বিজেপিয়ে অসমক ঠেলিলে দেশৰ ৩০নং স্থানলৈ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অসমক দেশৰ ভিতৰত শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ প্রতিশ্রুতি দিয়া বিজেপি চৰকাৰৰ আমোলত প্রতিটো ক্ষেত্রতে শোচনীয় অৱস্থা হ’ল ৰাজ্যখনৰ৷ বিভিন্ন চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানৰ তথ্যৰ উদ্ধৃতিৰে শুকুৰবাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে৷ এখন সংবাদ মেলত দলটোৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে ২০১৬ চনৰ অসম বিধানসভা নির্বাচনত ভাৰতবর্ষৰ ভিতৰত অসমক সর্বশ্রেষ্ঠ ৰাজ্য ৰূপে গঢ়াটোৱে আছিল বিজেপিৰ আটাইতকৈ ডাঙৰ প্রতিশ্রুতি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও ‘এ ফৰ আছাম’ৰ কথা কৈছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰৰ আমোলত অসম দেশৰ শ্রেষ্ঠ ৰাজ্য নহয়, বিভিন্ন ক্ষেত্রত নিকৃষ্ট ৰাজ্য হিচাপেহে পৰিগণিত হ’ল৷ শিক্ষা আৰু স্বাস্থ্যখণ্ডত অসমৰ প্রদর্শন শোচনীয়ই নহয়, চিন্তনীয়ও৷
কেন্দ্রীয় মানৱ সম্পদ উন্নয়নমন্ত্রী ৰমেশ পোখৰিয়ালে শেহতীয়াকৈ দিয়া তথ্য অনুসৰি প্রথমৰ পৰা পঞ্চম শ্রেণীলৈ প্রাথমিক পর্যায়ত অসমৰ ১০.১ শতাংশ ছাত্র–ছাত্রীয়ে বিদ্যালয় এৰে৷ তদুপৰি নৱমৰ পৰা দশম শ্রেণীৰ ভিতৰত মাধ্যমিক পর্যায়ত ৩৩.৭ শতাংশ ছাত্র–ছাত্রীয়ে বিদ্যালয় এৰে৷ ছাত্র–ছাত্রীয়ে আধাতে বিদ্যালয় এৰাৰ ক্ষেত্রত অসমৰ স্থান হ’ল প্রথম৷ তদুপৰি স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি অসমত প্রতি এক লাখ প্রসূতিৰ ক্ষেত্রত ২১৫গৰাকীৰে মৃত্যু হয়৷ প্রসূতিৰ মৃত্যুৰ হাৰতো অসম আছে তালিকাৰ এক নম্বৰত৷ জন্মতে শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্রত অসমৰ স্থান দেশৰ ভিতৰত তৃতীয়৷ প্রতি এশটা নৱজাতকৰ ভিতৰত ৰাজ্যখনত ৪১টা নৱজাতকেই মৃত্যুমুখত পৰে৷ শিক্ষা আৰু স্বাস্থ্যৰ এই দুটা সূচকে প্রমাণ কৰে যে বিজেপিয়ে প্রতিশ্রুতিৰ বিপৰীতে অসমক পুতৌজনক ৰাজ্য হিচাপেহে প্রতিষ্ঠা কৰিছে৷
সংবাদ মেলত ৰাইজৰ দলৰ নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰিজার্ভ বেংকৰ ‘ভাৰতীয় ৰাজ্যসমূহৰ পৰিসংখ্যাৰ হাতপুথি ২০১৯–২০’ত উল্লেখ থকা অনুসৰি সাক্ষৰতাৰ হাৰৰ ক্ষেত্রত দেশৰ সকলো কেন্দ্রীয়শাসিত ৰাজ্য আৰু পূর্ণাংগ ৰাজ্যৰ ভিতৰত অসমৰ স্থান হ’ল ২৬সংখ্যক৷ মানুহৰ গড় জীৱনকালত অসমৰ স্থান হ’ল তৃতীয়৷ অর্থাৎ আন ৰাজ্যৰ তুলনাত অসমত সোনকাৰে মানুহৰ মৃত্যু হয়৷ দেশৰ আটাইতকৈ দৰিদ্র ৰাজ্যৰ তালিকাত অসমৰ স্থান ৮সংখ্যক, নগৰীয়া নিবনুৱা সর্বাধিক থকা ৰাজ্যৰ তালিকাত ৯সংখ্যক আৰু আটাইতকৈ বেছি গ্রাম্য নিবনুৱা থকা ৰাজ্যৰ তালিকাত ১৫সংখ্যক৷
আনহাতে, চলিত মূল্যমানত দেশৰ ভিতৰত পঞ্চমখন কম জনমূৰি উপার্জন হোৱা ৰাজ্যখন হ’ল অসম৷ কৃষি ক্ষেত্রতো অসমৰ অৱস্থা তথৈবচ৷ প্রতি হেক্টৰ মাটিত ধান আৰু খাদ্যশস্য উৎপাদনত অসমৰ স্থান ১৮ নম্বৰত৷ ৰাসায়নিক সাৰ প্রয়োগৰ ক্ষেত্রত এই স্থান ১৫ নম্বৰত৷ বছৰি মাংস উৎপাদনত ভাৰতত অসমৰ স্থান ১৮ নম্বৰত৷ গাখীৰ উৎপাদনত ২১ নম্বৰ, কণী উৎপাদনত ১৮ নম্বৰ আৰু মাছ উৎপাদনত ১২ নম্বৰ৷ আনহাতে, গড় মুদ্রাস্ফীতি (সাধাৰণ মূল্যস্তৰ বৃদ্ধিৰ হাৰ)ত অসম আছে দেশৰ ৭ নম্বৰ স্থানত৷ গৃহ নির্মাণৰ মুদ্রাস্ফীতিৰ ক্ষেত্রত অসমৰ স্থান হ’ল দ্বিতীয়৷ কল–কাৰখানাৰ সংখ্যাৰ ফালৰ পৰা অসম ১৩নং স্থানত আছে যদিও স্থিৰ মূলধন গঠন বা ঔদ্যোগিক জাতীয় পুঁজি গঠনত ভাৰতত অসমৰ স্থান ২০৷
দুর্ভাগ্যজনক বিষয়টো হ’ল উদ্যোগত কাম কৰা ব্যক্তিৰ দৰমহাৰ ক্ষেত্রত অসম আছে ২১নং স্থানত৷ ভাৰতীয় ৰিজার্ভ বেংকৰ মতে, ভাৰতবর্ষৰ ৩৫খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ ভিতৰত জনমূৰি বিদ্যুৎ লাভৰ ক্ষেত্রত অসমৰ স্থান হ’ল ৩৪সংখ্যক৷ ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ ক্ষেত্রত এই স্থান হ’ল ২০ নম্বৰত৷ বাণিজ্যিক বেংকে ঋণ প্রদান কৰা ৰাজ্যৰ তালিকাত ভাৰতৰ ভিতৰত অসমৰ স্থান ১৮ নম্বৰত৷ ৰিজার্ভ বেংকৰ শেহতীয়া তথ্যই স্পষ্ট কৰি দিয়ে যে বিজেপিৰ আমোলত অসম দেশৰ ভিতৰত শ্রেষ্ঠ ৰাজ্য হোৱাৰ সলনি তালিকাৰ তলৰ ফালেহে স্থান লাভ কৰিছে৷ আন এটা গুৰুত্বপূর্ণ তথ্য সদৰী কৰি ৰাইজৰ দলে আজিৰ সংবাদ মেলত কয় যে বাংগালুৰুস্থিত গৱেষণা সংস্থা ‘পাব্লিক এফেয়ার্ছ চেণ্টাৰ’–এ প্রতিবছৰে ‘পাব্লিক এফেয়ার্ছ ইনডেস্ক– গৱর্নেন্স ইন দ্য ষ্টেট অৱ ইণ্ডিয়া’ প্রকাশ কৰি আহিছে৷ সমতা, বিকাশ আৰু বহন ক্ষমতা এই তিনিটা মানকৰ ওপৰত নির্ভৰ কৰি ৰাজ্যসমূহৰ তুলনামূলক স্থান নির্ধাৰণ কৰা হয়৷ ২০২০ চনত সামগ্রিকভাৱে সুশাসনৰ সূচকাংকত ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ তালিকাত অসমৰ স্থান হ’লগৈ ৩০ নম্বৰ৷ এয়া হ’ল এটা নিৰপেক্ষ গৱেষণা সংস্থাই অসমৰ বিজেপি চৰকাৰখন সন্দর্ভত কৰা কাম–কাজৰ মূল্যায়ন৷ এই তথ্যসমূহ ৰাজহুৱা কৰি সংবাদ মেলত ৰাইজৰ দলৰ অভিযোগ– ‘ভাৰতৰ ভিতৰত সর্বশ্রেষ্ঠ ৰাজ্য কৰাৰ সপোন দেখুওৱা বিজেপিয়ে অসমক উন্নয়ন নহয়, দিছে মান্ধাতা যুগৰ অন্ধবিশ্বাস, কুসংস্কাৰ, ধর্মান্ধতা আৰু মৌলবাদ৷ সেয়েহে ২০১৬ চনৰ ‘সর্বশ্রেষ্ঠ অসম’ৰ শ্লোগান এৰি এতিয়া বিজেপিয়ে ‘সভ্যতাৰ যুঁজ’, ‘মোগলৰ আক্রমণ’ আদি বাগধাৰা সৃষ্টি কৰাত লাগিছে৷ উন্নয়নত বিফল হৈ সাম্প্রদায়িক সংঘাত আৰু সংঘর্ষৰ সুৰসুৰনি তুলি ২০২১ৰ নির্বাচন জিকিব খুজিছে৷’