নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই আঁচনিৰ চেক প্ৰদান

নিয়মীয়া বাৰ্তা,ঢকুৱাখনা,২৪ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ বিত্ত বিভাগ আৰু ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ৰ উদ্যোগত আজি ঢকুৱাখনাত অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ সকাহ আৰু উদগনিমূলক আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ১ নং বান্তৌ গাঁৱৰ ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মহকুমাটোৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ মুঠ ২,৪৮০ গৰাকী হিতাধিকাৰীক পৰ্যায়ক্ৰমে চেক বিতৰণ কৰা হ’ব ৷ এই চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে।বিধায়কগৰাকীয়ে উন্নয়ন খণ্ডৰ অধীনৰ ৪০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰি দিয়া ভাষণত কয়- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত অসম বিধানসভাৰ নিৰ্বাচনী ভাষণত মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ কথা কৈছিল ৷

মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলি মন্তব্য কৰি দলেই নাৰী সবলীকৰণৰ দিশে আগবাঢ়ি যোৱা মহিলাসকলৰ ক্ষেত্ৰত এই ৰেহাই ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ ২৮ নৱেম্বৰৰ পৰাই অসমৰ বিভিন্ন জিলাত পৰ্যায় ক্ৰমে মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ গ্ৰহণ কৰা মহিলাসকলক সকাহ দিবলৈ অসম মাইক্ৰ’ফাইনেঞ্চ ঋণ উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰি থকা হৈছে।ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়া মৌচম দাসে আঁতধৰা চেক প্ৰদান অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সদস্য বসন্ত শইকীয়া, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমণি গোহাঁই চেতীয়া, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা,মণ্ডল সভাপতি সুনীল দলে আদি উপস্থিত থাকি দৰিদ্ৰ মহিলাসকলক মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰা সকাহ দিবলৈ মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

You might also like