নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়ীদিহিং নৈৰ আৱৰ্জনা পৰিস্কাৰ স্বেচ্ছাসেৱী সংগঠনৰ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ “সহায় The Helping Hand” নামৰ মাৰ্ঘেৰিটাৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি ইংৰাজী নৱবৰ্ষ তৃতীয়টো দিনত মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং নৈখন পৰিস্কাৰ কৰাৰ উদেশ্য মাৰ্ঘেৰিটা বজাৰৰ কাষৰ বৈ যোৱা বুঢ়ীদিহিং ৰে’লৱে দলঙৰ তলৰ ভাগত পৰি থকা আৱৰ্জনা পৰিস্কাৰৰ বাবে এক প্ৰচেষ্টা হাতত লয়। মাৰ্ঘেৰিটাৰ একাংশ নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ ঐক্যবদ্ধ সংগঠনটোৱে বিগত ৪ সপ্তাহ ধৰি মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা নৈখনৰ পাৰ সমূহ পৰিস্কাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । এইক্ষেত্ৰত কিন্ত মাৰ্ঘেৰিটা বজাৰ সমিতিৰ পৰা আশা ব্যঞ্জক সহাৰি লাভ নকৰাত সংগঠনটোৰ নেতৃত্বত কিছু হতাশ হৈছে যদিও এনে কাৰ্যসূচী নিয়মীয়াকৈ ৰূপায়ণ কৰি যোৱাৰ পণ লৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে “সহায় The Helping Hand”ৰ সভাপতি কৌস্তভ সিংহই।

You might also like