এনআৰচিত নাম থকা বাবেই সন্দেহযুক্ত নাগৰিককো ভাৰতীয় ঘোষণা
নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ একমাত্র ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)ত নাম থকা বাবেই এজন সন্দেহযুক্ত নাগৰিকক ভাৰতীয় বুলি ঘোষণা কৰিলে কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণে৷ কৰিমগঞ্জ জিলাৰ ২নং বিদেশী ন্যায়াধিকৰণৰ সদস্য শিশিৰ দে’ই বিদেশীৰ এটা গোচৰত এন আৰ চিৰ তথ্য চূড়ান্ত বুলি কৰা ঘোষণাই শেহতীয়াকৈ দিছপুৰতো প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে পাথাৰকান্দিত বিক্রম সিংহ নামৰ এজন লোক শেহতীয়াকৈ বিদেশী বুলি চিনাক্ত হোৱাৰ পাছত বিদেশী ন্যায়াধিকৰণত এটা গোচৰ দাখিল হৈছিল৷ ১২৯/২০১৭নং গোচৰটো সন্দর্ভত ন্যায়াধিকৰণৰ সদস্য শিশিৰ দে’ই শেহতীয়াকৈ ৰায়দান কৰি স্পষ্ট কৰে যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত এন আৰ চি যিহেতু চূড়ান্ত, সেয়েহে এন আৰ চিত নাম থকা সকলো ভাৰতীয়৷ যিহেতু বিক্রম সিংহৰ নাম এন আৰ চিত আছে, গতিকে তেওঁ ভাৰতীয়৷ সেয়াই নহয়, ১৯৮৭ নাগৰিকত্ব সংশোধনী আইনৰ ধাৰা উল্লেখ কৰিও বিক্রম সিংহ ভাৰতীয় বুলি ন্যায়াধিকৰণে ৰায়দান কৰে৷ পৰিতাপৰ বিষয়টো হ’ল যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত এন আৰ চিয়ে এতিয়াও আইনী বৈধতা পোৱা নাই৷
আনকি এন আৰ চিখনৰ বাবে এতিয়াও আনুষ্ঠানিক জাননী প্রকাশ কৰা নাই দেশৰ মহাপঞ্জীয়কে৷ এনে অৱস্থাত এন আৰ চিখন চূড়ান্ত নথি বুলি দিয়া ৰায়ে দিছপুৰতো যথেষ্ট প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে যে এন আৰ চিত নাম নাথাকিলেও কোনো লোককে বিদেশী বুলি চিনাক্ত কৰিব নোৱাৰে৷ সেয়াই নহয়, কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণে ১৯৮৭ চনৰ নাগৰিকত্ব (সংশোধনী) আইনৰ ৩(১)নং ধাৰাৰ অধীনত এজন বিদেশীক ভাৰতীয় বুলি দিয়া ৰায়ক লৈও প্রতিক্রিয়া সৃষ্টি হৈছে৷ উক্ত ধাৰা অনুসৰি ১৯৮৭ চনৰ ১ জুলাইৰ পূর্বে ভাৰতত জন্মগ্রহণ কৰা প্রতিজনেই ভাৰতীয় বুলি ধৰা হয়৷ যদি তেওঁৰ পিতৃ বা মাতৃ বিদেশী হয়, তেন্তে জন্ম হোৱা সেই সন্তানটি ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিয়া হয়৷
কিন্তু অসমৰ ক্ষেত্রত এই ধাৰা এতিয়াও প্রযোজ্য হোৱা নাই৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মার্চৰ পূর্বে যিসকল অসমত আছে, সেইসকলহে ভাৰতীয়৷ কিন্তু বিদেশী ন্যায়াধিকৰণৰ সদস্যগৰাকীয়ে এন আৰ চি আৰু নাগৰিকত্ব আইনৰ বিতর্কিত ধাৰাৰ অধীনত শেহতীয়াকৈ দিয়া ৰায়ে সমগ্র ন্যায় প্রক্রিয়াতে তুমুল বিতর্কৰ সৃষ্টি কৰাই নহয়, বিষয়টোক লৈ দিছপুৰতো যথেষ্ট আলোচনাৰ সৃষ্টি হৈছে৷ এইবুলিও চর্চা চলিছে যে কৰিমগঞ্জ বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ৰ পাছত আন বিদেশী ন্যায়াধিকৰণে একেধৰণে ৰায় দিলে বিদেশী চিনাক্তকৰণৰ সমগ্র প্রক্রিয়াত জটিলতাৰ সৃষ্টি হ’ব৷ এন আৰ চিক মহাপঞ্জীয়কে এতিয়াও মান্যতা নিদিয়াৰ পাছতো কিহৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণৰ সদস্যই ইয়াক চূড়ান্ত বুলি ঘোষণা কৰিলে, সেই বিষয়টোক লৈ এতিয়া সমগ্র ৰাজ্যতে চলিছে তীব্র চর্চা৷