ক’ভিড- ১৯ত আক্ৰান্ত চেন্নাইফেৰৎ বৰহোলাৰ এজন যুৱক
নিয়মীয়া বাৰ্তা, ১৯ মে’ : তিতাবৰ মহকুমাৰ বৰহোলা ইকৰাণিৰ এজন যুৱকৰ দেহত ক’ভিড- ১৯ ধৰা পৰা খবৰে সম্প্ৰতি অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। জানিব পৰা মতে, যুৱকজনৰ নাম থানেশ্বৰ বড়ো। চেন্নাইৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল ২৯ বছৰীয়া এই যুৱকজন। যোৱা ১৬ মে’ত চৰকাৰৰ বিশেষ ৰে’লেৰে আহি যুৱকজন মৰিয়নি ষ্টেচনত নামিছিল। জিলা প্ৰশাসনৰ সহযোগত ষ্টেচনৰ পৰা লগে লগে যুৱকজনক লৈ যোৱা হৈছিল যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়লৈ। তাতেই তেওঁক চৈধ্য দিনৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছিল।
কালি যুৱকজনৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগে লগে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। উল্লেখ্য যে, যুৱকজনক কেন্দ্ৰ কৰি ওলোৱা বিভিন্ন উৰা বাতৰিয়ে প্ৰথম অৱস্থাত বৰহোলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
অৱশ্যে এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ শংকিত হ’ব লগাৰ কোনো কাৰণ নাই বুলি প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিছে।