নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা কেওটকুছিৰ লক্ষ্মী পূজাৰ উপহাৰ কুপনৰ খেল স্থগিত

বাৰ্তা ব্যুৰো, বৰপেটা ২০ অক্টোবৰঃ বৰপেটা জিলাৰ কেওটকুছিৰ শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ উপহাৰ কুপনৰ খেল সাময়িকভাবে স্থগিত ৰখা হৈছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে লটাৰী খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই উপহাৰ কুপনৰ খেল স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা বুলি উদযাপন সমিতিয়ে ঘোষণা কৰিছে৷ আজি লক্ষ্মী পূজা আয়োজক সমিতিৰ কাৰ্যালয় সমিতিৰ উপদেষ্টা গৌতম দাস, সভাপতি উৎপল কুমাৰ পাঠক, সম্পাদক ৰাতুল দাস, উপহাৰ কুপন সমিতিৰ সভাপতি ভূজ্যোতি বৈশ্য, সম্পাদক উৎপল তালুকদাৰ, মুক্তিধাম পৰিচালনা সমিতিৰ সভাপতি ৰাতুল কুমাৰ দেৱশৰ্মা, সম্পাদক চম্পক দাস প্ৰমুখ্যে আন আন সদস্য সকলৰ উপস্থিতিত অনুষ্ঠিত এখন সংবাদ মেলত সমিতিয়ে উপহাৰ কুপনৰ খেল স্থগিত ৰখাৰ কথা  ঘোষণা কৰে। উল্লেখ্য যে কেওটকুছিৰ লক্ষ্মী পূজা সমিতিয়ে বিগত ১৯টা বছৰে লক্ষ্মী পূজা উপলক্ষে অতি সূচাৰূৰূপে এখন উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰি আহিছিল৷ এইবেলি ২০সংখ্যক উপহাৰ কুপন খেল উপলক্ষে ১৫খন বিলাসী বাহন আগবঢ়োৱা হৈছিল৷ এই উপহাৰ কুপন খেলৰ পৰা ৰাহি হোৱা ধনেৰে, মন্দিৰ নিৰ্মাণ, মুক্তিধাম নিৰ্মাণ, অতিথিশালা নিৰ্মাণ কৰাৰ লগতে আৰ্থিকভাবে দুৰ্বল পৰিয়ালয়ৰ মেধাবী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰি অহা হৈছিল ৷ কিন্তু ৩ অক্টোবৰত উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰাজ্যতে উপহাৰ কুপনৰ খেল বন্ধৰ নিৰ্দেশ দিয়াত লক্ষ্মী পূজা উদযাপন সমিতি বিপাঙত পৰে৷ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত লক্ষ্মী পূজা উদযাপন সমিতিয়ে ইতিমধ্যে আবেদন দাখিল কৰিছে৷ ন্যয়ালয়ে এই আবেদন বিচাৰ বিবেচনা কৰি লক্ষী পূজা সমিতিৰ সপক্ষে ৰায় দান কৰিলে, উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিব বুলিও তেওঁলোকে উল্লেখ কৰে৷ ন্যায়ালয়ে লক্ষ্মী পূজা সমিতিৰ আবেদন বিচাৰ বিবেচনা কৰিব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে এই উপহাৰ কুপনৰ খেলৰ বাজেট আছিল ১ কোটি ২৬ লাখ টকা৷ ন্যায়ালয়ে ৰায় দিলে যিসকলে উপহাৰ কুপন সংগ্ৰহ কৰিছে সেইসকলৰ ওপৰতে খেলখন চলিব৷ ন্যায়ালয়ে ৰায় নিদিয়া পৰ্যন্ত উপহাৰ কুপনৰ খেল বন্ধ থাকিব৷ ন্যায়ালয়ে ৰায় দিলেই বাকী টিকটসমূহ বিক্ৰী আৰম্ভ কৰিব৷ টিকট বিক্ৰী সাময়িকভাবে বন্ধ ৰখা হৈছে৷ অধিবক্তাৰ জৰিয়তে ইতিমধ্যে আবেদন কৰিছে বুলিও সমিতিয়ে সংবাদমেলত সদৰি কৰে৷ নবেম্বৰৰ ভিতৰত ন্যায়ালয়ৰ পৰা ৰায় পাব বুলিও সমিতি আশাবাদী বুলি সংবাদ মেলত মন্তব্য কৰে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like