নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ যোৱা চন্দন বাইহাটা চাৰিআলিৰ প্ৰথমজন ক’ভিড-১৯ পজিটিভ

নিয়মীয়া বাৰ্তা ১৯ মেঃ অসমৰ পৰা সংস্থাপনৰ বাবে সুদূৰৰ হাৰিয়ানালৈ গৈ থিতাপি লোৱা কামৰূপ জিলাৰ বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাৰ সাঁজেই-দগাঁৱৰ এজন অসমীয়া শ্ৰমজীৱী যুৱক নিজগৃহলৈ অহাৰ পথত যুৱকজন বিশ্বত্ৰাস ক’ৰোনা ভাইৰছত আক্ৰান্ত হোৱাটো ধৰা পৰিছে । জিলাখনৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত সাজে-দগাঁৱৰ প্ৰবীন ডেকাৰ প্ৰায় ২৫ বছৰ বয়সীয়া পুত্ৰ চন্দন ডেকা নামৰ এই যুৱকজনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ লগে লগে তেওঁ বাইহাটা চাৰিআলি তথা এই স্বাস্থ্য কেন্দ্ৰ এলেকাৰ প্ৰথম গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী হিচাপে চিহ্নিত হৈ পৰে ।
এই সন্দৰ্ভত প্ৰাপ্ত খবৰ অনুসৰি এটি অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনে প্ৰায় ১৫ বছৰ বয়সতে দৰিদ্ৰতাৰ বাবে হাৰিয়ানালৈ গৈ তাত ভূতনাথ ভৱনত শ্ৰমিক হিচাপে কাম কৰিছিল । লকডাউনৰ ফলত কৰ্মহীন হৈ চন্দনে বাছৰ জৰিয়তে অসমলৈ আহি তিনিদিন পূৰ্বে গুৱাহাটীত আহি উপস্থিত হোৱাত তেওঁক এখন হোটেলত কোৱাৰেণ্টাইন কৰি ৰখা হয় । ইয়াত শ্বোৱাব সংগ্ৰহ কৰি কৰা পৰীক্ষাৰ অন্তত যুৱকজনৰ দেহত ক’ভিড-১৯ পজিটিভ হিচাপে ধৰা পৰে । ইয়াৰ পৰা লগে লগে তেওঁক মহেন্দ্ৰ মোহন চিকিৎসালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় । প্ৰতিবেশী লোকে জনোৱা মতে পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান এই যুৱকজনে প্ৰবীন ডেকাৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীও ।এনেকাৰণত প্ৰতিবেশী একাংশই এই বিপদৰ সময়ত পৰিয়ালটোক কিছু হ’লেও আৰ্থিকভাৱে সকাহ দিবলৈ প্ৰশাসন আৰু স্থানীয় বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতি আহ্বান জনাইছে ।

You might also like