২০১৯ ত অনুষ্ঠিত হোৱা APDCL ৰ পৰীক্ষা বাতিল, পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষাঃ ঘোষণা মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ২০১৯ ত অনুষ্ঠিত হোৱা APDCL ৰ পৰীক্ষা বাতিল। পুনৰ অনুষ্ঠিত হ’ব এপিডিচিএলৰ নিযুক্তি পৰীক্ষা। আজি এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“এপিডিচিএলৰ যি শিক্ষাৰ্থীসকল আছিলে, তেওঁলোকৰ লগত গ্ৰেপ্তাৰ হোৱা ব্যক্তিকেইজনে সঘনাই টেলিফোনযোগে যোগাযোগ কৰি আছিল। এজন লোকৰ ঘৰৰ পৰা পৰীক্ষাৰ উত্তৰ-পুঞ্জি আৰু প্ৰশ্নকাকত উদ্ধাৰ কৰিছে। তাৰোপৰি এপিডিচিএলৰ বৰ্ডক মই পৰামৰ্শ দিছো যে চিএম ভিজিলেঞ্চৰ দ্বাৰা আমি যিখিনি নথি-পত্ৰ পালো, তাৰ পৰিপ্ৰেক্ষিতত আমি এই পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।”
এতিয়ালৈকে নিযুক্তি পৰীক্ষা কেলেংকাৰিৰে জড়িত থকাৰ অভিযোগত ১১জনকৈ লোক জালত পৰিছে৷
উল্লেখ্য যে বিগত ২০১৯ চনত এপিডিচিএলে ১,৬০০ ক্ষেত্র সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু এই পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্রেক্ষিতত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ বিষয়টো স্থবিৰ হৈ পৰিছিল৷ ইয়াৰ মাজতে শেহতীয়াকৈ এই নিযুক্তি পৰীক্ষাৰ অ’এমআৰ শ্বীট মূল্যায়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰে এপিডিচিএলে এক বুজাবুজিৰ চুক্তিত উপনীত হয়৷ বুজাবুজি চুক্তিত উপনীত হ’লেও উত্থাপিত অভিযোগ সন্দর্ভত তদন্ত প্রক্রিয়াত নামি পৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ৷ যোৱা ১৬ ছেপ্ঢেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা অনুসৰি ৰাজ্যপালে কেলেংকাৰি সন্দর্ভত লাভ কৰা এক অভিযোগ–পত্রৰ ভিত্তিত মুখ্যমন্ত্রীৰ বিশেষ তদাৰীক কোষে এই তদন্ত আৰম্ভ কৰিছে৷