নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাতিনীয়েকৰ জন্মদিনত অংশ লৈছিল বৰদা দাসে

অমিয়া নগৰৰ ক’ৰোনা আক্রান্ত মহিলাক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা ৯ মেঃ মহানগৰীৰ চানমাৰিৰ অমিয়া নগৰত বৰদা দাস (৫৫) নামৰ মহিলাগৰাকী মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্র অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি হৈছে৷ কোনোধৰণৰ ভ্রমণ বৃত্তান্ত নথকাকৈ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত বৰদা দাস কেনেকৈ আক্রান্ত হ’ল, তাকে লৈ প্রশ্ন উত্থাপন হৈছে৷ উল্লেখ্য যে বৰদা দাস ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ) কর্তৃপক্ষই নিশ্চিত কৰিছিল৷ এই চাঞ্চল্যকৰ তথা উদ্বেগজনক খবৰটো পোহৰলৈ অহাৰ লগে লগে কেৱল অমিয়া নগৰেই নহয়, সমগ্র মহানগৰীতে আতংক সৃষ্টি হৈছে৷ উল্লেখ্য যে অমিয়া নগৰৰ বাসিন্দা ৰাজমোহন দাসৰ পত্নী বৰদা দাসৰ স্বামীৰ সৈতে হোৱা মনোমালিন্যৰ সূত্রে প্রথমতে একেটা চৌহদতে এটা পৃথক ঘৰত বসবাস কৰিছিল যদিও পৰৱর্তী সময়ত ওচৰতে বসবাস কৰা মাজু জোঁৱায়েক লোহিত ডেকাৰ ঘৰত থাকিবলৈ লয়৷ স্থানীয় বাসিন্দা মণ্টু শর্মাই জনোৱা মতে, জোঁৱায়েক লোহিত ডেকা, জীয়াৰী অঞ্জু ডেকা, দুই নাতিৰ সৈতে থাকিবলৈ লোৱা বৰদা দাসে যোৱা ২১ এপ্রিলত মহানগৰীৰ অনুৰাধাৰ সমীপৱর্তী বর্ণাচলৰ ৩নং উপ–পথৰ ওচৰত বসবাস কৰা ডাঙৰ জোঁৱাই অনুপ কুমাৰ ডেকাৰ ঘৰলৈ গৈছিল৷ ডাঙৰ জীয়াৰী ৰীতা ডেকাৰ সন্তানৰ অর্থাৎ নাতিনীৰ জন্মদিন উপলক্ষে আয়োজন কৰা অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ অহা বৰদা দাসে তাত তিনি নিশা কটাই অমিয়া নগৰলৈ উভতি যায়৷ অমিয়া নগৰত মাজু জোঁৱায়েকৰ ঘৰত থকাৰ সময়তে যোৱা বুধবাৰে বৰদা দাস অসুস্থ হৈ পৰে৷ কাহ, জ্বৰ আৰু ডায়েৰীয়াত ভোগা বৰদা দাসক এখন ৱেগনাৰ গাড়ীৰে ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয়৷ তাত বৰদা দাসৰ অসুস্থতাৰ লক্ষণসমূহৰ বিষয়ে জানিব পাৰি জি এম চি এইচত ভর্তি কৰিবলৈ হাস্পতাল কর্তৃপক্ষই পৰামর্শ দিয়ে৷ এনে পৰিস্থিতিত বৰদা দাসক জি এম চি এইচৰ পৰিৱর্তে ইষ্টার্ন নার্ছিং হোমলৈ লৈ যোৱা হয়৷ তাতো বৰদা দাসৰ শাৰীৰিক অসুস্থতাৰ লক্ষণসমূহৰ বিষয়ে জানিব পাৰি হাস্পতাল কর্তৃপক্ষই অসুস্থ মহিলাগৰাকীক জি এম চি এইচত ভর্তি কৰিবলৈ পৰামর্শ দিয়ে৷ এইবাৰ জোঁৱায়েক লোহিত ডেকাই শাহুৱেকক জি এম চি এইচলৈ লৈ যায়৷ কিন্তু এম্বুলেঞ্চৰ পৰিৱর্তে এখন ৱেগনাৰত শাহুৱেকক লৈ যোৱা লোহিত ডেকাৰ কিবা কথাক লৈ নিৰাপত্তাৰক্ষীৰ লগত তর্কাতর্কি লাগে৷ ইয়াতেই ক্ষুণ্ণ হৈ জোঁৱায়েকে শাহুৱেকক পাণবজাৰস্থিত মহেন্দ্র মোহন চৌধুৰী হাস্পতাল (এম এম চি এইচ)লৈ যায়৷ তাত বৰদা দাসৰ বেমাৰৰ লক্ষণ ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ লক্ষণৰ সৈতে একে হোৱাত চিকিৎসকে মহিলাগৰাকীক জি এম চি এইচত ভর্তি কৰোৱাৰ পৰামর্শ দিয়ে৷ এইবাৰ এম এম চি এইচৰ এম্বুলেঞ্চৰে মহিলাগৰাকীক জি এম চি এইচলৈ লৈ যোৱা হয়৷

জি এম চি এইচত বৰদা দাসৰ লেলাউটি পৰীক্ষাৰ বাবে সংগ্রহ কৰি লেবৰেটৰীলৈ প্রেৰণ কৰা হয়৷ পৰীক্ষাৰ ফলাফলত পজিটিভ অর্থাৎ বৰদা দাস মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হয় আৰু ইয়াৰ পাছতে অমিয়া নগৰবাসী আতংকিত হৈ পৰে৷ লক্ষণীয়ভাৱে বৰদা দাসৰ লেলাউটি সংগ্রহ কৰা ডাঃ লিথিকেশ ডি এছ নামৰ চিকিৎসকগৰাকীও ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ চিকিৎসকগৰাকীও ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ কথা ধৰা পৰে৷ উল্লেখ্য যে বৰদা দাস আৰু ডাঃ লিথিকেশ ডি এছকে ধৰি মহানগৰীৰ চাৰিজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে৷

ইফালে, বৰদা দাস সংহাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পাছতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, বিভাগটোৰ কেইবাজনো বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুসহ কেইবাগৰাকী বিষয়া শুকুৰবাৰে অমিয়া নগৰত উপস্থিত হয়৷ অমিয়া নগৰত উপস্থিত হৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাস্থ্য বিভাগৰ বিধি অনুযায়ী অঞ্চলটোত ল’বলগীয়া প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা প্রশাসন তথা স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷ তদুপৰি বৰদা দাস অঞ্চলটোৰ লগতে আৰু কোন অঞ্চলৰ মানুহৰ সংস্পর্শলৈ আহিছিল সেয়া চিনাক্ত কৰিবলৈ নির্দেশ দিয়া হয়৷ পৰৱর্তী সময়ত উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমক বর্তমান জি এম চি এইচত চিকিৎসাধীন হৈ থকা বৰদা দাসৰ সৈতে প্রত্যক্ষ সংস্পর্শলৈ অহা ৫ আত্মীয়সহ ২০জন লোকক চিনাক্ত কৰা বুলি জানিবলৈ দিয়ে৷ আনহাতে, আক্রান্ত মহিলাগৰাকী ৪০জন লোকৰ সৈতে পৰোক্ষ সংস্পর্শলৈ অহা বুলি মন্তব্য কৰে৷ ইয়াৰ ভিতৰত বৰদা দাসক হাস্পতাললৈ নিয়া ৱেগনাৰ গাড়ীখনৰ চালকজনকো চিনাক্ত কৰা হৈছে৷ ভ্রমণ বৃত্তান্ত নোহোৱাকৈ মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বৰদা দাস ডাঙৰ জোঁৱায়েকৰ ঘৰৰ পৰা অহাৰ পাছত অসুস্থ হৈ এই ভাইৰাছত আক্রান্ত হোৱা বুলি সন্দেহ কৰা হৈছে৷ অৱশ্যে ডাঙৰ জোঁৱায়েকৰ পৰিয়ালসহ বর্ণাচল অঞ্চলৰ কোনো লোক জন্মদিনৰ অনুষ্ঠানত অংশগ্রহণ কৰাৰ পাছত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি ধৰা নপৰালৈকে এই কথা নিশ্চিত কৰিব পৰা নাযায় বুলি জিলা উপায়ুক্তগৰাকীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াই মন্তব্য কৰে৷ ইফালে, স্থানীয় ব্যক্তি মণ্টু শর্মাই লগতে জনোৱা মতে, বৰদা দাসে চাৰি দিনমান পূর্বে অমিয়াপুৰৰ মাণিক কলিতা নামৰ লোকজনৰ ঘৰত অনুষ্ঠিত এক মাংগলিক অনুষ্ঠানতো অংশগ্রহণ কৰিছিল৷ ইফালে, মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহণ বিষয়াৰ কার্যালয় চৌহদত এখন দোকান দি জীৱন নির্বাহ কৰা জোঁৱায়েক লোহিত ডেকাই যোৱা কেইদিনত শতাধিক লোকৰ সংস্পর্শলৈ আহিছিল বুলি জানিব পৰা গৈছে৷ স্বাস্থ্য বিভাগে লোহিত ডেকাৰ পৰিয়ালটোৰ স্বাস্থ্য পৰীক্ষা কৰে৷ আনহাতে, স্বাস্থ্য বিভাগে আজি অনুপ কুমাৰ ডেকাৰ পৰিয়ালটোক মহানগৰীৰ সৰুসজাইত থকা কোৱাৰেণ্টাইন গৃহলৈ প্রেৰণ কৰে৷ ইফালে, জিলা প্রশাসনে অমিয়া নগৰক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে সমগ্র অঞ্চলটো ছেনিটাইজ কৰে৷ উক্ত জন্মদিনৰ অনুষ্ঠানত কোন কোন মানুহ আহিছিল, তাৰ তালিকা স্বাস্থ্য বিভাগে প্রস্তুত কৰা বুলিও জানিব পৰা গৈছে

You might also like