নিয়মীয়া বাৰ্তা, ১ জুন : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অবাধ হাৰত চলি আছে বন ধ্বংস অভিযান । মাজে সময়ে বন বিভাগে ৰাইজে দেখা কৈ দুই এখন কাঠৰ গাড়ী জব্দ কৰি আহিছে যদিও একাংশ চোৰাং কাঠ বেপাৰীয়ে বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সৈতে গোপন বুজা বুজিৰে বন ধ্বংস অভিযান অব্যাহত ৰাখিছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ পৰাই চোৰাং বেপাৰীয়ে মূল্যবান শাল গছ কাটি নিয়াৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে । বন বিভাগৰ একাংশ বিষয়াৰ পূৰ্ণ সহযোগীতাৰ বাবে সম্প্ৰতি বন ধ্বংস অভিযান অব্যাহত আছে ।
উল্লেখ্য যে যি সময়ত কাঠ সৰবৰাহ কৰা গাড়ীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাব লাগে কিন্তু সেই কাঠৰ গাড়ী আৰক্ষীয়ে জব্দ কৰাত বন বিভাগৰ ফোপাল স্বৰূপটো ওলাই পৰিছে । কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীৰ এক অভিযানত ৩০ মে’ৰ নিশা অতিৰিক্তভাৱে কাঠ কঢ়িওৱা এখন ট্ৰাক জব্দ কৰে ছয়গাঁও আৰক্ষীয়ে ৷ ঘটনাৰ বিৱৰণীত জানিবপৰামতে নিশা ছয়গাঁও আৰক্ষীৰ নিয়মীয়া তালাচীত ৰাষ্ট্ৰীয় ঘাই পথেৰে মেঘালয়ৰ পৰা ছয়গাঁও অভিমুখে আহি থকা এ এছ ০১ এইচ চি ৫৬৬০ নম্বৰৰ ট্ৰাকখন ৰখাই তালাচী চলাই ৷ মেঘালয়ৰ পৰা বকোৰ সোণতলীলৈ পাইন কাঠ আৰু অকাঠী কাঠ কঢ়িয়াই অনা ট্ৰাকখনে কাগজ পত্ৰ ভালদৰে দেখুৱাব নোৱাৰাত ট্ৰাকখন জব্দ কৰি ছয়গাঁও থানালৈ লৈ আহে ৷ কালি বন বিভাগে কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিচত চালানত বিসংগতি ধৰা পৰে ৷ এই সমস্ত ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ।