উপ–নির্বাচনত মহাজোঁটে দিব উমৈহতীয়া প্রার্থীঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ৰাজ্যত হ’ব লগা উপ–নির্বাচনত উমৈহতীয়া প্রার্থী প্রক্ষেপ কৰিব বিৰোধী মহাজোঁটে৷ শুকুৰবাৰে ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এই কথা উল্লেখ কৰাৰ লগতে কয়– বিজেপিক পৰাভূত কৰাৰ স্বার্থত উপ–নির্বাচন হ’ব লগা প্রতিটো সমষ্টিতে বিৰোধী সকলো দলৰ সৈতে আলোচনা কৰি প্রার্থী প্রক্ষেপ কৰা হ’ব৷
ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিৰোধী দলৰ কোনো কাম নাই বুলি শেহতীয়াকৈ কৰা মন্তব্যৰ তীব্র সমালোচনা কৰি সভাপতি ৰিপুণ বৰাই কয়– মুখ্যমন্ত্রীয়ে এই বক্তব্যৰে গণতন্ত্রক ভেঙুচালি কৰাই নহয়, দেশৰ সংবিধানখনকো অপমান কৰিছে৷ যি সংবিধানৰ জৰিয়তে তেওঁ বিধায়ক হৈ মুখ্যমন্ত্রী হৈছে, সেই সংবিধানতে বিধায়ক তথা জনপ্রতিনিধিৰ দায়িত্ব আৰু কর্তব্য স্পষ্টকৈ উল্লেখ আছে৷
মুখ্যমন্ত্রী ড০ শর্মা যেতিয়া প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ মন্ত্রীসভাত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মন্ত্রী আছিল, তেতিয়াই তেওঁ বিধায়ক পুঁজি ৫ লাখৰ পৰা এক কোটি টকালৈ বৃদ্ধি কৰিছিল৷ তদুপৰি পঞ্চায়তকে ধৰি বিভিন্ন বিভাগত উন্নয়নমূলক কাম–কাজ পর্যবেক্ষণ কৰিবলৈ বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ ব্লক লেভেল ভিজিলেন্স এণ্ড মনিটৰিং কমিটী গঠন কৰা হৈছিল৷ ইয়াৰ পাছতো যদি মুখ্যমন্ত্রীয়ে বিধায়কসকলৰ উন্নয়নমূলক কাম–কাজৰ কোনো দায়িত্ব নাই বুলি মন্তব্য কৰে, সেয়া গণতন্ত্রৰ বাবে চৰম বিপজ্জনক বিষয়৷
আনহাতে, অলপতে মুখ্যমন্ত্রী ড০ শর্মাই বৰপেটাৰ ৰাজহুৱা সভাত ড০ শ্যামাপ্রসাদ মুখার্জীয়ে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ প্রচলন কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল বুলি কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি ৰিপুণ বৰাই কয়– মুখ্যমন্ত্রীয়ে ইতিহাস বিকৃত কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মাই নিশ্চয় জানে যে গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ আগলৈকে অসমৰ অধিকসংখ্যক ছাত্র–ছাত্রী কলিকতা বিশ্ববিদ্যালয়ত পঢ়িছিল আৰু এইসকল ছাত্র–ছাত্রীৰ দাবীৰ পৰিপ্রেক্ষিতত এক গতানুগতিক প্রক্রিয়াৰে অসমীয়া ভাষা কলিকতা বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত হৈছিল৷
গাৰ জোৰেৰে ইতিহাস বিকৃত কৰাসকলৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাও ব্যতিক্রম নহয়৷ সেয়েহে তেওঁ অসমক ব্রিটিছ আমোলত গ্রুপিঙৰ পৰা বচাবলৈ গোপীনাথ বৰদলৈক ড০ শ্যামাপ্রসাদ মুখার্জীয়ে সহায় কৰা বুলি কৈ অসমক বর্তমানৰ বাংলাদেশৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা কৰা বুলি প্রতিপন্ন কৰিবলৈ বিচাৰিছে৷ কংগ্রেছ সভাপতিগৰাকীয়ে শেহতীয়াকৈ আৰক্ষীয়ে কৰা এনকাউণ্টাৰক লৈও প্রতিক্রিয়া প্রকাশ কৰি কয়– মুখ্যমন্ত্রী ড০ শর্মাই আৰক্ষীয়ে অপৰাধীক পলাবলৈ চেষ্টা কৰিলে গুলীয়াই দিয়াটো এটা পেটার্ন বুলি কৈ আৰক্ষীক যি উৎসাহিত কৰিলে, সেয়াও এক একনায়কত্ববাদী চিন্তাধাৰাৰ পৰিচায়ক৷