সোমবাৰ আৰু মঙলবাৰে খোলা থাকিব আন্তঃজিলা যাতায়াত
নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যত দুদিনৰ বাবে খোলা থাকিব আন্তঃজিলা যাতায়াত। বুধবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়াত সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্য সচিবে।আনহাতে বন্ধ থাকিব আন্তঃৰাজ্যিক যাতায়াত। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ ২২ জুলাইৰ পৰা পুনৰ বন্ধ হৈ থাকিব এই আন্তঃজিলা যাতায়াত।
ব্যক্তিগত বাহনৰ চলাচল বন্ধ থকাৰ লগতে নিয়ম অনুসৰি চলাব পাৰিব কেব, অটো, ৰিক্সা। আনহাতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন। সোমবাৰৰ পৰা শুকুৰবাৰলৈ ই–কৰ্মাচ সেৱাত অনুমতি ৰাজ্য চৰকাৰৰ।