দেশৰ বিৰুদ্ধে অগপই জিলা সত্র আৰু ন্যায়াধীশ আদালতত এক আবেদন কৰে৷ উক্ত আবেদনৰ ভিত্তিত আজি আদালতে ৫ ছেপ্ঢেম্বৰৰ দেৱানী আদালতৰ নির্দেশৰ ওপৰত স্থগিতাদেশ দিয়ে৷ উক্ত নির্দেশৰ জৰিয়তে এতিয়াৰে পৰা অগপৰ নৱনির্বাচিত কেন্দ্রীয় সমিতিয়ে দলৰ কাম–কাজ চলাই যোৱাত কোনো বাধা নাথাকিব৷ অগপৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে অধিবক্তা বিজন মহাজনে৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ হৈ যোৱা কেন্দ্রীয় সাধাৰণ অধিৱেশনত অতুল বৰাক সভাপতি আৰু কেশৱ মহন্তক কার্যকৰী সভাপতি ৰূপে দায়িত্বভাৰ অর্পণ কৰা হৈছিল৷

You might also like