প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মাকুমাৰীৰ মুখ্য প্ৰশাসক দাদী হৃদয় মোহনীৰ প্ৰাণ ত্যাগ
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ প্ৰজাপতি ঈশ্বৰীয় ব্ৰহ্মাকুমাৰীৰ মুখ্য প্ৰশাসক দাদী হৃদয় মোহনীৰ আজি মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।
আধ্যাত্মিক সংগঠনটোৰ এজন মুখপাত্ৰৰ মতে, যোৱা ১৫ দিন ধৰি তেওঁ মুম্বাইৰ চৈফী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। উল্লেখ্য, এবছৰ আগতে আধ্যাত্মিক সংগঠনটোৰ প্ৰাক্তন মুখ্য প্ৰশাসক দাদী জানকীৰ মৃত্যুৰ পিছত দাদী হৃদয় মোহনীয়ে সংগঠনটোৰ মুখ্য প্ৰশাসক হিচাপে নিযুক্ত হৈছিল।
দাদীৰ শৰীৰ আবু ৰোডস্থিত সংস্থাটোৰ মুখ্য কাৰ্যালয়লৈ অনা হ’ব, ইয়াতে শুক্ৰবাৰে ‘ৰাজযোগিনী’ৰ প্ৰতি জনসাধাৰণে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিব। আধ্যাত্মিক নেত্ৰীগৰাকীৰ অন্তেষ্টিক্ৰিয়া ১৩ মাৰ্চত সম্পন্ন কৰা হ’ব।