নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটকালত কেন্দ্রীয় চৰকাৰ বাঘজানবাসীৰ কাষত আছেঃ মোদী

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ  প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চযোগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৰা বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়৷ ৰাষ্ট্রীয় দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ বৈঠকত অধ্যক্ষতা কৰি প্রধানমন্ত্রী মোদীয়ে বাঘজানৰ শেহতীয়া পৰিস্থিতি, অগ্নি নির্বাপণৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপ তথা ক্ষতিগ্রস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন ইত্যাদি বিষয় সম্পর্কত মুখ্যমন্ত্রী সোণোৱালৰ সৈতে  গুৰুত্বপূর্ণ আলোচনা কৰে৷

 ভিডিঅ’ কনফাৰেঞ্চযোগে হোৱা পর্যালোচনাকালত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ সচিব তৰুণ কাপুৰে বাঘজানৰ সমগ্র ঘটনাৱলী আৰু এইক্ষেত্রত কেন্দ্র তথা ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ সবিশেষ সামৰি এক প্রেজেণ্টেচন আগবঢ়ায়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী সোণোৱালে বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ সবিশেষ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে গেছখাদৰ অগ্ণিকাণ্ড নির্বাপিত নোহোৱা বাবে সমীপৱর্তী জনসাধাৰণৰ মনত এতিয়াও ভয় আৰু শংকাই বিৰাজ কৰি আছে৷ বাঘজানৰ অগ্নিকাণ্ডস্থলীৰ পৰা তিনি কিঃমিঃ ব্যাসার্ধলৈ ভূকম্পন অনুভূত হোৱাত সেই অঞ্চলত থকা পৰিয়ালসমূহৰ বাসগৃহৰ ক্ষতিসাধন হোৱাৰ উপৰি ৰাইজ আতংকিত হৈ আছে৷ এই ভূকম্পনৰ প্রকৃত কাৰণ অনুসন্ধান কৰাৰ বাবে উত্তৰ–পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠান আৰু গুৱাহাটী আই আই টিৰ বিজ্ঞানীসকলক দায়িত্বভাৰ অর্পণ কৰা হৈছে৷

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰাজ্যৰ চাৰিজন মন্ত্রীয়ে উক্ত অঞ্চলত বাহৰ পাতি সাহায্য আৰু উদ্ধাৰ অভিযান প্রত্যক্ষভাৱে তদাৰক কৰি আছিল বুলিও তেওঁ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ বাঘজান অঞ্চলৰ বাবে অর্থনৈতিক পেকেজ ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে অঞ্চলটোৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ২৭ কোটি টকা, এখন আদর্শ চিকিৎসালয় আৰু পশু চিকিৎসালয়, এখন আদর্শ বিদ্যালয়, ৩০০ আত্মসহায়ক গোটলৈ বিত্তীয় অনুদান, মাগুৰি–মটাপুং বিলক পর্যটকৰ আকর্ষণস্থলী হিচাপে ৰূপান্তৰকৰণ, বাঘজানৰ পৰা তিনিচুকীয়ালৈ থকা পথছোৱা উন্নীতকৰণ, দক্ষতা উন্নয়ন কেন্দ্র প্রতিষ্ঠা আদিৰ দৰে আঁচনিসমূহ গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী মোদীক অৱগত কৰে যে কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রালয়ে বিদেশী বিশেষজ্ঞৰ দ্বাৰা অগ্নি  নির্বাপণৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে৷ কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে প্রত্যক্ষভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয় যে চৰকাৰৰ এই প্রয়াসৰ বাবে সম্প্রতি ৰাইজ আশ্বস্ত হৈছে আৰু চৰকাৰৰ পদক্ষেপৰ প্রতি সহযোগিতা আগবঢ়াই আছে৷  তৈলখাদ আৰু গেছ কূপত সংঘটিত হ’ব পৰা এনেধৰণৰ দুর্ঘটনাৰ মোকাবিলা কৰিব পৰাকৈ স্থানীয় বিশেষজ্ঞ গঢ়ি তুলিবৰ বাবে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পেড্র’লিয়াম টেকনল’জী বিভাগক ডন্নীতকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী মোদীক অনুৰোধ জনায়৷ এই পদক্ষেপে ভৱিষ্যতে এনেধৰণৰ সংকটৰ সময়ত বিদেশৰ বিশেষজ্ঞলৈ অপেক্ষা নকৰাকৈ থলুৱা বিশেষজ্ঞৰ দ্বাৰা তাৎক্ষণিক পদক্ষেপ লোৱাত বিশেষভাৱে সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে৷ আলোচনাত অংশ লৈ কেন্দ্রীয় পেড্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে বাঘজানৰ অগ্নি নির্বাপণৰ বাবে তেওঁৰ মন্ত্রালয়ে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্রধানমন্ত্রী মোদীক অৱগত কৰে৷ প্রধানমন্ত্রী মোদীয়ে কয় যে এই সংকটৰ সময়ত কেন্দ্রীয় চৰকাৰ বাঘজানৰ ৰাইজৰ কাষত আছে৷ অগ্ণিকাণ্ডৰ ফলত হোৱা স্থানীয় জনসাধাৰণৰ ক্ষয়–ক্ষতি, সাহায্য, পুনৰ সংস্থাপন ইত্যাদিৰ দিশত কেন্দ্রীয় চৰকাৰে সম্পূর্ণ দায়িত্ব পালন কৰিব৷ অদূৰ ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও প্রধানমন্ত্রী মোদীয়ে আশ্বাস দিয়ে৷ ভিডিঅ’ কনফাৰেঞ্চযোগে অনুষ্ঠিত ৰাষ্ট্রীয় দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ এই বৈঠকত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, কেন্দ্রীয় পৰিৱেশ আৰু বনমন্ত্রী প্রকাশ জাভেদকাৰ, ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিঙৰ লগতে কেইবাজনো ৰাজ্যিক মন্ত্রী আৰু কেন্দ্রীয় কেবিনেট সচিবকে ধৰি দপ্তৰসমূহৰ শীর্ষস্থানীয় বিষয়াসকলে অংশগ্রহণ কৰে৷

  আনহাতে, মুখ্যমন্ত্রী সোণোৱালৰ সৈতে এই ভিডিঅ’ কনফাৰেঞ্চৰ সময়ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া প্রমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like