নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত ৰাইজে নির্মাণ কৰিলে কোৱাৰেণ্টাইন শিবিৰ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ  বঙাইগাঁৱৰ জেল্কাঝাৰত মূলাগাঁও পঞ্চায়তবাসীৰ সহযোগত নির্মাণ কৰা কোৱাৰেণ্টাইন শিবিৰ দেওবাৰে মুকলি কৰা হয়৷ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে৷ কেন্দ্রটোত কেইবাটাও বিষয়ত ব্যতিক্রম হিচাপে চিহ্ণিত হৈছে৷ কেন্দ্রটোত আৱাসীসকলৰ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ প্রয়োগ কৰা হৈছে মিউজিক থেৰাপী৷ আনহাতে কেন্দ্রটোৰ ৮০গৰাকী আৱাসীৰ মাজৰে অধিকাংশ বহিঃৰাজ্যত অভিযান্ত্রিক বা বিজ্ঞানৰ ভিন ভিন শাখাৰ ছাত্র হোৱা হেতুকে নিৰিবিলি  পৰিৱেশত অধ্যয়ন কেন্দ্রলৈ ৰূপান্তৰিত হৈছে৷ যেন সত্তৰ বা আশীৰ দশকৰ পৰিচিত কটনৰ কোনো ছাত্রাৱাসহে৷ ইয়াৰ বাদেও গুৰুত্বপূর্ণ বিষয় এয়ে যে কেন্দ্রটোৰ সমীপৱর্তী ১নং, ২নং বামুণপাৰা, কলিতাপাৰা, আৰেং, বণিয়াপাৰা, বেজপাৰা আদি গাঁৱৰ যুৱকে নিঃস্বার্থভাৱে সেৱা আগবঢ়াই এক নিদর্শন দাঙি ধৰিছে৷ কেন্দ্রটোৰ দায়িত্বত থকা যুৱক জ্যোতির্ময় শর্মাই এই কথা সদৰী কৰি সকলোৰে ত্যাগ আৰু পৰামর্শত কেন্দ্রটো এক আদর্শ কোৱাৰেণ্টাইন কেন্দ্রলৈ সলনি হোৱা বুলি কৃতজ্ঞতা জ্ঞাপন কৰে৷ লক্ষণীয় যে পুৱাতে ভক্তিমূলক গীত আৰু দিনটোৰ সৰহভাগ সময় কেন্দ্রটোত বজোৱা হয় ভূপেনদাৰ সেই কালজয়ী গীতসমূহ৷ এনেবোৰ গীত শুনি শুনি মানসিক দৃঢ়তা বৃদ্ধি  পাইছে৷ দৰঙৰ জলজলি, দীঘিৰপাৰ, বইনাওজা, পিপৰাদোকান, ৰাজঘাট, মাৰৈ আদি বিভিন্ন স্থানৰ যুৱকসকল ৫ জুনতে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকাসকলে সেয়ে কোনোদিনে খাদ্য বা শেহতীয়াকৈ মাজবাটত দেখুওৱা উপদ্রৱৰ পৰা সম্পূর্ণ মুক্ত৷ একেদৰে এইসকল যুৱকৰ সংগী বহুজন ক’ভিডত আক্রান্ত যদিও ৮০গৰাকী এইপর্যন্ত আক্রান্তমুক্ত৷ কেন্দ্রটোৰ ভাৰপ্রাপ্ত যুৱক জ্যোতির্ময়ে সেয়ে দাবী কৰিছে সংগীতৰ মাধ্যমত মানসিক শান্তি, ভক্তি ভাবত নিয়মানুৱর্তী আচৰণে ৰোগৰ পৰাও মুক্ত কৰি ৰাখিব পাৰে৷ অৱশ্যে কেন্দ্রটোত সঘনাই ছেনিটাইজ কৰি থকা হৈছে৷ একেদৰে কেন্দ্রটোৰ কাম–কাজ প্রতিদিনে নিৰীক্ষণ কৰে সহায়ক আয়ুক্ত কমলজিৎ শর্মা, দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসসহ ভিন্ন বিষয়াই৷ স্বাভাৱিকতে মাজবাটত কোৱাৰেণ্টাইন কেন্দ্র জ্বলাই দিয়াৰ বিপৰীতে মঙলদৈৰ এই আদর্শ কোৱাৰেণ্টাইন কেন্দ্রটোৰ  পৰিৱেশে প্রমাণ কৰিছে আৱাসীসকলৰ মানসিক দৃঢ়তা বৃদ্ধি কৰিব পাৰিলে ক’ৰোনা যুঁজত সহজে পৰাজয় স্বীকাৰ কৰিব লগা নহয়৷

You might also like