নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মা চৰকাৰৰ শাসনত ছমাহত জব্দ ৩২৫ কোটিৰ ড্রাগ্ছ

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে যোৱা মে’ত শাসনভাৰ গ্রহণ কৰাৰ পাছত অসম আৰক্ষীক ড্রাগ্ছবিৰোধী অভিযান চলোৱাৰ বাবে স্বতন্ত্রতা প্রদান কৰিছে৷ যাৰ বাবে অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে লাভ কৰিবলৈ সক্ষম হৈছে কেতবোৰ উল্লেখনীয় সফলতা৷ এই ছমাহত এন ডি পি এছ আইনৰ অধীনত ১,৭০০ গোচৰ ৰুজু হোৱাৰ লগতে জব্দ কৰা হৈছে ৩২৫ কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্রী৷ এই তথ্য প্রদান কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চি আই ডি)–এ নার্ক’টিক্ছ কণ্ট্ৰ’ল ব্যুৰ’ৰ সহযোগত অনুষ্ঠিত কৰা দুদিনীয়া বিশেষ প্রশিক্ষণ কার্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি সঞ্চালকপ্রধান মহন্তই কয় যে ৰাজ্যখনত ড্রাগ্ছৰ যোগান আৰু চাহিদা যাতে হ্রাস পায়, তাৰ বাবে অসম আৰক্ষীয়ে সুপৰিকল্পিতভাৱে কার্যপন্থা অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দায়িত্ব গ্রহণ কৰাৰ পাছত বর্তমানলৈ ২,৯০০জন অপৰাধীক কৰায়ত্ত কৰা হৈছে৷ তদুপৰি ৫০ কিলোগ্রাম হেৰ’ইন, ৩৭ কিলোগ্রাম অ’পিয়াম আৰু ১৩৩খন বাহনো জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷

সমগ্র দেশতে ড্রাগ্ছ আসক্ত লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা কার্যত উদ্বিগ্নতা প্রকাশ কৰি আৰক্ষী সঞ্চালকপ্রধানগৰা কয় যে ম্যানপাৰৰ পৰা চীনলৈ ড্রাগ্ছ সৰবৰাহৰ বাবে অসমক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ অৱশ্যে ইয়াৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও ড্রাগ্ছৰ বিৰুদ্ধে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘ড্রাগ্ছৰ বিৰুদ্ধে ঘোষণা কৰা এই অভিযানৰ নেতৃত্ব লৈছে মুখ্যমন্ত্রীয়ে৷ ৰাজ্যত সমাজ ধ্বংস কৰিব পৰা ড্রাগ্ছৰ ব্যৱহাৰ আৰু সৰবৰাহ বন্ধ কৰিবলৈ এটা ব্যৱস্থা গঢ় দিবলৈ চেষ্টা কৰা হৈছে৷ ইতিমধ্যে গুৱাহাটীক সৰবৰাহৰ পথ হিচাপে ব্যৱহাৰ কৰা ৮০ শতাংশ গোপন অভিসন্ধি ইতিমধ্যে আমি ভাঙি দিবলৈ সক্ষম হৈছোঁ৷ কিন্তু অসম আৰক্ষীয়ে কৰিবলগীয়া আৰু বহু কাম আছে৷’ ইফালে একেটা অনুষ্ঠানতে অংশগ্রহণ কৰি নার্ক’টিক্ছ কণ্ড্র’ল ব্যুৰ’ (এন চি বি)ৰ সঞ্চালকপ্রধান এছ এন প্রধানে এই প্রশিক্ষণ কার্যসূচী আয়োজন কৰাৰ বাবে অসম আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰে৷

এন চি বিৰ আঞ্চলিক কার্যালয়ে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ লগতে কেন্দ্রীয় অর্ধসামৰিক বাহিনীসমূহৰ সহযোগত ড্রাগ্ছৰ ব্যৱসায় আৰু সৰবৰাহ বন্ধ কৰাৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰি তেওঁ কয়– ‘ড্রাগ্ছৰ বিৰুদ্ধে ইতিমধ্যে অসম আৰক্ষীয়ে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে৷ ড্রাগ্ছৰ সৰবৰাহ সম্পূর্ণৰূপে বন্ধ কৰাটো অসম্ভৱ৷ ইয়াৰ বিৰুদ্ধে আমি যুঁজ চলাই যাব লাগিব৷ কিন্তু অকলশৰীয়াভাৱে ড্রাগ্ছৰ সৰবৰাহ ৰোধ কৰাটো সম্ভৱ নহয়৷ ইয়াৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্রীয় অর্ধসামৰিক বাহিনীসমূহে একেলগে কাম কৰিব লাগিব৷ ড্রাগ্ছৰ সৰবৰাহ হৈছে এটা সীমা নথকা অবৈধ ব্যৱসায়৷ সকলো সংস্থাই একেলগে কাম কৰাৰ ক্ষেত্রত এন চি বিয়ে সূত্রধাৰৰ ভূমিকা গ্রহণ কৰিবলৈ প্রস্তুত৷’ ইপিনে ড্রাগ্ছৰ ব্যৱসায়ত ক্রীপ্ঢ’ কাৰেঞ্চীৰ ব্যৱহাৰক লৈ উদ্বিগ্ণতা প্রকাশ কৰি তেওঁ কয় যে ক’ভিডৰ সময়ত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাত ড্রাগ্ছ সৰবৰাহৰ নতুন পন্থা গ্রহণ কৰা হৈছে৷ ক্রীপ্ঢ’ কাৰেঞ্চীৰ জৰিয়তে ড্রাগ্ছৰ ধনৰ লেনদেন হোৱাৰ উপৰি ডার্ক নেটৰ জৰিয়তে যোগাযোগ অব্যাহত ৰাখিছে ড্রাগ্ছ মাফিয়াই৷ এনেদৰে হোৱা লেনদেনৰ জৰিয়তে কুৰিয়াৰৰ সহায়ত ড্রাগ্ছৰ সৰবৰাহ কৰিছে একাংশ সৰবৰাহকাৰীয়ে৷

উল্লেখ্য যে শেহতীয়াকৈ তামিলনাডুৰ কুন্নুৰত হোৱা এক হেলিকপ্ঢাৰ দুর্ঘটনাত প্রাণ হেৰুওৱা চি ডি এছ বিপিন ৰাৱাট আৰু আন জোৱানসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি প্রশিক্ষণ কার্যসূচীৰ আৰম্ভণিতে এক মিনিট সময় মৌন প্রার্থনা কৰা হয়৷ তদুপৰি চি ডি এছ জেনেৰেল ৰাৱাটৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে তেওঁৰ নামত উৎসর্গা কৰা এটা বিশেষ এপ মুকলি কৰা হয়৷ ড্রাগ্ছ ফ্রী অসম নামৰ এই এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে ডি জি পি ভাস্কৰজ্যোতি মহন্তই৷ ৰাষ্ট্রীয় তথ্য কেন্দ্রই প্রস্তুত কৰা এই এপটোৰ জৰিয়তে সাধাৰণ ৰাইজে ড্রাগ্ছৰ বিক্রী, সৰবৰাহ, মজুতকৰণ, সেৱন আদি সন্দর্ভত অসম আৰক্ষীক অৱগত কৰিব পাৰিব৷ এনে তথ্য লাভ কৰাৰ লগে লগেই আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিব৷

অনুষ্ঠানতে হেণ্ডবুক ফৰ ইনভেষ্টিগেটিং অফিচার্ছ অৱ এন ডি পি এছ এক্ট কেচ শীর্ষক এখন হাতপুথিও উন্মোচন কৰা হয়৷ এই দুদিনীয়া প্রশিক্ষণ কার্যসূচীত কেন্দ্রীয় অর্ধসামৰিক বাহিনীসমূহৰ উপৰি উত্তৰ–পূর্বাঞ্চলৰ ৮খন ৰাজ্যৰ ড্রাগ্ছ আইন বলৱৎকাৰী সংস্থাসমূহৰ প্রতিনিধি উপস্থিত থাকে৷ অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান এ ৱাই ভি কৃষ্ণাই৷ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, ডাঃ এল আৰ বিষ্ণই, এন চি বিৰ উপ–সঞ্চালকপ্রধান মণিকা বাট্টাসহ বহুকেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে৷

You might also like