ক’ভিডত আক্ৰান্ত হৈ GMCHত মৃত্যু বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ
নিয়মীয়া বাৰ্তা ২৬ মেঃ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু ৷ গুৰুতৰভাৱে ক’ভিডত আক্ৰান্ত হৈ আজি পুৱা প্ৰায় ৫.৩০ বজাত মৃত্যু ঘটে বিধায়ক নাৰ্জাৰীৰ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছিল বিধায়কগৰাকী ৷
মঙলবাৰে বিধায়ক গৰাকীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱস্থা আছিল সংকটজনক ৷ যাৰ বাবে ভেন্টিলেচনত চিকিৎসা আগবঢ়াই থকা হৈছিল নাৰ্জাৰীক ৷
বিধায়ক গৰাকী একেৰাহে চাৰিবাৰ জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰিছিল ৷ তেওঁৰ মৃত্যুত গোসাঁইগাঁৱত শোকৰ ছাঁ পৰিছে।
গোঁসাইগাঁও সমষ্টিৰ বিধায়ক নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ৷ অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিধায়ক গৰাকীৰ স্বৰ্গগত আত্মাৰ সদগতি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷
গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ। অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালে। মই প্ৰয়াত নাৰ্জাৰীৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ। pic.twitter.com/6bbkDDNRgW
— Himanta Biswa Sarma (@himantabiswa) May 26, 2021