ৰঙাচাহী মিচিং ভাওনা শিল্পীদলৰ ভাওনাই মুহিলে দৰ্শকক
চামগুৰি সত্ৰৰ পৰা প্ৰাঞ্জল খাউণ্ড, ২১ মাৰ্চ : মাজুলীৰ একাংশ সহজ সৰল মিচিং ৰাইজক যিসময়ত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকে নানা প্ৰলোভন, কৌশলেৰে ধৰ্মান্তৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সেইসময়তে অন্য একাংশ মিচিং ৰাইজে শংকৰী ধৰ্ম সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰত অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে। শংকৰী সংস্কৃতিৰ সাধক তেনে এখন গাওঁ ৰঙাচাহী মিচিং গাওঁ। যিখন গাঁৱৰ শিল্পীসকলৰ ভাওনা অভিনয়ে এতিয়া ভক্ত দৰ্শকৰ ভূয়সী প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে। জিলাখনৰ শ্রীশ্রীচামগুৰি সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত শ্রীশ্রীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ দ্বিতীয় দিনা সন্ধ্যা ৰঙাচাহী মিচিং ভাওনা কৃষ্টি দলৰ ” মৎস্য অবতাৰ, চাৰিবেদ উদ্ধাৰ” নামৰ ভাওনাখনিত শিল্পীসকলৰ নিখুত অভিনয়ে সমবেত দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয়। হাজাৰ হাজাৰ দৰ্শক সমবেত হোৱা মুকলি মঞ্চত শিল্পীসকলৰ মনোগ্ৰাহী অভিনয়ে নিজাল-নিতাল পৰিবেশ সৃষ্টি কৰে। অভিনয়ৰ লগতে গীত-মাত আৰু বাদযন্ত্ৰীসকলৰ পৰিবেশন কলাই সকলোকে মন্ত্রমুগ্ধ কৰে। দৰ্শকৰ জাউৰীয়ে জাউৰীয়ে হাত চাপৰিৰ মাজত সমাপ্ত হৈছিল ইটোৰ পিছত অন্যটো দৃশ্য। প্ৰতিগৰাকী শিল্পীকেই দৰ্শকসকলে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰিছিল। ভাওনাখনিত অভিনয় কৰা শিল্পীসকল আছিল কৃষ্ণ-অমৃত পায়েং,ব্ৰহ্মা-ব্ৰজেন মিলি, ৰূদ্ৰ- ৰাজেন নৰহ, মহাকাল- অভিজিত পায়েং, নাৰদ-প্ৰাঞ্জল, লক্ষ্মী-অজিত নৰহ, হয়দৈত্য-পাপা চিন্তে, সৰস্বতী-বিমান মিলি, ইন্দ্ৰ-বিকেশ্বৰ পায়েং, অগ্নী-পবিত্ৰ পায়েং, যম-মানে নৰহ, ভূজংগ-অমৃত চিন্তে, ত্ৰিভূজা-মহেন্দ্ৰ পায়েং , ব্ৰজা-শংকৰদেব নৰহ, সত্যবত-পাপু পায়েং , মন্ত্ৰী-মহেশ্বৰ পায়েং, মায়া-অজিত নৰহ, হয়গ্ৰীব-ডিনেচ চিন্তে, তিকিৰা-বিজয় নৰহ, পুলষ্কৰ-গোপাল চিন্তে, অংকিৰা-জিতুল পগাগ ,আৰু ভাওনাখনি পৰিচালনা কৰে প্ৰনবে । ভাওনাখনি উদ্বোধন কৰে মাজুলী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি, সমাজকৰ্মী প্ৰমোদ বৰাই । ইফালে তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰ অন্তত কালি সন্ধ্যা নাম-প্ৰসংগৰে চামগুৰি সত্ৰৰ দৌলযাত্ৰা মহোৎসৱৰ সামৰণি পৰে । তিনিওদিনৰ কাৰ্যসূচীত সহায়-সহযোগিতাৰ বাবে উদযাপন সমিতিৰ সভাপতি ব্ৰজেন গোস্বামী আৰু সম্পাদক বিপুল বৰদলৈয়ে ৰাইজক কৃতঞ্জতা ঞ্জাপন কৰিছে ।