নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত সাত কোটি টকাৰ হেৰ’ইন জব্দ ড্রাগ্ছৰ বেহাত উগ্রপন্থী

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা অভিযানে বৃহস্পতিবাৰে এক বৃহৎ সাফল্য লাভ কৰিলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত যোৱা মে’ মাহৰ পৰা আৰম্ভ হোৱা এই অভিযানে বৃহস্পতিবাৰে এক বৃহৎ ড্রাগ্ছ মাফিয়া চক্রক উৎখাত কৰাই নহয়, সাত কোটি টকা মূল্যৰ এক বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ এই সফলতাৰ আঁৰত আছিল যোৱা দীর্ঘসময় ধৰি গোপনভাৱে চলাই অহা এক বিশেষ অপাৰেচন৷ এনে অপাৰেচনতে আৰক্ষীৰ জালত পৰিল উত্তৰ–পূবৰ ড্রাগ্ছ সৰবৰাহৰ মূল এজেণ্ট দিদি ওৰফে মণিপুৰৰ টি এইচ পাওলি নামৰ ৫০ বছৰীয়া এগৰাকী মহিলা৷ যিগৰাকী মহিলাৰ নেতৃত্বতে অসম তথা উত্তৰ–পূবৰ আন ৰাজ্যলৈ সৰবৰাহ হৈ আছিল হেৰ’ইন, ব্রাউন ছুগাৰৰ দৰে মাৰাত্মক ড্রাগ্ছ৷ যুৱপ্রজন্মক নিশ্চিত ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ড্রাগ্ছ সাম্রাজ্যৰ একছত্রী ৰাণী ৰূপে পৰিচিত দিদিৰ গ্রেপ্তাৰে ড্রাগ্ছ সৰবৰাহ চক্রৰ মেৰুদণ্ড ভাঙি দিয়া বুলিও আৰক্ষীয়ে আজি দাবী কৰিছে৷

অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই দিদি ওৰফে টি এইচ পাওলিৰ গ্রেপ্তাৰ সন্দর্ভত অধিক তথ্য সদৰী কৰি প্রকাশ কৰা মতে, অসম তথা উত্তৰ–পূবত ড্রাগ্ছ সৰবৰাহৰ ক্ষেত্রত দিদিক প্রত্যক্ষভাৱে সহযোগ আগবঢ়াইছিল উগ্রপন্থী সংগঠনে৷ ইয়াৰ বাবে এই উগ্রপন্থী সংগঠনে প্র’টেকচন মানীৰ বাবদ দিদিৰ পৰা লৈছিল কেইবা কোটি টকা৷ প্রতিটো ড্রাগ্ছ কনছাইনমেণ্ট সম্পূর্ণ হোৱাৰ লগে লগে উগ্রপন্থী সংগঠনৰ শীর্ষ নেতাৰ হাতত দিদিয়ে তুলি দিছিল টকাভর্তি ছ্যুটকেছ৷ কার্যতঃ চুবুৰীয়া ম্যানমাৰৰ পৰা ড্রাগ্ছ সৰবৰাহ কৰাৰ লগতে ক্রেতাৰ হাতত তুলি দিয়ালৈ দিদিক সকলোধৰণৰ সুৰক্ষা দিছিল এক নির্দিষ্ট উগ্রপন্থী সংগঠনৰ কেদাৰে৷ শীর্ষ আৰক্ষী বিষয়াজনে এই উগ্রপন্থী সংগঠন সন্দর্ভতো অসম আৰক্ষীয়ে অধিক তথ্য লাভ কৰা বুলি জানিবলৈ দিছে৷ 

বৃহস্পতিবাৰৰ অভিযানত আৰক্ষীয়ে দিদিৰ পৰা ৭ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে ড্রাগ্ছখিনি সৰবৰাহ কৰি অনা এ এছ–০১ বি ভি–৯০৫৮ নম্বৰৰ এল্ট’ কে–১০ বাহন এখনো জব্দ কৰিবলৈ সক্ষম হয়৷ আনহাতে, এই অভিযানতে গ্রেপ্তাৰ হয় ডিমাপুৰৰ সাতমাইলৰ নগা যুৱক কেভিন ম’ভি (২৩)৷

কিদৰে ধৰা পৰিল দিদি ওৰফে টি এইচ পাওলি

নাগালেণ্ডৰ মূল ব্যৱসায়িক চহৰ ডিমাপুৰত ঘাটি পাতি অসমত নিষিদ্ধ ড্রাগ্ছৰ ব্যৱসায় চলাই থকা উত্তৰ–পূবৰ মূল এজেণ্ট দিদি ওৰফে টি এইচ পাওলিক গ্রেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে ৰচিছিল এক জাল৷ কিছুদিন পূর্বে খটখটীত আৰক্ষীৰ হাতত ড্রাগ্ছসহ গ্রেপ্তাৰ হৈছিল এজন সৰবৰাহকাৰী৷ আৰক্ষীৰ নিয়মীয়া জেৰাত এইজন সৰবৰাহকাৰীয়ে নাম লৈছিল দিদিৰ৷ দিদিৰ জৰিয়তে যে ম্যানমাৰৰ পৰা মণিপুৰ, নাগালেণ্ড হৈ বৃহৎ পৰিমাণৰ ড্রাগ্ছ সৰবৰাহ হয়, সেয়া ধৃত ড্রাগ্ছ ব্যৱসায়ীজনৰ ভাষ্যত স্পষ্ট হোৱাৰ পাছতেই অসম আৰক্ষী নামি পৰিছিল দিদিৰ সন্ধানত৷

আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই এই সম্পর্কে প্রকাশ কৰা অনুসৰি অত্যন্ত চতুৰ আৰু ড্রাগ্ছ সৰবৰাহ কৰাত পাকৈত দিদিক কৰায়ত্ত কৰাটো অসম আৰক্ষীৰ বাবে প্রত্যাহ্বান ৰূপে দেখা দিছিল৷ কেইবাটাও অভিযানৰ জৰিয়তে দিদিক গ্রেপ্তাৰ কৰাৰ চেষ্টা চলোৱা হৈছিল যদিও আৰক্ষীৰ জালত ভৰি দিয়া নাছিল এইগৰাকী মহিলা ড্রাগ্ছ মাফিয়াই৷

অৱশেষত দিদিৰে এজন বিশ্বাসযোগ্য সৰবৰাহকাৰীৰ জৰিয়তে আৰক্ষীয়ে তৰে এক বিশেষ জাল৷ এইজন সৰবৰাহকাৰীয়ে দিদিলৈ পিয়োৰ হেৰ’ইন বিচাৰি বার্তা প্রেৰণ কৰে৷ বিশ্বাসযোগ্য সতীর্থৰ বার্তা পাই দিদিয়ে আগধন বিচাৰি বার্তা দিয়ে৷ সেই অনুসৰি আৰক্ষীয়ে হাতত তুলি দিয়া ধন সৰবৰাহকাৰীজনে দিদিলৈ বুলি আগধন হিচাপে প্রেৰণ কৰে৷ ইয়াৰ পাছতেই দিদিৰ সংগী ৰূপে এজন লোক উপস্থিত হয় হেৰ’ইন ক্রয় কৰিব খোজা ক্রেতাজনৰ ওচৰত৷ কিমান টকাৰ ড্রাগ্ছ ক্রয় কৰিব, লগত নগদ ধন কিমান আছে সেয়া পৰীক্ষা কৰি দিদিলৈ বার্তা প্রেৰণ কৰে৷ এই বার্তাৰ পাছতেই ড্রাগ্ছ দিবলৈ উপস্থিত হয় খটখটী থানাৰ অন্তর্গত জনকপুখুৰীত৷ ইয়াতেই আৰক্ষীয়ে অভিযান চলাই ১৬৪টা পেকেটত ভৰাই অনা মুঠ ২.১২৫ কিলোগ্রাম হেৰ’ইনসহ দিদিৰ লগতে গ্রেপ্তাৰ কৰে কেভিন ম’ভি নামৰ এজন নগা যুৱকক৷

সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়া মতে, মণিপুৰৰ সেনাপতি জিলাৰ চিনাই কুলাগাঁৱৰ বাসিন্দা দিদিয়ে বিগত দীর্ঘসময় ধৰি ডিমাপুৰত ঘাটি পাতি অসমৰ নগাঁও, মৰিগাঁও, গুৱাহাটী আৰু নামনি অসমলৈ ড্রাগ্ছ সৰবৰাহ কৰি আছিল৷ যোৱা সময়ছোৱাত আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ পাছত দিদিয়ে ড্রাগ্ছ সৰবৰাহ কৰাত সমস্যাৰ সৃষ্টি হয়৷ এনে অৱস্থাত হাতত মজুত থকা বৃহৎ পৰিমাণৰ ড্রাগ্ছ বিক্রীৰ বাবে উত্রাৱল হৈ পৰা দিদিয়ে বিশ্বাসযোগ্য ক্রেতাৰ পৰা বার্তা অহাৰ পাছতেই কোনোধৰণৰ সুৰক্ষা নোলোৱাকৈ উপস্থিত হৈছিল খটখটীত৷ দৰাচলতে দিদিক ড্রাগ্ছ সৰবৰাহ কৰাৰ ক্ষেত্রত সকলোধৰণে সহায় কৰি আছে এক উগ্রপন্থী সংগঠনে৷ ম্যানমাৰৰ পৰা মণিপুৰলৈ ড্রাগ্ছ অনাৰ ক্ষেত্রত এই উগ্রপন্থী সংগঠনে দিদিৰ লগতে তেওঁৰ ব্যৱসায়িক সতীর্থক সহায় কৰে৷ মুখ্যতঃ ভাৰত–ম্যানমাৰ সীমান্তৰ ১২টা পইণ্টেৰে ড্রাগ্ছ লৈ মণিপুৰত ভৰি দিয়ে সৰবৰাহকাৰীসকলে৷ এই ১২টা পইণ্টৰ পৰা অসম ৰাইফলছৰ দৃষ্টি যথেষ্ট দূৰত থকা হেতুকে ড্রাগ্ছ সৰবৰাহকাৰীসকলে অহা–যোৱাত সুযোগ লয়৷

ম্যানমাৰৰ পৰা মণিপুৰ–ডিমাপুৰলৈ এই সমগ্র অঞ্চলত ড্রাগ্ছ বিক্রীৰ ক্ষেত্রতো এই উগ্রপন্থী সংগঠনৰ সদস্যই সুৰক্ষা দি থাকে দিদিক৷ কিন্তু আজি ড্রাগ্ছ দিবলৈ অহা দিদিয়ে তেওঁক সুৰক্ষা দিয়া উগ্রপন্থী সংগঠনক খবৰ নিদিয়াকৈ উপস্থিত হৈছিল খটখটীত আৰু আৰক্ষীয়ে পতা জালত ভৰি দি গ্রেপ্তাৰ হয়৷ ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়া মতে, অসম আৰক্ষীয়ে দিদিৰ জৰিয়তে আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব৷

ইফালে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰক্ষীৰ এই বৃহৎ অভিযানৰ কথা টুইট কৰি ড্রাগ্ছৰ বিৰুদ্ধে চলি থকা এনে অভিযানে ড্রাগ্ছ মাফিয়াৰ মেৰুদণ্ড ভাঙি দিব বুলি উল্লেখ কৰে৷

You might also like