নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গগনা শাখা সাহিত‍্য সভা আৰু গগনা মুম্বাইৰ আন্তৰ্জাতিক বিষ্ণু ৰাভা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৩ জুন : অসম সাহিত্য সভাৰ “গগনা” শাখা আৰু “গগনা মুম্বাই”ৰ উদ্যোগত Google Meet ৰ যোগেদি বিপ্লৱী শিল্পী বিষ্ণু ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰা হয়।

অনলাইন সভাখনত উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু অসমৰ লোক-সংগীত তথা গণ-সংস্কৃতিৰ স্বনামধন্য শিল্পী লোকনাথ গোস্বামীৰ প্ৰমুখ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধিসকলে ।

অনুষ্ঠানটি পৰিচালনা কৰে “গগনা মুম্বাই” আৰু অসম সাহিত্য সভা, গগনা শাখাৰ সম্পাদক নয়ন জ্যোতি ভূঞাই । সভাৰ আৰম্ভণিতে ভাৰতৰ বিভিন্ন ঠাইৰ তথা বিশ্বৰ ভিন্ন প্ৰান্তৰ অসমীয়া সমাজৰ পৰা যোগদান কৰা প্ৰতিনিধি সকলক আদৰণি জনায় সম্পাদক গৰাকীয়ে ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ‘গগনা’ৰ বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী আৰু প্ৰবাসী অসমীয়াৰ উপস্থিতিত সন্তুষ্টি প্ৰকাশ কৰি সভাত উপস্থিত থকা সকলোকে উষ্ণ অভিনন্দন জ্ঞাপন কৰে।

সভাপতিগৰাকীয়ে কয়- মহামাৰীৰ এনে এক সংকট সময়ত অসম সাহিত্য সভা গগনা শাখা আৰু গগনা মুম্বাইৰ এনে এক সাংস্কৃতিক কাৰ্যসূচীয়ে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। বিশেষকৈ, শিশু শিল্পীসকলৰ গীত-মাতৰ অনুষ্ঠান সমূহে বিপ্লৱী শিল্পী গৰাকীৰ জনপ্ৰিয়তাক অসমীয়া সমাজৰ মাজত চিৰ ভাস্বৰ কৰি ৰাখিব। তেখেতে পুনৰ কয় যে বিষ্ণু ৰাভা কেৱল এজন শিল্পী নহয়, বিষ্ণু ৰাভা অসমীয়াৰ এটি জাগ্ৰত সত্বা। অসমীয়া জাতিৰ অস্তিত্ব থাকে মানে বিষ্ণু ৰাভাও জীয়াই থাকিব। অসম সাহিত্য সভা গগনা শাখা আৰু গগনা মুম্বাইয়ে যিদৰে বিষ্ণু ৰাভাক নতুন প্ৰজন্মৰ আগত তুলি ধৰিব খুজিছে, সেয়া এক প্ৰশংসনীয় পদক্ষেপ বুলিও সভাপতি কুলধৰ শইকীয়াৰ মন্তব্যত প্ৰকাশ পাইছে ।

আনহাতে চিৰসেউজ অভিনেতা নিপন গোস্বামীয়ে গগনাৰ সকলো কৰ্মকৰ্তাক উষ্ণ অভিনন্দন জনাই বিষ্ণু ৰাভাৰ সতে হোৱা তেখেতৰ ব্যক্তিগত সান্নিধ্য আৰু বহু স্মৃতি বিজড়িত ঘটনা স্মৰণ কৰে । বিশিষ্ট অভিনেতা গৰাকীয়ে তেখেতৰ শৈশৱৰ বহু অভিজ্ঞতা অতি উৎসাহেৰে ব্যক্ত কৰি তেওঁ কয়- বিষ্ণু ৰাভা আছিল এজন প্ৰকৃত জনগণৰ শিল্পী, যি এখন সুস্থ- সুন্দৰ সমাজৰ বাবে কেৱল বিপ্লৱ কৰাই নহয়, হাতত তুলি লৈছিল কলা- সংস্কৃতিৰ সকলো দিশ । লগতে সেইসময়ৰ সমাজ ব‍্যৱস্হাৰ সন্দৰ্ভত ৰাভাৰ এটি উল্লেখ‍্যনীয় মন্তব্য দাঙি ধৰি কয়- “ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা; ৰাজ্যেৰ যদি মঙ্গল চাও, দুইটি পাঠাই বলি দাও।” পুনৰ অভিনেতা গৰাকীয়ে আক্ষেপেৰে কয় – সৰ্বসাধাৰণ বাবে বুকুৰ কুটুম এনে এগৰাকী মহান ব্যক্তিক সমাজৰ এচাম দুষ্টচক্ৰই বুজিব নোৱাৰিলে, স্বাধীন ভাৰতৰ ৰাজপথত এই মহান শিল্পী গৰাকীক শিকলিৰে বান্ধি চুচৰাই নিয়া হল । কিন্তু, অসমীয়া জন -মানসৰ পৰা বিষ্ণু ৰাভাক কেতিয়াও কোনোকালে আঁতৰাব নোৱাৰে। ইফালে গণ শিল্পী তথা স্বনামধন্য লোকনাথ গোস্বামীয়েও বিষ্ণু ৰাভাৰ বিপ্লৱী সত্বাক ৰোমন্থন কৰি অসমৰ বাবে এনে এজন শিল্পীৰ স্থান সকলোৰে উৰ্দ্ধত বুলি উল্লেখ কৰে। লোকনাথ গোস্বামীয়ে তেখেতৰ গীতত অনুৰণন হোৱা সাধাৰণ মানুহৰ সুখ-দুখৰ কথা বিশেষভাৱে উল্লেখ কৰে । তেজপুৰত বিষ্ণু ৰাভাৰ সৈতে হোৱা তেখেতৰ সান্নিধ্যৰ কথাও উল্লেখ কৰা লগতে গণ-শিল্পী লোকনাথ গোস্বামীয়ে কেইবাটিও বিষ্ণু ৰাভাৰ গীত পৰিবেশন কৰে ।

আনহাতে মুম্বাইৰ শিশু শিল্পী এডনিট চৌধুৰী, অনুশ্ৰেয়া ভূঞা, ৰাধিকা ভূঞা, ছিলভাছাৰ চিৰঞ্জীতা দাস আৰু হেমবাৰ্গ, জাৰ্মানীৰ পৰা ইজাবেল নন্দিনী ভূঞা আৰু লুইছ নন্দন ভূঞাই ৰাভা গীত পৰিৱেশন কৰে । সেইদৰে মুম্বাইৰ সুগায়ক কেশৱ বৰুৱা, অনুভূতি কাকতি গোস্বামী, তুষাৰ অৰ্জুন আৰু দোহা-কাতাৰ নিবাসী নিকুয়েও সহযোগ আগবঢ়াই । ৰাভাৰ কবিতা আবৃত্তি কৰে মুম্বাইৰ শ্ৰীময়ী শইকীয়া, ছিলভাছাৰ ৰশ্মি বৰুৱা, গীতা শৰ্মা, কুৱেতৰ পৰা আলোক দাস, দেবাহুতি দাস, বাহৰেইনৰ পৰা অৰ্ণব চৌধুৰী, নাইজেৰিয়াৰ পৰা বিক্ৰম বৰুৱা, দোহা- কাতাৰৰ পৰা মল্লিকা কলিতা আৰু ভাৰতী শৰ্মাই । হেমবাৰ্গ জাৰ্মানীৰ পৰা শ্ৰীমন্ত ভূঞাই “প্ৰবাসী অসমীয়া সমাজত বিষ্ণু ৰাভাৰ প্ৰভাৱ” শীৰ্ষক বিষয়ত আলোকপাত কৰে।উল্লেখযোগ্য যে অসম সাহিত্য সভা- গগনা শাখা আৰু গগনা মুম্বাইৰ উদ্যোগত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসৰ সাংস্কৃতিক সভাত জাৰ্মানী, দক্ষিণ আফ্ৰিকা, নাইজেৰিয়া, কাতাৰ, অ’মান, কুৱেইট, সংযুক্ত আৰব এমিৰেট আদি দেশৰ অসমীয়া সমাজৰ প্ৰতিনিধি উপস্থিত আছিল।

সামগ্ৰীক অনুষ্ঠানটি সুকলমে সম্পাদন কৰাত গগনা মুম্বাইৰ উপদেষ্টা দীপক শৰ্মা আৰু কাৰিকৰী বিষয়ত গগনাৰ সহকাৰী সম্পাদক হেমন্ত ভূঞাই বিশেষভাৱে সহযোগিতা আগবঢ়াই ।

You might also like