নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষী অভিযানঃ ছয়গাঁৱত তিনি জাল নোট ব্যৱসায়ীক আটক

দুখন বাহন, ছটা মবাইলসহ নোটৰ বান্দিল জব্দ

নিয়মীয়া বাৰ্তা,১০ জুন : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ঔগুৰী পথত মঙলবাৰে সন্ধিয়া ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্ব আৰক্ষীৰ এটি দলে অভিযান চলাই ৩ জন জালনোট ব্যৱসায়ীক আটক কৰাৰ লগতে লোক তিনিজনে ব্যৱহাৰ কৰা এখন ওৱাগেনাৰ আৰু এখন মটৰ চাইকেল, ছটা মোবাইল আৰু এটি নোটৰ বান্দিল জব্দ কৰে ৷
জানিব পৰামতে, কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱত এটি জাল নোট ব্যৱসায়ী চক্ৰ সোমোৱাৰ তথ্য লাভ কৰে বিশেষ সূত্ৰে । উল্লেখ্য যে গোপন তথ্যৰ ভিত্তিত কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অসামৰিক পোচাকত ছয়গাঁৱৰ ঔগুৰী চ’কত খাপ পিতি আছিল । সন্ধিয়া জালনোট ব্যৱসায়ী কেইজনে কোনোবা জালনোট চক্ৰৰ ওচৰলৈ অহাৰ সময়তেই আৰক্ষীৰ দলটোৱে হাতে লোটে আটক কৰে লোক কেইজনক ৷ এই তিনিজনে কোনোবা লোকক তিনি লাখ টকা দি ছয় লাখ জাল নোট নিবলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আৰক্ষীয়ে জব্দ কৰা তিনিলাখ টকাৰ বান্দিলটোতো আছিল জাল। বান্দিলটোৰ দুয়োফালে ৫০০ টকীয়া নোট ৫ খনকৈ থকাৰ বিপৰীতে বান্দিলটোৰ ভিতৰত আছে কেৱল খালী কাগজ । সম্প্ৰতি ছয়গাঁও আৰক্ষী থানাৰ লকআপত থকা লোককেইজন হৈছে ছয়গাঁৱৰ ঢেকেনাবড়ীৰ আৰফান খান, বকো আগছিয়াৰ চামছুল আলী , বকো আগচিয়াৰ জিয়াউৰ ৰহমান বুলি জানিব পৰা গৈছে ৷ জব্দ কৰা ওৱাগেনাৰ খনৰ নম্বৰ হ’ল এ এছ ০১ বি পি ৮৩৪৬ আৰু মটৰ চাইকেল খনৰ নম্বৰ হ’ল এ এছ ০১ টি এম ২৬৯৭ ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে

You might also like