ছাত্ৰীয়ে নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সচেতন হোৱাৰ প্ৰয়োজনঃ দদৰাত শিশুৰ যৌন অপৰাধ ৰোধ বিষয়ক সজাগতা সভা
বিশেষ বাৰ্তা, ১৩ জুনঃ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আজি দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিশুৰ যৌন অপৰাধ ৰোধ বিষয়ক এখনি সজাগতা সভা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। অনুষ্ঠানত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে আজ্ঞাঠুৰী হাইস্কুল আৰু দলিবাৰী হাইস্কুলৰ দুই শতাধিক ছাত্ৰ – ছাত্ৰীয়ে ভাগ লয়। শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ লেখীয়া অপৰাধ সম্পৰ্কে ছাত্ৰ- ছাত্ৰীসকলক সজাগ কৰাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।সভাত ভাষণ দি কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই কয় যে ছাত্ৰ- ছাত্ৰীসকলে নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত সদায় সচেতন হৈ থকা উচিত। তেওঁ আৰু কয় যে শিশুসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে কিছুমান আইন প্ৰণয়ন কৰা হৈছে যদিও সেই বিষয়ে শিক্ষাৰ্থীসকল অৱগত নহয়। এনে সজাগতা সভাই এই দিশত ইতিবাচক ফল দিব বুলি তেওঁ আশা প্ৰকাশ কৰে।সভাত ভাষণ দি কামৰূপৰ শিশু সুৰক্ষা বিষয়া মালবিকা কলিতাই শিশুৰ ওপৰত আনে কৰা কোনবোৰ আচৰণ, ইংগিত বা স্পৰ্শ যৌন অপৰাধ হিচাপে গণ্য কৰা হয় সেই বিষয়ে বহলাই ব্যাখ্যা কৰে। আনহাতে কামৰূপৰ মহিলা আৰু শিশু সুৰক্ষা বিষয়া গুলশ্মী বৰাই মহিলা আৰু শিশুসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে লোৱা ব্যৱস্থা সমূহৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। বিশেষকৈ মহিলা সকলৰ সুৰক্ষাৰ বাবে থকা হেল্পলাইন ফোন নম্বৰসমূহ সততে লগত ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। তেওঁ সজাগতা সভাত বেটী বচাও বেটী পঢ়াও আঁচনিৰ বিষয়েও অৱগত কৰে। আৰম্ভণিতে কামৰূপৰ জিলা আচনি বিষয়া ক্ৰমে ছুইটি বেজবৰুৱা আৰু কল্পনা দাসে অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে শিক্ষা বিভাগে এই দিশত আৰু অধিক ফলপ্ৰসূ কাৰ্যসূচী গ্ৰহণ কৰিব। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই কয় যে নতুন শিক্ষা নীতিত যৌনশিক্ষা আৰু আইন বিষয়ক পাঠ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ আৰু কয় যে শ্ৰেণীকোঠাত আমাৰ বিজ্ঞান শিক্ষক এচামে এতিয়াও প্ৰজনন বা এইচ আই ভি বিষয়ক পাঠ ছাত্ৰ – ছাত্ৰীৰ মাজত খোলাকৈ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে। আমি এই ক্ষেত্ৰত মানসিকতাৰ সলনি কৰিব লাগিব বুলি তেওঁ কয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাষণ দি সাংবাদিক তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মধুসূদন মেধিয়ে ছাত্ৰ ছাত্ৰীসকলক যৌন অপৰাধৰ পৰা হাত সাৰি থাকিবলৈ ভালেমান পৰামৰ্শ আগবঢ়ায়।অনুষ্ঠানত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শৰৎ কলিতা, হাজোৰ খণ্ড সমল ব্যক্তি দীনেশ কলিতা প্ৰমুখ্যে ভালেমান শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।
প্ৰেৰক দিলীপ মেধি