মন্ত্রী পৰিষদৰ বৈঠক বর্জন কৰিলে বিপিএফৰ ৩ মন্ত্রীয়ে
ইউপিপিএলৰে বিজেপিৰ মিত্রতাক লৈ তীব্র অসন্তুষ্টি
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ বিটিচি নির্বাচনত বড়োভূমিত সৃষ্টি হোৱা নতুন ৰাজনৈতিক সমীকৰণক লৈ চলি থকা চর্চাৰ মাজতে আজি ৰাজ্যিক কেবিনেটত উপস্থিত থকাৰ পৰা বিৰত থাকিল বি পি এফ দলৰ তিনিগৰাকী মন্ত্রী৷ মুখ্যমন্ত্রীৰ চৰকাৰী বাসগৃহ ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত আজি আনুষ্ঠানিকভাৱে ইউ পি পি এল, বিজেপি আৰু গণ সুৰক্ষা পার্টী মিলিত হৈ বিটিচি পৰিষদ গঠনৰ চূড়ান্ত সিদ্ধান্ত গ্রহণৰ পাছতে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বর্জন কৰিলে তিনি মন্ত্রী ক্রমে চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম আৰু ৰিহণ দৈমাৰীয়ে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত আজি কেবিনেটলৈ সকলো মন্ত্রীকে আমন্ত্রণ জনোৱা হৈছিল৷ সেই অনুসৰি বৈঠকৰ টেবুলত মন্ত্রী তিনিগৰাকীৰ বাবে আসন সংৰক্ষিত কৰি ৰখা হৈছিল৷ কিন্তু নির্দিষ্ট সময়ত অনুষ্ঠিত বৈঠকত উপস্থিত নাথাকিল বি পি এফৰ তিনি মন্ত্রী৷ মন কৰিবলগীয়া যে বিটিচি নির্বাচনৰ প্রচাৰ অভিযানত তিক্ততাপূর্ণ বাক–বিতণ্ডাৰে বিজেপি আৰু বি পি এফৰ মাজত সংঘাতে তীব্র ৰূপ ধাৰণ কৰিছিল৷ আনকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অচিৰেই মন্ত্রীসভাত তিনিটা মন্ত্রীৰ পদ খালী হ’ব বুলিও ঘোষণা কৰিছিল৷ আনহাতে, বি পি এফ নেত্রী তথা মন্ত্রী প্রমীলাৰাণী ব্রহ্মই মুকলিকৈ এইবুলি প্রত্যাহ্বান জনাইছিল যে বিজেপিয়ে যদি মিত্রতা ভংগ কৰিছে, তেন্তে মন্ত্রীসভাৰ পৰা বি পি এফৰ মন্ত্রীক বর্খাস্ত কৰক৷ বিটিচি নির্বাচনক কেন্দ্র কৰি তীব্রতৰ হৈ উঠা এনে সংঘাতৰ মাজতে অৱশ্যে নেডাৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰিছিল যে ২০২১ চনৰ নির্বাচনৰ আগলৈকে বিজেপি–বি পি এফৰ মিত্রতা অব্যাহত থাকিব৷ কিন্তু বিধানসভা নির্বাচনত এই মিত্রতাৰ সম্ভাৱনা একেবাৰে ক্ষীণ৷
ইফালে বিটিচি নির্বাচনৰ ফলাফল ঘোষণাৰ পাছত একক বৃহৎ দল ৰূপে চিহ্ণিত হোৱা বি পি এফক পৰিষদ গঠনত সহায় কৰিবলৈ পুনৰ মিত্রতাতে সমর্থন দিবলৈ বিজেপিক আহ্বান জনাইছে৷ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে আজি মুকলিকৈ বিজেপিৰ সমর্থনৰ আহ্বান জনাই পৰিষদ বি পি এফে গঠন কৰিব বুলি দাবী তোলে৷ কিন্তু হাগ্রামাৰ এনে দাবী তথা আহ্বানক নস্যাৎ কৰি ইউ পি পি এলৰ সৈতে পৰিষদ গঠনৰ সিদ্ধান্ত লয় ৰাজ্যৰ শাসকীয় দলটোৱে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োক বিটিচিৰ পৰৱর্তী মুখ্য কার্যবাহী সদস্য ঘোষণা কৰাত হাগ্রামা মহিলাৰীৰ পুনৰ চৰকাৰ গঠনৰ সকলো পৰিকল্পনা, প্রস্তুতিৰ অন্ত পৰে৷ মুখ্যতঃ বি পি এফৰ অস্তিত্ব নস্যাৎ কৰি বিজেপিয়ে লোৱা সিদ্ধান্তৰ পাছতে বি পি এফৰ তিনি মন্ত্রীয়ে ৰাজ্যিক কেবিনেট বর্জন কৰে৷ অৱশ্যে তিনি মন্ত্রীৰ অনুপস্থিতিৰ কাৰণ এতিয়াও সদৰী কৰা নাই বি পি এফে৷ আনহাতে, সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই সন্দর্ভত প্রকাশ কৰা মতে, মন্ত্রী চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম আৰু ৰিহণ দৈমাৰীয়ে কেবিনেটত অনুপস্থিত থাকিব বুলি কোনো বার্তা প্রেৰণ কৰা নাই৷ মন্ত্রী তিনিগৰাকীয়ে কেবিনেটত উপস্থিত থাকিব বুলিয়ে বিভাগীয় বিষয়াসকলৰ লগতে যাৱতীয় ফাইল বৈঠকৰ টেবুললৈ অনা হৈছিল৷ কি কাৰণত উপস্থিত নাথাকিল, সেই কথা জানিব পৰা হোৱা নাই৷ উল্লেখ্য যে বিজেপি তথা ৰাজ্য চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে বি পি এফৰে মিত্রতা ভংগ হোৱাৰ কথা ঘোষণা কৰা নাই৷