বোকাজানৰ খটখটীত ২১ লক্ষাধিক টকাৰ গাঞ্জা জব্দ; আটক ২
নিয়মীয়া বাৰ্তা, ১৭ মেঃ আন্তৰাষ্ট্ৰীয় অবৈধ আৰু চোৰাং সৰৱৰাহৰ অন্যতম কৰিড’ৰ অসম নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ তথা ১ নং এছিয়ান ঘাইপথেৰে কৰণাতংকৰ মাজতো অব্যাহত আছে অবৈধ আৰু চোৰাং সামগ্ৰীৰ সৰবৰাহ ৷
আজি অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীত আৰক্ষীয়ে এখন ডাক পাৰ্চেল কন্টেইনাৰ ট্ৰাকৰ পৰা উদ্ধাৰ কৰে বৃহৎ সংখ্যক গাঞ্জাৰ টোপোলা ৷
২১ টাকৈ প্লাষ্টিকৰ পেকেট কৰি অনা ২ কুইণ্টল ১০ কে.জি ওজনৰ এই গাঞ্জাখিনি সৰৱৰাহ কৰিবলৈ কৌশলগত ভাৱে ব্যৱহাৰ কৰিছিল ডাক পাৰ্চেল কণ্টেইনাৰ কাৰণ বৰ্তমান সংকটপূৰ্ণ সময়ত অত্যাৱশ্যকীয় সেৱাৰ বাহন সমূহৰ ক্ষেত্ৰত আন্তৰাজ্যিক ভাৱেও শিথিলতা প্ৰদান কৰিছে সংশ্লিষ্ট প্ৰশাসনে ৷ ইয়াৰে গইনা লৈ চুবুৰীয়া নগালেণ্ডৰ পৰা দুজন সৰৱৰাহকাৰীয়ে গাড়ীখনত কঢ়িয়াই আনিছিল উক্ত বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা ৷ AS01HC 0068 নম্বৰৰ ডাক পাৰ্চেল গাড়ীখনেৰে গাঞ্জা সৰৱৰাহ কৰা দুই সৰৱৰাহকাৰী ক্ৰমে নলবাৰীৰ বিজু ৰাজবংশী আৰু মঙলদৈৰ প্ৰাঞ্জল ডেকাক আৰক্ষীয়ে আটক কৰিছে ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ২১ লক্ষাধিক টকা বুলি থাৱৰ কৰা হৈছে ৷
আনহাতে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসে সংবাদ মাধ্যমক জনোৱা মতে গোপন খবৰৰ ভিত্তিত সীমান্তৰ খটখটীত আৰক্ষীৰ তালাচী ব্যাপক কৰি তোলা হৈছিল আৰু আশাপ্ৰদ ভাৱেই অভিযানত গাঞ্জাসহ দুই সৰৱৰাহকাৰী আৰু গাড়ীখন নগালেণ্ডৰ ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ অধিক তদন্তৰ পাছতহে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি কলৈ সৰৱৰাহ কৰিছিল জানিব পৰা যাব বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে৷