কংগ্রেছে খোপনিয়েই পুতিব নোৱাৰে নির্বাচনতঃ বিজেপিৰ অসমৰ প্রভাৰীয়ে ক’লে
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ আগন্তুক নির্বাচনত বিজেপিয়ে ১০০+ লক্ষ্যত নিশ্চিতভাৱে উপনীত হ’ব৷ ৰাইজ তথা সমাজৰ বাবে বিজেপিয়ে গ্রহণ কৰা বিকাশমূলক কামৰ বাবেই পুনৰ বিজেপিৰ চৰকাৰ গঠন হ’ব৷ –এই মন্তব্য বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ৷
কালি এখন সংবাদ মেল সম্বোধন কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে অসমত বিজেপিৰ জয়যাত্রাৰ সম্ভাৱনা ইতিমধ্যে নির্বাচনী সমীক্ষাত প্রতীয়মাণ হৈছে৷ ইফালে কংগ্রেছক সমালোচনা কৰি বৈজয়ন্ত জয় পাণ্ডাই কয়– এইবাৰ নির্বাচনত কংগ্রেছ দলে খোপনিয়েই পুতিব নোৱাৰিব৷ কংগ্রেছৰ কার্যকালত যি উন্নয়ন সম্ভৱ হোৱা নাছিল, সেয়া বিজেপি চৰকাৰে সম্ভৱ কৰিবলৈ সক্ষম হৈছে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত অসম তথা উত্তৰ–পূবৰ সর্ববিকাশৰ পথ মুকলি হৈছে আৰু এই উন্নয়নৰ প্রতিচ্ছবি ৰাইজৰ দৃষ্টিগোচৰ হৈছে৷ পূর্বতে উত্তৰ–পূবৰ কিছু ৰাজ্যত ৰে’ল পৰিবহণ যোগাযোগ নাছিল, অসমতো দ্বৈত ৰে’লপথৰ ব্যৱস্থা নাছিল৷ কিন্তু বিজেপি শাসনলৈ অহাৰ পাছতেই এই দিশসমূহৰ উন্নয়ন সাধন কৰা হ’ল৷
দ্বৈত ৰে’লপথেই নহয়, বিদ্যুতীকৰণৰ দৰে ৰে’ল খণ্ডত নৱ সংযোজন ঘটাই এক নতুন মাত্রা দিয়া হ’ল৷ অসমত যোৱা পাঁচটা বছৰত হোৱা পৰিৱর্তনক নেতিবাচকভাৱে দেখুৱাই অহা কংগ্রেছে পৰিৱর্তন হৈছে নে নাই, সেই প্রশ্ন ৰাইজক সোধক৷ ইয়াৰ উত্তৰ অসমৰ ৰাইজে দিব৷ কাৰণ অসমত বর্তমান যিফালেই চকু যায়, সেইফালেই কেৱল পৰিৱর্তনৰ চিন দেখা যায়৷
এই পৰিৱর্তনৰ বাবে ৰাইজে পুনৰ বিজেপি চৰকাৰক ক্ষমতালৈ আনিব৷ কালি সংবাদ মেলত বিজেপিৰ ৰাষ্ট্রীয় মুখপাত্র গৌৰৱ ভাটিয়া, কে কে শর্মা, ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামী, নির্বাচনী সংবাদ সম্পর্ক বিভাগৰ প্রভাৰী ধ্রুৱপ্রসাদ বৈশ্য, আহ্বায়ক ধ্রুৱজ্যোতি মৰল আৰু নির্বাচনী সংবাদ কোষৰ সহঃ আহ্বায়ক ড০ দেৱজিৎ মহন্ত উপস্থিত আছিল৷