নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰাম নাথ, দ্রোণ ভূঞালৈ বিষ্ণু ৰাভা বঁটা

নিয়মীয়া বাৰ্তা, ২০ জুনঃ কলাগুৰুৰ পুণ্য স্মৃতিত ৰাজ্য চৰকাৰে প্রতিবছৰে বিষ্ণু ৰাভা দিৱসৰ প্রাক্ক্ষণত ঘোষণা কৰি অহা বিষ্ণু ৰাভা বঁটা এইবেলি লাভ কৰিছে ছিপাঝাৰৰ দুগৰাকী শিল্পীয়ে৷ বিশিষ্ট চিত্র–ভাস্কর্য শিল্পী সোণাৰাম নাথ আৰু লোকশিল্পী দ্রোণ ভূঞালৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ বিষ্ণু ৰাভা বঁটা৷ ছিপাঝাৰৰ পশ্চিম প্রান্তৰ বোনমাঝাৰ সন্তান তথা বর্তমান গুৱাহাটী নিৱাসী চিত্র–ভাস্কর্য শিল্পী সোণাৰাম নাথ আৰু ছিপাঝাৰৰেই সাতঘৰীয়া নিৱাসী দ্রোণ ভূঞাৰ এই সন্মান প্রাপ্তিয়ে উৎফুল্ল কৰি তুলিছে সাংস্কৃতিক মহলক৷

উল্লেখ্য যে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈয়েই গুৱাহাটীৰ আর্ট কলেজত আৰম্ভণি কৰে চিত্রশিল্পৰ আনুষ্ঠানিক শিক্ষা৷ পৰৱর্তী সময়ত কলকাতাৰ শান্তি নিকেতনৰ পৰা চাৰু কলা বিষয়ৰ ডিগ্রী অর্জন কৰে সোণাৰাম নাথে৷ বর্তমান জীৱনৰ তিনি কুৰি পোন্ধৰটা বর্ষ পাৰ কৰা বিশিষ্ট চিত্র–ভাস্কর্য শিল্পীগৰাকীয়ে মাদ্রাজত কর্মজীৱন আৰম্ভ কৰিও অসমলৈ ঘূৰি আহি শিলসাগৰ কেন্দ্রীয় বিদ্যালয়ত কর্মজীৱনৰ পাতনি মেলে৷ ইতিমধ্যে বহুকেইখন প্রদর্শনীত সমাদৃত হোৱা সোণাৰাম নাথৰ শিল্প ভাস্কৰ স্বাক্ষৰ হ’ল শিৱসাগৰ নগৰৰ পিয়লি ফুকন, ভোগেশ্বৰ বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদিৰ প্রতিমূর্তি৷

তদুপৰি বিভিন্ন প্রদর্শনীত উচ্চ প্রশংসিত হৈছে শিল্পীগৰাকীৰ চিত্র আৰু ভাস্কর্যই৷ ২০০৫ বর্ষত অৱসৰ গ্রহণ কৰা গুৱাহাটী আর্টিষ্ট গীল্ডৰ লগত বিশেষভাৱে জডিত শিল্পীজন৷ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ দ্বাৰা বিভিন্ন সময়ত সম্বর্ধিত হোৱা সোণাৰাম নাথৰ জীৱনজোৰা সাধনাৰ বাবেই অসম চৰকাৰে বাছনি কৰিছে সন্মানীয় বিষ্ণু ৰাভা বঁটাৰ বাবে৷ইফালে, সুকনান্নী ওজাপালী আৰু দেওধনী নৃত্যৰ একনিষ্ঠ সাধক শিল্পী দ্রোণ ভূঞালৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ বিষ্ণু ৰাভা বঁটা৷

উল্লেখ্য যে ওজাপালী কৃষ্টিৰ লগত দীর্ঘদিন ধৰি জডিত হৈ অহা ছিপাঝাৰৰ সাতঘৰীয়া নিৱাসী লোকশিল্পী দ্রোণ ভূঞাই ইতিমধ্যে কেন্দ্রীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ পৰা দেওধনীৰ ‘গুৰু’ হিচাপেও স্বীকৃতি লাভ কৰিছিল৷ জীৱনৰ পঁয়ষষ্ঠীটা বসন্ত ইতিমধ্যে অতিক্রম কৰা এগৰাকী চহা লোকশিল্পী দ্রোণ ভূঞাই প্রায় পোন্ধৰ বছৰৰ পৰাই লোক–সংস্কৃতিৰ সাধনাত নিমগ্ণ হৈ আহিছে৷ একেখন গাঁৱৰে প্রসিদ্ধ লোকশিল্পী তথা সংগীত নাটক একাডেমী বঁটা বিজয়ী শিল্পী ললিত চন্দ্র নাথ ওজাৰ স্পর্শলৈ আহি আয়ত্ত কৰিছিল সুকনান্নীৰ অ আ–ক খ৷ আনকি ললিত চন্দ্র নাথ ওজাই ১৯৮৩ চনত ৰাষ্ট্রপতিৰ হাতৰ পৰা সংগীত নাটক একাডেমী বঁটা গ্রহণৰ সময়তো সেই সময়ৰ ডেকা দ্রোণ ভূঞাই জয়ঢ়োল সংগত কৰিছিল৷

অৱশ্যে পৰৱর্তী সময়ত সুকনান্নীৰ এগৰাকী ডাইনাপালি হিচাপে আত্মপ্রকাশ কৰি বিগত সুদীর্ঘ সময় ধৰি লোককৃষ্টি বিধৰ প্রচাৰ, প্রসাৰ আৰু সংবর্ধনৰ কামত নিয়োজিত হৈ আহিছে৷ অসমৰ বিভিন্ন স্থানৰ উপৰি ৰাজ্যৰ বাহিৰলৈ গৈও লোক–কৃষ্টি পৰিৱেশন কৰা শিল্পীগৰাকীয়ে ২০০৯ বর্ষত গুৰু–শিষ্য পৰম্পৰা আঁচনিৰ অধীনত ‘গুৰু’ উপাধি লাভ কৰাৰ লগতে ২০২১ বর্ষত আগ্রাৰ শংকৰ ভাৰতী নাট্য কেন্দ্রই ‘মীৰা বঁটা’ প্রদান কৰিছিল৷ আনহাতে বিভিন্ন সময়ত শিল্পীগৰাকীয়ে মহাৰাষ্ট্রৰ অপনা মহোৎসৱ, নতুন দিল্লীৰ ভাৰত বিকাশ কার্যসূচী, ত্রিপুৰাৰ সাংস্কৃতিক মত বিনিময় কার্যসূচী, নতুন দিল্লীৰ বাণিজ্য মেলা আদি বিভিন্ন আগশাৰীৰ অনুষ্ঠানত সাংস্কৃতিক কার্যসূচী প্রদর্শন কৰিছিল৷ তদুপৰি গণৰাজ্য দিৱস, স্বাধীনতা দিৱস, অসম সাহিত্য সভাৰ অধিৱেশন আদি বিভিন্ন অনুষ্ঠানত শিল্পীগৰাকীয়ে নিয়মীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰি আহিছে৷

উল্লেখ্য যে একেবাৰে চহা আৰু অনাখৰী শিল্পী হৈও অসমৰ লোক–সংস্কৃতিৰ অমূল্য ৰত্ন তথা দৰঙৰ স্বাভিমান ‘সুকনান্নী ওজাপালীৰ’ নিৰলস সাধনাৰ বাবেই দ্রোণ ভূঞাক অসম চৰকাৰৰ ‘সন্মানীয় বিষ্ণু ৰাভা বঁটা’ৰ বাবে নির্বাচিত কৰাৰ বাতৰিয়ে স্বাভাৱিকতে সমগ্র দৰঙৰ সাংস্কৃতিক মহলক উৎফুল্ল কৰি তুলিছে শিল্পীগৰাকীৰ এই প্রাপ্তিয়ে৷ দৰঙী কলা–কৃষ্টি উন্নয়ন সংঘকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰে জডিত গুৰু দ্রোণ ভূঞালৈ অভিনন্দন জ্ঞাপন কৰিছে ভিন্ন ব্যক্তিবিশেষ তথা বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে৷ লক্ষণীয় যে ১৯৯৩ চনৰে পৰা অসম চৰকাৰে ২০ জুনৰ বিষ্ণু ৰাভা দিৱসত প্রদান কৰি অহা এই বঁটা ইয়াৰ পূর্বে ছিপাঝাৰৰ ব্যাস ওজাৰ ডাইনাপালি হেমোৰাম নাথে লাভ কৰিছিল৷

You might also like