নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীৰ পূর্বে প্রার্থিত্বক লৈ আলোচনা কৰিলে নাপায় টিকটঃ ৰঞ্জিত দাসৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ সমাগত বিধানসভা নির্বাচনত দলীয় প্রার্থিত্ব সন্দর্ভত এক বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ অহা জানুৱাৰী মাহৰ পূর্বে যদি কোনোবাই দলীয় টিকট বিচাৰে, তেন্তে সংশ্লিষ্ট ব্যক্তিজনে টিকট লাভ নকৰাটো নিশ্চিত বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দাসে স্পষ্ট কৰি দিয়ে৷ দলীয় প্রার্থিত্বক কেন্দ্র কৰি ইতিমধ্যে একাংশ নেতাই ভিতৰি ভিতৰি তৎপৰতা আৰম্ভ কৰাৰ সময়তে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কালি সংবাদ মাধ্যমৰ আগত কয়– ‘প্রার্থিত্ব সন্দর্ভত আমাৰ কোনো আলোচনা হোৱা নাই৷

জানুৱাৰী মাহৰ আগতে যদি কোনোবাই প্রার্থিত্বক লৈ আলোচনা কৰে তেতিয়াহ’লে তেওঁ প্রার্থিত্ব নোপোৱাটো নিশ্চিত৷ আমি এতিয়া সংগঠনৰ কাম কৰি আছোঁ৷ সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্রস্তুত কৰা হৈছে৷’ দলৰ সাংগঠনিক ভেটি নির্বাচনৰ পূর্বে সুদৃঢ় কৰাৰ লক্ষ্যৰে ৰাজ্যত ৩.২ লাখ পৃষ্ঠাপ্রমুখক সাজু কৰি তোলা হৈছে বুলি তেওঁ সদৰী কৰে৷

ৰাজ্যিক বিজেপিৰ সভাপতিজনে পুনৰ কয়– ‘অহা ৪ ছেপ্টেম্বৰত আমাৰ ৰাজ্যিক কার্যনির্বাহক অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে অহা ৫ ছেপ্টেম্বৰৰ পৰা পৃষ্ঠাপ্রমুখসকলে বুথসমূহত নিজৰ নিজৰ কাম কৰিব৷ ইতিমধ্যে ৫০ লাখ পৰিয়ালৰ লগত সম্পর্ক স্থাপন কৰাৰ কাৰণে জনসম্পর্ক অভিযান চলি আছে৷ আৰু ইয়াৰ সমান্তৰালভাৱে বুথৰ কার্যকর্তা বা বুথৰ পৃষ্ঠাপ্রমুখ ৬০টা গোটৰ দায়িত্বত আছে৷ আমাৰ দলৰ ৪২ লাখ সদস্য আছে৷ তেওঁলোকে যদি এটাকৈ ওপৰঞ্চি ভোট আনে, তেন্তে আমি ৮৪ লাখ ভোট পাম৷ বিগত লোকসভা নির্বাচনত ৬৪ লাখ ভোট পাই আমি ১০টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷

ৰাজ্যত ২ কোটি ভোট আছে৷ ইয়াৰে ডেৰ কোটি অর্থাৎ ৭৫ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰিব৷ তাৰে ৮৪ লাখ ভোট পালে আমি যি লক্ষ্য লৈছোঁ তাত অনায়াসে উপনীত হৈ মিছন ১০০ প্লাছ স্পর্শ কৰিব পাৰিম৷’ এইবাৰ বিজেপিয়ে প্রার্থিত্বৰ ক্ষেত্রত যুৱ প্রজন্মক অগ্রাধিকাৰ দিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতি দাসে এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷

তেওঁ অতি স্পষ্টভাৱে কয় যে বিজেপিত যুৱ বুলি কোনো কথা নাই৷ মহিলাৰ বাবে বিশেষভাৱে এটা কোটা থাকে৷ মহিলাৰ ক্ষেত্রত সুকীয়াকৈ এটা সাংবিধানিক নিয়ম আছে৷ যুৱ–বৃদ্ধ বুলি বিজেপিত কোনোধৰণৰ কথা নাই৷ এতিয়াতো সকলোৱে আমাৰ যুৱকেই৷ সেয়েহে আমি এতিয়া দুই–চাৰিজন বয়োজ্যেষ্ঠ চাব লাগিব৷ ৰাজ্যৰ মিত্রজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ অগপৰে আসন বুজাবুজিৰ বিষয়টো ৰাষ্ট্রীয় নেতৃত্বই স্থিৰ কৰিব বুলি তেওঁ উল্লেখ কৰে৷

তেওঁৰ মতে এইক্ষেত্রত অগপৰ কেন্দ্রীয় সমিতিৰ সৈতে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰিব৷ পলাশবাৰী সমষ্টিটো ইতিমধ্যে অগপক এৰি দিয়া বুলি হোৱা চর্চা ৰাজ্যিক বিজেপিৰ সভাপতি দাসে পোনছাটেই নস্যাৎ কৰে৷ সাংবাদিকে বিষয়টো উনুকিয়াই দিয়াত তেওঁ কয় যে তেনেকুৱা কথা যদি কোনো অকর্তৃত্বশীল মানুহে কৈছে, মই নাজানো৷ মই সভাপতি, মইতো তেনেকুৱা কথা কোৱা নাই৷ মোৰ বাহিৰে আৰু ৰাষ্ট্রীয় সভাপতিৰ বাহিৰে এতিয়া তেনেকুৱা কথা কোৱা সকলো ব্যক্তিয়েই অকর্তৃত্বশীল হ’ব৷ বর্তমান তাত আমাৰ দলৰ বিধায়ক আছে৷ এনেধৰণৰ কথা কোনে কৈছে নাজানো৷ কিন্তু সেয়া শোভা নাপায়৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা তথা মহাজোঁট বন্ধনক লৈ তেওঁ প্রতিক্রিয়া প্রকাশ কৰে৷

বিশেষকৈ বিৰোধীৰ মহাজোঁট বন্ধনে বিজেপিৰ নির্বাচনী তৎপৰতাত কোনোধৰণৰ প্রভাৱ নেপেলায় বুলি দাবী কৰি তেওঁ কয় যে প্রভাৱ দূৰৈৰ কথা আমি ইয়াক আদৰণি জনাইছোঁ৷ কংগ্রেছ–এআইইউডিএফৰ্ যি মহাজোঁটৰ কথা কৈ থকা হৈছে, তাক আমি আদৰণি জনাম৷ কাৰণ অসমত বসবাস কৰা স্বাভিমানী ভাৰতীয়সকল আৰু অসমত বসবাস কৰা স্বাভিমানী অসমীয়াসকল যেতিয়ালৈকে থাকে তেতিয়ালৈকে সেই মহাজোঁটে আমাক কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে৷ বৰঞ্চ তাৰ কাৰণে আগন্তুক দিনত আমাৰ লাভহে হ’ব৷

২০২১ চনত অনুষ্ঠিতব্য আগন্তুক বিধানসভা নির্বাচনত বিজেপিয়ে কিমান আসন লাভ কৰিব বুলি সাংবাদিকে সোধা এটা প্রশ্ণৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ স্পষ্ট উত্তৰ– ‘আমি ১০০ প্লাছ লক্ষ্য ৰাখিছোঁ৷ আজি বা কালি আমি যি খবৰ পাই আছো, সেই অনুসৰি আগন্তুক দিনত নভবা ধৰণে ধর্মীয় সংখ্যালঘু অঞ্চলত ভোট পাবলৈ সক্ষম হ’ম৷ মোদী আৰু সোণোৱাল চৰকাৰে গ্রহণ কৰা আঁচনিসমূহে সকলোকে স্পর্শ কৰিছে৷ চৰাঞ্চল আৰু ধর্মীয় সংখ্যালঘু মানুহৰ মাজত এতিয়া চিন্তা হৈছে৷ কংগ্রেছ–এআইইউডিএফে যি মহাজোঁট গঠন কৰিছে তাত ধর্মীয় সংখ্যালঘু নাই৷ ধর্মীয় সংখ্যালঘুসকল বিবেকৱান মানুহ৷ তেওঁলোক কংগ্রেছ–এআইইউডিএফত্ বিক্রী যোৱা ভোটাৰ নহয়, এটা সময়ত বেলেগ কথা আছিল৷ কিন্তু এইবাৰ তেওঁলোকে বিবেক ভোট দিব৷’

You might also like