বিজেপি নেতা নিংকু হুজুৰীৰ মহানুভৱতাঃ ছয়গাঁৱৰ চণ্ডিকা দেৱালয়ৰ পুখুৰীৰ মাছ-কাছৰ বাবে প্ৰদান কৰিলে খাদ্য সামগ্ৰী
জটিল ৰোগত আক্ৰান্ত শিক্ষকৰ পৰিয়ালক প্ৰদান কৰিলে খাদ্য সামগ্ৰী
নিয়মীয়া বাৰ্তা, ২০ মেঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ত আজি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা বিশিষ্ট সমাজকৰ্মী নিংকু (নিদৰ্শন) হুজুৰীয়ে চণ্ডিকা দেৱালয়ত ধূপ ১ বান্দিল, শলিতা ১ কিলগ্ৰাম, মেচ ১ পেকেট, মিঠাতেল ১ লিটাৰ আদি মন্দিৰৰ পূজাৰীক প্ৰদান কৰে । লগতে চণ্ডিকা দেৱালয়ৰ পুখুৰীৰ মাছ আৰু কাছৰ খাদ্যৰ বাবে মুৰী আৰু বিস্কুট প্ৰদান কৰে । আনহাতে, হুজুৰীয়ে দেৱালয়ৰ পৰা পোনে পোনে আহি ছয়গাঁৱৰ বিহদিয়া গাঁৱৰ নিবাসী বৃদ্ধা পদুমী পাঠকৰ ঘৰত খবৰ লবলৈ গৈ বৃদ্ধা গৰাকীক ১৫ কিলগ্ৰাম চাউল, মিঠাতেল ১ লিটাৰ, আলু ৩ কিলগ্ৰাম, নিমখ ১ কিলগ্ৰাম, দালি ২ কিলগ্ৰাম আদি খাদ্য সামগ্ৰী প্ৰদান কৰে । সেই বৃদ্ধাগৰাকীক ঘৰৰ পৰিস্থিতি দেখি তেওঁ ঘৰটোৰ বাবে টিন পাত দিব বুলি বৃদ্ধাগৰাকীক কৈ আহে । ইযাৰ পিছতে বিজেপি নেতাগৰাকীয়ে গুৱাহাটীৰ ছানভেলী হাস্পতালত এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মাকেলী গাঁৱৰ নিবাসী তথা বিনাবেতনে শিক্ষকতা কৰি থকা সাতগাঁও উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰবিন বড়োৰ খবৰ লবলৈ যায় তেওঁৰ নিজা বাসভৱনলৈ । নেতা গৰাকীয়ে খবৰ লোৱাৰ লগতে শিক্ষক গৰাকীৰ পৰিয়ালক ১৫ কিলগ্ৰাম চাউল, দালি ২ কিলগ্ৰাম প্ৰদান কৰে । নেতাগৰাকীৰ এই মহানুভৱতাক ছয়গাঁৱৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে । হুজুৰীয়ে অনাগত দিনতো দুৰ্গত লোক সকলক পৰ্যাপ্ত পৰিমাণে সহায় সহযোগীতা আগবঢ়াই যাব বুলি “নিয়মীয়া বাৰ্তা”ৰ সাংবাদিকক জানিব দিয়ে ।