নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ এজন ব্যক্তি ক’ভিড ১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ বৰহোলাৰ এজন ব্যক্তিৰ দেহত ক’ভিড ১৯ পজিটিভ ধৰা পৰা ঘটনাই বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। ব্যক্তিজন বৰহোলাৰ লুহলীয়া গাঁৱৰ পুতুল হাজৰিকা (৪৪) বুলি জানিব পৰা গৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ব্যক্তিজন ক’ভিড-১৯ পৰীক্ষা কৰাৰ চাৰিদিনৰ পূৰ্বে বৰহোলাৰ লুহলীয়াস্থিত ঘৰলৈ আহিছিল। ঘৰত থকা কেইদিন বৰহোলাৰ দৈনিক বজাৰ সমাৰত ঘূৰি ফুৰাৰ লগতে কেইবাজনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ব্যক্তিজন। ঘৰৰ পৰা ঘূৰি যোৱাৰ পিছতে তেওঁৰ দেহত ক’ভিড ১৯ উপস্থিতি ধৰা পৰিছিল। বৰ্তমান তেওঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত কোৱাৰেন্টাইন হৈ আছে বুলি জানিব পৰা গৈছে।

You might also like