নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“মই আহিছো যেতিয়া ইয়াক লৈয়ে যাম….” -শোকাকুল পৰিৱেশত জয়ন্তৰ শেষকৃত্য সম্পন্ন

  • ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
  • ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৩ লাখ টকা সাহাৰ্য
  • ঘটনাৰ তদন্ত চি বি আই অথবা এন আই এক অৰ্পণৰ দাবী বিধায়ক ৰূপজ্যোতিৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ জোন গ’লগৈ। যোৰহাট জিলাৰ সীমান্তৱৰ্তী বালিজান অঞ্চলটোৰ চৌদিশে এতিয়া মাথো বিৰাজ কৰিছে মৰিশালিৰ নিস্তব্ধতা। জোন ওৰফে জয়ন্ত বৰাৰ ঘৰখনৰ পৰা আজিও ভাঁহি আহিছে কান্দোনৰ ৰোল। অকশৰীয়া হৈ পৰা মাকজনী যেন অসহায়। জয়ন্তৰ বন্ধু-বান্ধৱ তথা স্থানীয় ৰাইজে এৰি যাব বিচৰা নাই ঘৰখন। কালি সন্ধিয়া শতাধিক লোকৰ উপস্থিতিত জয়ন্তৰ শেষকৃত্য সম্পন্ন হয়।

দল-সংগঠন, সহপাঠীৰ শেষ শ্ৰদ্ধাঞ্জলি

     চৰকাৰৰ ফালৰ পৰা লিখিত প্ৰতিশ্ৰুতি লাভ কৰাৰ পিছতে বালিজানৰ বাসগৃহলৈ লৈ অহা হৈছিল জয়ন্তৰ নশ্বৰ দেহ। একাংশ দল-সংগঠন, সহপাঠীয়ে জয়ন্তক অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে মাংগলিক কাম কাজ কৰে। ভনী জোঁৱায়েক মুকুল শইকীয়াই মুখাগ্নি কৰে জয়ন্তৰ।

 একমাত্ৰ পুত্ৰক হেৰুৱাৰ বেদনাত দগ্ধ জয়ন্তৰ মাতৃ লীলা বৰাই সংবাদ মাধ্যমৰ আগত কয় ”মই আহিছোঁ যেতিয়া ইয়াক লৈ যামেই বুলি কৈ বৰহোলা আৰক্ষী থানাৰ অ’ চি ছাৰে জোনক(জয়ন্ত) লৈ গৈছিল। এতিয়া জোনৰ(জয়ন্ত) মৃতদেহটোহে আমাক ঘূৰাই দিছে। জোনৰ(জয়ন্ত) হত্যাকাৰীক উচিত শাস্তি দিয়ক। কি ভুলৰ কাৰণে জোনক(জয়ন্ত) হত্যা কৰা হ’ল সেয়া প্ৰশাসনে স্পষ্ট কৰক।”

শেষকৃত্যৰ সময়ত উপস্থিত ৰাইজে জয়ন্তৰ শৰীৰৰ বিভিন্ন স্থানত গুৰুত্বৰ আঘাতৰ চিন দেখিবলৈ পাইছিল। এই চিনবোৰে সেনা আৰু আৰক্ষীয় দানবীয় নিৰ্যাতনৰ ফলত জয়ন্তৰ মৃত্যু হোৱাৰ কথা স্পষ্ট হৈছে বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছে।

  উল্লেখ্য যে ১৪ জুনৰ নিশা চৰাইদেউৰ আৰ্মী আৰু তিতাবৰ-বৰহোলাৰ আৰক্ষীয়ে চলোৱা অভিযানত ৰহস্যজনকভাবে ২৩ বছৰীয়া জয়ন্তৰ মৃত্যু হোৱাৰ পিছতে অভিযানকাৰী দুয়োপক্ষই সুৰ সলাইছিল। গোটেই অভিযানটো আৰ্মীয়ে দ্বাৰা সংঘটিত হৈছিল বুলি আৰক্ষীয়ে দায় হাৰিব বিচৰাৰ বিপৰীতে এই পৰ্যন্ত আৰ্মীৰ দলটোৰ কোনো তথ্য প্ৰশাসনে ৰাজহুৱা কৰা নাই।

    আনহাতে উক্ত নিশা শোৱাপাটীৰ পৰা জয়ন্তক ধৰি লৈ যোৱা প্ৰায় এঘণ্টাৰ পিছতে অসুস্থতাৰ অজুহাতত যোৰহাট চিকিৎসালয়লৈ সেনা-আৰক্ষীয়ে জয়ন্তক লৈ গৈছিল। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বেই জয়ন্তৰ মৃত্যু হোৱাৰ কথা চিকিৎসালয়ৰ ৰিপ’ৰ্টত প্ৰকাশ কৰিছে। ইয়াৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে জয়ন্ত চিকিৎসালয়ত গৈহে মৃত্যু হোৱা বুলি কব বিচৰা ঘটনাই ৰাইজক অধিক সন্দিহান কৰি তুলিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে তিনিজন আৰক্ষী বিষয়াক নিলম্বন কৰি চৰকাৰ তথা প্ৰশাসনে জয়ন্তৰ মৃত্যুৰ তদন্ত সামৰিলে নহ’ব।

    সমগ্ৰ বিষয়টোৰ লগত জড়িত আটাইকেইজন দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰক। জয়ন্তৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ৰাজহুৱা কৰক। তদন্ত প্ৰক্ৰিয়া আগনবঢ়ালৈকে ৰাজ্যজুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব বুলিও ব্যক্ত কৰে সম্পাদকগৰাকীয়ে।

জয়ন্তৰ বাসগৃহত বিধায়ক ৰূপজ্যোতি কুৰ্মী

   আজি আবেলি জয়ন্তৰ বাসগৃহত মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ শোকসন্তৰ্প্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাটোৰ তদন্ত চি বি আই অথবা ‘এন আই এ’ক অৰ্পণ কৰিবলৈ দাবী জনায়। ইফালে কালি অসম চৰকাৰে ছয় লাখ টকা এককালীন সাহাৰ্য ঘোষণা কৰাৰ পিছতে আজি ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা পৰিয়ালটোলৈ খুব কম দিনৰ ভিতৰতে তিনি লাখ টকা মোকলাই দিব বুলি জানিবলৈ দিয়ে পৰিষদৰ নগাবাট সমষ্টিৰ সদস্য বিপুল কছাৰীয়ে।

You might also like