নির্বাচন আয়োগৰ সংবাদ মেলৰ পূর্বে ১৭৭ কনিষ্ঠ অভিযন্তাক সহকাৰী অভিযন্তালৈ পদোন্নতি
পঞ্চায়ত–গ্রামোন্নয় পদোন্নতিৰ আন এক ক’লা অধ্যায়
নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ মন্ত্রী নৱ দলে নেতৃত্বাধীন পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ এটাৰ পাছত আন এটা ক’লা অধ্যায় ধাৰাবাহিকভাৱে পোহৰলৈ আহি আছে৷ নির্বাচনী অধিসূচনা প্রকাশ হোৱাৰ দিনাই নীতি বহির্ভূতভাৱে বিভাগটোৰ ১৯২গৰাকী সহকাৰী অভিযন্তাক পদোন্নতি দিয়া হৈছিল সহকাৰী কার্যবাহী অভিযন্তা পদলৈ৷ আজি ‘নিয়মীয়া বার্তা’ত বিভাগটোৰ অনিয়ম সন্দর্ভত সবিশেষ বাতৰি প্রকাশ পাইছে৷ কিন্তু কেৱল সহকাৰী অভিযন্তাই নহয়, আন ১৭৭গৰাকী কনিষ্ঠ অভিযম্তাৰ ক্ষেত্রতো একেই পথ লোৱা হৈছিল৷ প্রাপ্ত তথ্য অনুসৰি বিগত ২৬ ফেব্রুৱাৰীত নির্বাচন আয়োগে নতুন দিল্লীত সংবাদ মেল সম্বোধন কৰাৰ খন্তেক সময় আগতে ১৭৭গৰাকী কনিষ্ঠ অভিযন্তাক সকলো নীতি–নিয়ম চেৰাই গৈ সহকাৰী অভিযন্তা পদলৈ পদোন্নতি দিয়া হৈছিল৷ বিভাগটোৰ প্রধান সচিব জে বি এক্কাৰ দ্বাৰা স্বাক্ষৰিত পি আৰ ডি–১২/১৬/২০২০–পি আৰ ডি (বি)/১৪৭নং নির্দেশটোৰ জৰিয়তে কনিষ্ঠ অভিযন্তাসকলক পদোন্নতি দিয়াৰ লগতে তেওঁলোকৰ গ্রেড পে’ ১২,৭০০ টকাকৈ বৃদ্ধি কৰা হয়৷ কিন্তু এই পদোন্নতি প্রক্রিয়া আছিল সম্পূর্ণ অনৈতিক৷ কিয়নো ডিপ্ল’মাধাৰী কনিষ্ঠ অভিযন্তাসকলে নিয়ম অনুসৰি পে’ বেণ্ড ২ৰ পৰা পে’ বেণ্ড ৩লৈ প্রথমতে পদোন্নতি পাব লাগে৷
তাত দুবছৰ কাম কৰাৰ পাছত পে’ বেণ্ড ৪ লাভ কৰিব পাৰে৷ কিন্তু নির্বাচনী অধিসূচনা জাৰি হোৱাৰ ঠিক আগে আগে ৮,৭০০ টকা গ্রেড পে’ত চাকৰি কৰি থকা কনিষ্ঠ অভিযন্তাসকলক পোনে পোনে ১২,৭০০ টকাৰ গ্রেড পে’ পদলৈ পদোন্নতি দিয়া হ’ল৷ কেৱল কনিষ্ঠ অভিযন্তাৰ ক্ষেত্রতে নহয়, আন বহু পদৰ ক্ষেত্রতো নাভূত–নাশ্রুত পদ্ধতিৰে পদোন্নতি দিয়া হৈছে৷ ৰাজ্যখনৰ প্রায় এশটা উন্নয়ন খণ্ডত এনে কিছুসংখ্যক লোকক ভাৰপ্রাপ্ত বি ডি অ’ৰ দায়িত্ব দিয়া হৈছে, যিসকল কেইদিনমানৰ আগলৈ আছিল গাঁও পঞ্চায়তৰ সচিব৷ মন্ত্রী নৱ দলেৰ পৃষ্ঠপোষকতাতে দুমাহ পূর্বে এইসকল পঞ্চায়ত সচিবক সহকাৰী বি ডি অ’ পদলৈ পদোন্নতি দিয়া হৈছিল৷ অথচ তেওঁলোকে চাকৰিত যোগদান কৰাৰ দুবছৰো সম্পূর্ণ হোৱা নাই৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত পূর্বৰে পৰা কর্মৰত হৈ থকা বহু জ্যেষ্ঠ বিষয়াক বঞ্চিত কৰি পঞ্চায়ত সচিবক ভাৰপ্রাপ্ত বি ডি অ’ৰ দায়িত্ব দিয়া ঘটনাই প্রমাণ কৰে যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ আচলতে কেনেদৰে চলি আছে৷ একেই অনিয়মৰ পুনৰাবৃত্তি কৰি অধিসূচনা জাৰি হোৱাৰ ঠিক আগে আগে কনিষ্ঠ আৰু সহকাৰী অভিযন্তাসকলকো পদোন্নতি দিয়া হ’ল৷ এই বৃহৎসংখ্যক পদোন্নতিৰ বিনিময়ত কেইবাকোটি টকাৰ লেনদেন হোৱাৰো অভিযোগ উত্থাপন হৈছে৷
ইপিনে নির্বাচনী অধিসূচনা বলৱৎ হোৱাৰ পূর্বে ২১৯টা উন্নয়ন খণ্ডত হর্ডিং লগোৱাৰ নামতো বৃহৎ পৰিমাণৰ ধন শৰাধ কৰা হ’ল৷ যোৱা ২৬ ফেব্রুৱাৰীত ৰাজ্যত নির্বাচনী অধিসূচনা বলৱৎ কৰা হয়৷ তাৰ পূর্বে ১৮ ফেব্রুৱাৰীত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে অসমৰ ২১৯টা উন্নয়ন খণ্ডৰ প্রতিটোতে দুখনকৈ হর্ডিং লগোৱাৰো নির্দেশ প্রদান কৰা হয়৷ একোখন হর্ডিঙৰ নামত ৪৮,৫০০ টকাকৈ এই কামত ২.১২ কোটি টকা ব্যয় কৰা হ’ল৷ অথচ এসপ্তাহ নৌহওঁতেই আটাইবোৰ হর্ডিং আঁতৰাই পেলাবলগীয়া হ’ল৷ কেৱল কমিছনৰ অংকত এই হর্ডিং লগোৱাৰ নির্দেশ দিয়া হৈছিল বুলিও বিভাগটোৰ ভিতৰচ’ৰাৰ পৰাই অভিযোগ উত্থাপন হৈছে৷ সমগ্র কেলেংকাৰিৰ আঁৰত লখিমপুৰৰ উপায়ুক্তগৰাকীৰ বিশেষ ভূমিকা থকা বুলিও ব্যাপক চর্চা চলিছে৷