বৰপেটাত বাল্য বিবাহ প্ৰতিৰোধৰ বাবে সজাগতা সভা
নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: বৰপেটাৰ অফিচাৰ্চ ক্লাবত আজি বাল্য বিবাহ সন্দৰ্ভত এখনি সৰ্বাঙ্গ আলোচনা সভা অনুষ্ঠিত হৈ যায়৷ বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে উদ্বোধন কৰি কয় যে সমাজৰ সংস্কাৰীসকলেহে এই বাল্য বিবাহ ৰোধ কৰাত আগবাঢ়ি আহিব লাগিব ৷ ৰ’টাৰী সদস্যসকল আৰু কাজিসকলক এই প্ৰক্ৰিয়াত আত্মাৰে জড়িত হৈ সহায় কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে গাঁও পৰ্যায়লৈ এনে ধৰণৰ সভা আহ্বান কৰিবলৈ কয় । উপায়ুক্ত ভূষালে হাতে- কামে সংশ্লিষ্ট বিষয়া সকলকসকলক আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ৷ বৰপেটা জিলাত বাল্য বিবাহৰ হাৰ কমাবলৈ সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনায় ৷ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্তই বাল্য বিবাহৰ ওপৰত সুন্দৰ আলোকপাত কৰে ৷ সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাসে আঁতধৰা সভাখনত বিদ্যালয়সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতি, জিলা লেবাৰ অফিচাৰ, স্বাস্থ্য বিষয়া, সমল ব্যক্তি ৰুমী কাকতি, দিক্ষীতা বৰ্মনৰ উপৰি শিক্ষা বিভাগ, সমাজ কল্যান বিভাগৰ , আৰক্ষী বিভাগ আদিৰ উপৰিও বহুতো ব্যক্তি উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, বাল্য বিবাহৰ ওপৰত কোনোবাই তথ্য দিব পাৰিলে এক হাজাৰ টকা জিলা সমগ্ৰ শিক্ষাৰ পৰা পুৰস্কৃত কৰা হব বুলি সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাসে জনাইছে।
প্ৰেৰক আফতাব হুছেইন