নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ ৰাজ্যখনৰ কলা–সংস্কৃতিৰ জগতখনত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰি জীৱন নাট সামৰিলে বিহু বিশেষজ্ঞ, লোক–সংস্কৃতিৰ সাধক জয়কান্ত গন্ধীয়াই৷ ক’ভিডত আক্রান্ত হৈ অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে তেওঁৰ দেহাৱসান ঘটে৷ আজি পুৱা প্রায় ১১.২০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত এইগৰাকী বিশিষ্ট কলা সাধকৰ বয়স আছিল ৭৮ বছৰ৷ ইয়াৰ লগে লগে বিহুক বিশ্ব দৰবৰত প্রতিষ্ঠা কৰাৰ বাবে একনিষ্ঠভাৱে চলাই অহা এক প্রচেষ্টাৰ অন্ত পৰিল৷ বিশেষকৈ অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ বিহুৰ পৰম্পৰা নষ্ট নোহোৱাকৈ আৰু বিকৃত নকৰাকৈ নৱপ্রজন্মৰ মাজত ধৰি ৰখাৰ বাবে গন্ধীয়াই চলাই আহিছিল বিশেষ পদক্ষেপ৷ বিভিন্ন স্থানত কর্মশালা অনুষ্ঠিত কৰাকে ধৰি বিভিন্ন কার্যসূচীৰ জৰিয়তে বিহুৰ ঐতিহ্য আৰু পৰম্পৰা তেওঁ আগুৱাই লৈ গৈছিল৷
উল্লেখ্য যে যোৰহাটৰ কৰঙা গাঁৱত বলোৰাম গন্ধীয়াৰ ঔৰসত আৰু ভলেশ্বৰী গন্ধীয়াৰ গর্ভত জন্মলাভ কৰিছিল জয়কান্ত গন্ধীয়াই৷ সৰুৰে পৰাই লোক–সংস্কৃতিৰ প্রতি বিশেষ টান থকা এইগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্রখনত নিজৰ অঞ্চলটোক দেখুৱাই গৈছিল পথ৷ ৬০ৰ দশকত দুলাল বৰুৱাৰ সহযোগত স্থানীয় এটা বিহুৰ দল নি দিল্লীত তেওঁ প্রদর্শন কৰাইছিল বিহু৷ কেৱল সংস্কৃতিৰ ক্ষেত্রখনতেই নহয়, জয়কান্ত গন্ধীয়াই নিজৰ জন্মস্থানক শৈক্ষিক ক্ষেত্রখনত আগবঢ়াই নিয়াৰ বাবেই গ্রহণ কৰিছিল বিশেষ পদক্ষেপ৷ স্বাধীনতা সংগ্রামী মুহীধৰ গগৈ আৰু উপেন বুঢ়াগোহাঁইৰ লগ লাগি তেওঁ স্থাপন কৰিছিল জননেতা ৰোহিণীকান্ত হাতীবৰুৱা পুস্তকালয়৷ তেওঁৰ জ্যেষ্ঠ ভাতৃ তিপেশ্বৰ গন্ধীয়াৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ বর্তমান জীৱিত তেওঁৰ ভগ্ণী ফাগুনী গন্ধীয়াই জ্যেষ্ঠ ভাতৃৰ বিয়োগত শোকবিহ্বল হৈ সোঁৱৰে তেওঁৰ সৈতে কটোৱা মধুৰ স্মৃতি৷ ফাগুনী গন্ধীয়াই শৈশৱৰ স্মৃতি সুঁৱৰি কয় যে তেওঁলোকক বাট দেখুৱাবলৈ আৰু কোনো নোহোৱা হ’ল৷ গাঁওখনৰ আন বহুকেইগৰাকী ব্যক্তিয়েও জয়কান্ত গন্ধীয়াৰ সৈতে কটোৱা সময় আৰু কৰা কামৰ কথা সুঁৱৰি শোক প্রকাশ কৰে৷ অঞ্চলটোৰ যুৱক পৰাগ হাতীবৰুৱাই কয় যে জয়কান্ত গন্ধীয়াই সংস্কৃতিৰ লগতে সাহিত্য চর্চাৰ লগতো নতুন চামক আগ্রহী কৰি তুলিছিল৷ কৰঙা শাখা সাহিত্য সভাৰ প্রাক্তন সম্পাদক ৰাজু দত্তই কয় যে গন্ধীয়াৰ বিয়োগে ৰাজ্যখনে হেৰুৱালে এক অমূল্য প্রতিভা৷ কৰঙা শাখা সাহিত্য সভাৰ দ্বিতীয়গৰাকী সম্পাদক জয়কান্ত গন্ধীয়াই পৰৱর্তী সময়ত শিক্ষকতা আৰম্ভ কৰে আৰু তেওঁ ডিগবৈত বাস কৰে৷ বিগত বর্ষত গাঁৱলৈ আহি জয়কান্ত গন্ধীয়াই এইবাৰ চ’ত বিহু উদ্যাপন কৰাৰ কথা আছিল বুলি প্রকাশ কৰে স্থানীয় ব্যক্তি প্রমোদ বৰাই৷ ইতিমধ্যে চ’ত বিহু উদ্যাপনৰ প্রস্তুতি স্থানীয় অঞ্চলটোত আৰম্ভ কৰা হৈছিল৷ কিন্তু বিশিষ্ট লোক–সংস্কৃতিৰ সাধকগৰাকীৰ বিয়োগত চ’ত বিহু পাতিবলৈ গৈ সমস্যাৰ সন্মুখীন হ’ব বুলিও সদৰী কৰিছে স্থানীয় লোকসকলে৷ কিয়নো লুপ্তপ্রায় চ’ত বিহুৰ বিষয়ে ভালদৰে জানিছিল বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়াই৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ২৭ নৱেম্বৰত তেওঁ ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ ইয়াৰ পাছতে তেওঁক অসম মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হয়৷ প্রাথমিক অৱস্থাত শ্বাস–প্রশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হোৱা জয়কান্ত গন্ধীয়াৰ পৰৱর্তী সময়ত স্বাস্থ্যৰ অৱনতি ঘটে৷ তেওঁৰ শৰীৰৰ কেইবাটাও অংগ বিকল হৈ পৰে৷ তেওঁক সুস্থ কৰি তুলিবলৈ চিকিৎসকে আপ্রাণ চেষ্টা চলায় যদিও আজি পুৱা তেওঁৰ দেহাৱসান ঘটে৷ তেওঁৰ মৃত্যুৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷ হাস্পতালৰ লগতে বাসগৃহতো এইগৰাকী কলা–সংস্কৃতিৰ সাধকলৈ বহুসংখ্যক গুণমুগ্ধই শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ডিগবৈৰ প্রিয়দাস তালুকদাৰ সাহিত্য ভৱনলৈ অনা হয় তেওঁৰ নশ্বৰ দেহ৷ ইয়াতো গুণমুগ্ধসকলে গন্ধীয়াৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণেৰে শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইপিনে গন্ধীয়াৰ বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এক শোকবার্তাত মুখ্যমন্ত্রী সোণোৱালে কয় যে জয়কান্ত গন্ধীয়াই অসমৰ সাহিত্য আৰু লোক–সংস্কৃতিৰ জগতলৈ আগবঢ়াই যোৱা বৰঙণি সকলোৱে শ্রদ্ধা সহকাৰে স্মৰণ কৰিব৷ অসমীয়া ভাষা–সংস্কৃতিৰ এগৰাকী একনিষ্ঠ সেৱক হিচাপে তেওঁ কেইবাখনো গ্রন্থৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ অসাধাৰণ সৃজনীশীল এইগৰাকী প্রতিভাৱান ব্যক্তিৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্রী সোণোৱালে প্রকাশ কৰে৷ তেওঁৰ মৃত্যুত শোক প্রকাশ কৰিছে ডিব্রুগড় সাহিত্য সভাৰ সভাপতি ড০ শশীকান্ত শইকীয়া, ভাৰপ্রাপ্ত সম্পাদক ৰাতুল বুঢ়াগোহাঁই, সাহিত্য সভাৰ ডিব্রুগড় আঞ্চলিক কার্যালয়, বৃহত্তৰ ডিব্রুগড় প্রেছ ক্লাবৰ লগতে বহুকেইটা দল–সংগঠনে৷ উল্লেখ্য যে প্রয়াত গন্ধীয়াই ৮খন গল্প পুথি, ৩১খন উপন্যাস, ১৩খন গল্প সংকলন, ২খন শিশু গ্রন্থ, ৭খন সম্পাদিত গ্রন্থ আৰু এখন পাঠ্যপুথিকে ধৰি মুঠ ৬২খন গ্রন্থৰে অসমীয়া সাহিত্য জগতক চহকী কৰি থৈ গৈছে৷
বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনীৰ শোক
বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জন বৰা আৰু সাধাৰণ সম্পাদক প্রিন্স ফাইজুল হকে অসমৰ বিশিষ্ট বিহু বিশেষজ্ঞ তথা গৱেষক পণ্ডিত জয়কান্ত গন্ধীয়াৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰে৷ সমিতিৰ এক বিবৃতিত গন্ধীয়াৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে৷
জয়কান্ত গন্ধীয়াৰ পৰলোকপ্রাপ্তিত অসম সাহিত্য সভাৰ শোক প্রকাশ
বার্তা ব্যুৰ’, তেজপুৰ ঃ জয়কান্ত গন্ধীয়াৰ পৰলোকপ্রাপ্তিত অসম সাহিত্য সভাই গভীৰ শোক প্রকাশ কৰিছে৷ অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আৰু প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই কাকতলৈ প্রেৰণ কৰা শোকবার্তাত ওৰেটো জীৱন অসমৰ লোক–সংগীতৰ ওপৰত গৱেষণালব্ধভাৱে চর্চা অব্যাহত ৰখাৰ সমান্তৰালভাৱে বিহুৰ স্বকীয়তা আৰু ঐতিহ্যৰ বিষয়েও নিষ্ঠা সহকাৰে গৱেষণা কৰি বহুকেইখন মূল্যৱান গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ অনবদ্য বৰঙণি আগবঢ়াই যোৱা জয়কান্ত গন্ধীয়াৰ দৰে ব্যক্তিৰ বিয়োগ অসমৰ লোক–সংগীত ক্ষেত্রখনৰ লগতে সাহিত্যৰ ক্ষেত্রখনৰো এক অপূৰণীয় ক্ষতি বুলি ডল্লেখ কৰি বিদেহ আত্মাৰ সদ্গতি কামনাৰে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ দীর্ঘকাল বিহু সুৰক্ষা সমিতিৰ সভাপতিৰ আসন অলংকৃত কৰা জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি, অসমৰ ডপদেষ্টা নৰহৰি চুতীয়াই গভীৰ শোক প্রকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ লোকশ্রী সন্মান লাভ কৰোঁতা আৰু সাহিত্যিক পেন্সনাৰগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে পৰিয়াললৈ সমবেদনা জনায় ডপদেষ্টাগৰাকীয়ে৷ তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি–সম্পাদক বংকিম শর্মা, জিতুমণি দেৱচৌধুৰী, তেজপুৰ সাহিত্য সভাৰ সভাপতি–সম্পাদক ড০ ভূপেন শইকীয়া, দেৱব্রত শর্মা, সাংসৃকতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচার্য, শোণিতপুৰ শিল্পী সমাজৰ সভাপতি বীৰেন্দ্র কুমাৰ বৰা, জ্যোতি কলা কেন্দ্র সংগীত মহাবিদ্যালয়ৰ পৰিচালনা আৰু ডন্নয়ন সমিতিৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা, অধ্যক্ষ লিখন শর্মা, শোণিতপুৰ জিলা সাংসৃকতিক ডন্নয়ন বিষয়া জিতেন কুমাৰ দাস, শোণিতপুৰ প্রেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জার্নেলিষ্ট ইডনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়া আদিয়ে গভীৰ শোক প্রকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷
ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ শোক প্রকাশ
জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতিৰ ধেমাজি জিলা সমিতিয়ে গভীৰ শোক প্রকাশ কৰে৷ এক শোকবার্তাত জিলা সমিতিৰ সভাপতি বুদ্ধেশ্বৰ কোঁৱৰ আৰু সম্পাদক শৈল্য বুঢ়াগোহঁায়ে কয় যে জয়কান্ত গন্ধীয়াৰ মৃত্যুত অসমৰ লোক–সংস্কৃতিৰ পথাৰখনৰ অপূৰণীয় ক্ষতি হ’ল৷ অসমৰ বর্ণাঢ়্য জাতি–জনগোষ্ঠীৰ বর্ণময় সাংস্কৃতিক ঐতিহ্যক নজহা–নপমাকৈ জীয়াই ৰখাৰ সাংস্কৃতিক সংগ্রামত গন্ধীয়াই ওৰেটো জীৱন ব্রতী হৈ আহিছিল৷ এইগৰকী নমস্য ব্যক্তিক বিহু সুৰক্ষা সমিতি, অসমে সমিতিৰ সর্বোচ্চ সন্মান লোকশ্রী সন্মানেৰে বিভূষিত কৰিছিল৷ গন্ধীয়াৰ অবর্তমানত বিহু সুৰক্ষা সমিতি, অসম আজি অভিভাৱকহীন হ’ল বুলি উল্লেখ কৰে বিভিন্নজনে৷
তিনিচুকীয়া জিলা সাহিত্য সভাৰ শোক
তিনিচুকীয়া জিলা সাহিত্য সভাৰ দুটাকৈ কার্যকালৰ সভাপতি, বিশিষ্ট সাহিত্যিক, বিহু বিশেষজ্ঞ, লোক–সংস্কৃতিৰ গৱেষক, ডিগবৈ নিৱাসী তথা তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চৰ অন্যতম প্রতিষ্ঠাপক আৰু মার্গদর্শক জয়কান্ত গন্ধীয়াৰ (৭৮) আজি বিয়োগ ঘটাৰ বাতৰিয়ে শোকাকুল কৰি তুলিছে ডিগবৈৰ লগতে ডুমডুমা অঞ্চলতো৷ তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অর্জুন বৰুৱাই কয় যে জয়ন্ত গন্ধীয়াৰ মৃত্যু অসমৰ সাহিত্য ক্ষেত্রখনৰ বাবে অপূৰণীয় ক্ষতি৷ জিলা সাহিত্য সভাই গন্ধীয়াৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে৷ প্রয়াত গন্ধীয়াৰ প্রতি সন্মান প্রদর্শন কৰি জিলা সাহিত্য সভা আৰু জিলা সাহিত্য সভাৰ অন্তর্গত প্রতিটো শাখাই নিজ নিজ কার্যালয় চৌহদত অসম সাহিত্য সভাৰ পতাকা আজিৰ দিনটোৰ বাবে অর্ধনমিত কৰি ৰাখে৷ গন্ধীয়াৰ মৃত্যুত ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতি বিমলা বৰুৱা, সম্পাদক দেৱেন ডেকা, ডুমডুমা প্রেছ ক্লাব, ডুমডুমা শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মীনা দেৱী বৰুৱা, সম্পাদিকা মীৰা শইকীয়া, তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চৰ সভাপতি অতুল চন্দ্র শর্মা, কার্যকৰী সভাপতি সুনীল গোহঁাই, উপ–সভাপতি ননী বৰদলৈ, সম্পাদক শৰৎ চন্দ্র চিৰিংফুকন, ডুমডুমা আঞ্চলিক ছাত্র সন্থা আদিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷