বিটিচিত মুকলি সংঘাত বিজেপি–বিপিএফৰ
নিয়মীয়া বাৰ্তা, ২০ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৪ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ সাধাৰণ নির্বাচনৰ দিন নির্বাচনী আয়োগে সাময়িকভাৱে স্থগিত ৰখাৰ লগতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কার্যকাল উকলি যোৱাৰ বাবে ৰাজ্যপালে বিটিচিৰ শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ সময়তে এইবাৰ বিটিচিৰ অভ্যন্তৰত মুকলি সংঘাতত লিপ্ত হোৱা দেখা গৈছে বিপিএফ আৰু বিজেপি কর্মীক৷ ৰাজ্যত শাসনাধিষ্ঠিত বিজেপিৰ সৈতে মিত্রতাত থকা আঞ্চলিক দলটোৰ নেতা–কর্মী মূলতঃ ৰাজ্যপালৰ শাসনৰ পিছৰ পৰাই গেৰুৱা দলৰ প্রতি বিতুষ্ট হৈ পৰা দেখা গৈছে৷
শেহতীয়াভাৱে সামাজিক মাধ্যম ফেচবুক আৰু হোৱাটছএপযোগে এই সংঘাতৰ মুকলি বহিঃপ্রকাশ দেখা গৈছে৷ বিগত ১৭ বছৰে কোকৰাঝাৰৰ মছনদ দখল কৰি অহা বিপিএফ দলৰ বাবে এইবাৰৰ নির্বাচন যথেষ্ট প্রত্যাহ্বানমূলক হৈ পৰাৰ সময়তে ৰাজ্যত শাসনাধিষ্ঠিত গেৰুৱা দলেও বিটিচি দখলৰ কুচকাৱাজ আৰম্ভ কৰাৰ লগে লগে কার্যতঃ স্পষ্ট হৈ পৰিছে দুই দলৰ বিভাজন৷ উল্লেখ্য যে বিগত তিনিটা কার্যকালৰ ভিতৰত বিপিএফ দলে কংগ্রেছ আৰু বিজেপিৰ সমর্থনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আঞ্চলিক দলটোৰ সমর্থনতো কংগ্রেছক আঁতৰাই দিছপুৰ দখল কৰিবলৈ সক্ষম হৈছিল সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ইমানদিনে কাম কৰি অহা বিপিএফ দলে বর্তমানপর্যন্ত তিনিগৰাকীকৈ বিপিএফ নেতাক মন্ত্রিত্ব দিবলৈ সক্ষম হৈছে৷ কিন্তু তাৰ মাজতে শেহতীয়াভাৱে বিটিচিত দুই মিত্রদলৰ যুযুধান স্থিতিয়ে আকর্ষণীয় ৰূপ লৈছে৷যিসময়ত ৰাজ্যত দুয়োটা দলে মিত্রতাৰ মাজেৰে শাসন ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰি আহিছে, তেনে সময়তে পৰস্পৰবিৰোধী মন্তব্যৰে বিটিচিৰ ৰাজনৈতিক বাতাৱৰণ উত্তপ্ত কৰি তুলিছে দুই দলৰ নেতা–কর্মীয়ে৷ বিটিচিৰ বিজেপি কর্মীয়ে ১৭ বছৰীয়া বিপিএফৰ কার্যকালত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি অহাৰ বিপৰীতে বিপিএফ কর্মীয়ে শেহতীয়াভাৱে কেন্দ্রীয় চৰকাৰে প্রদান কৰা কৃষক সন্মান নিধি আঁচনিত বিজেপিৰ নেতা–কর্মীয়ে দুর্নীতি সংঘটিত কৰি কেৱল বিজেপিকেন্দ্রিক আঁচনি কৰি তোলাৰ অভিযোগ উত্থাপন কৰিছে৷
মহামাৰীৰ সময়তো কেৱল সস্তীয়া ৰাজনীতিক লৈ ব্যস্ত থকা দুই দলৰ কর্মীক সংযত হ’বলৈ সচেতন মহলে আহ্বান জনোৱাৰ পিছতো অব্যাহত আছে শাসনকেন্দ্রিক বাক্যুদ্ধ৷ বিভিন্ন বিভাগত সংঘটিত দুর্নীতি–নিয়মৰ ন ন তথ্য পোহৰলৈ অহাৰ লগতে কেন্দ্রীয় চৰকাৰে প্রৱর্তন কৰা আঁচনি তথা সামান্য ধনৰ লোভতেই কিদৰে একাংশ চাকৰিয়াল, ভিচিডিচিৰ অধ্যক্ষ, নেতাৰ পৰিয়ালৰ লোক নীতি–বহির্ভূতভাৱে অন্তর্ভুক্ত হৈ আছে, তাৰো ছবি স্পষ্ট কৰি তুলিছে মিত্রদলৰ এই সংঘাতে৷