নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত বিহুক শুদ্ধ ৰূপত জীয়াই ৰখাৰ প্ৰচেষ্টা

 বিশেষ বাৰ্তা তেজপুৰ, ২১ মাৰ্চঃ পদূলিমুখত অসমীয়াৰ হেঁপাহৰ বহাগ বিহু। ৰাজ্যৰ প্রান্তে প্রান্তে চলিছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। এতিয়া ঢোল-পেপাৰ মাতত ৰজনজনাই উঠিছে চৌদিশ। ইয়াৰ ব্যতিক্ৰম নহয় সংস্কৃতিনগৰী তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি মেকনচুবুৰী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মেকন চুবুৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নটসূৰ্য্য শিল্পী সমাজৰ সহযোগত আয়োজিত কৰ্মশালা কালি বিয়লি নাৰিকল ভাঙি শুভাৰম্ভ কৰে সংগঠনটোৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। ভাষন প্ৰসংগত সভাপতি গৰাকীয়ে কয়- তাহানিতে বিহু পথাৰত, বাকৰিত নাচিছিল।
সময়ৰ সোঁতত আহি বিহু মঞ্চ পালেহি আৰু এতিয়া কৰ্মশালাৰ প্ৰয়োজনীয়তা আহি পৰিছে। বিহুৰ নৃত্য শৈলী পৃথক হলেও বিহুৰ ঐতিহ্য একেই আছে। বিহুৰ কৰ্মশলাৰ জৰিয়তে এক পৰিবেশ সৃষ্টিৰ লগতে সমন্বয়ৰ ভেটিও সুদৃঢ় কৰে বুলি কয়। জিলাখনৰ অন্যতম বিহুৱা দল নটসূৰ্য্য শিল্পী সমাজৰ সভাপতি দিব্যজ্যোতি মহন্তই বিহু কৰ্মশালাৰ সন্দৰ্ভত বিস্তৃত ভাবে দাঙি ধৰি বিহু আঠটা মুদ্ৰাৰে আৰম্ভ কৰি আঠটা মুদ্ৰাত বিহু নৃত্য সামৰিব বুলি কয়। তেজপুৰ জিলা সমিতিৰ সম্পাদক নৃপেন নাথে আত ধৰা অনুষ্ঠানত সংগঠনটোৰ বিষয়ববীয়াৰ লগতে বিহগুৰৰ বিশিষ্ট ব্যক্তি সকলেও অংশ গ্ৰহন কৰে। এইকৰ্মশালাত শতাধিক কিশোৰ-কিশোৰীয়ে বিহুনাচৰ লগতে ঢোলবাদ্যৰ প্ৰশিক্ষণত অংশ লোৱাৰ বিপৰীতে  বিহুক শুদ্ধ ৰূপত জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত।
You might also like