নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত আবদ্ধ অসমৰ ২৩ অৱসৰপ্ৰাপ্ত সেনা জোৱান

প্ৰত্যাৱৰ্তনৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ

নিয়মীয়া বাৰ্তা ২৭  ২৭ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে দেশত চলি আছে  লকডাউন । যাৰ বাবে দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ পৰে চিকিৎসাৰ বাবে যোৱা ৰোগী, ছাত্ৰ-ছাত্ৰী, শ্ৰমিক, পৰ্যটককে ধৰি অসংখ্য লোক । যাৰ বাবে বিগত এমাহ ধৰি বেংগালুৰুত আবদ্ধ হৈ পৰে অসমৰ ২৩ জন অৱসৰপ্ৰাপ্ত সেনা জোৱান । কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিও নিজৰ হেঁপাহৰ ঘৰখনলৈ আহিব পৰা নাই সেনাবাহিনীৰ এই সকল জোৱান । লক ডাউনৰ বাবেই ৩১ মার্চতে অৱসৰ গ্ৰহণ কৰা অসমৰ ২৩ জনকৈ জোৱান বৰ্তমানো আৱদ্ধ হৈ থাকিব লগা হৈছে Bangalore ৰ ASC Training center South, 2 Training BN, Depot COY ৰ ছাউনীতে । বছৰ বছৰ ধৰি আত্মীয় স্বজনৰ পৰা আঁতৰি দেশৰ সেৱাত নিয়োজিত হৈ থকা এইসকল সেনা বাহিনীৰ জোৱান এতিয়া উদগ্ৰীৱ হৈ পৰিছে নিজৰ হেঁপাহৰ ঘৰখনক লৈ । ইপিনে স্বাভাৱিক জীৱন যাত্ৰাৰ বাবে এই পৰ্যন্তও সৃষ্টি হোৱা নাই এক অনুকূল পৰিবেশৰ । ইয়াৰ মাজতে ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীকে ধৰি একাংশক  অসম চৰকাৰে উভতাই অনাৰ বাবে ব্যৱস্থা কৰাৰ পিছতে বেংগালুৰুত আবদ্ধ হৈ থকা অসমৰ ২৩ গৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱানেও আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ই-মেইল যোগে এক পত্ৰ প্ৰেৰণ কৰি তেওঁলোকক স্ব-গৃহলৈ ওভোতাই অনাৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে । জানিব পৰা মতে বেংগালুৰুত আৱদ্ধ হৈ থকা এই সকলৰ ভিতৰত গুৱাহাটীৰ ১৯ জন লখিমপুৰ জিলাৰ ৩ জন আৰু ধেমাজি জিলাৰ ১ জন জোৱান আছে ।
You might also like