নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাসৰ ক’ৰোনাত মৃত্যু

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে অভিনেত্ৰী চেতনা দাস স্বামী বিমল দাসে। যোৱা ২৭ আগষ্টত বিমল দাসৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাত জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল। দাসৰ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও আজি শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

উল্লেখ্য ভূতত্ত্ব জৰীপ বিভাগৰ প্ৰাক্তন বিষয়া আছিল প্ৰয়াত দাস। আনহাতে অভিনেত্ৰী চেতনা দাসো কৰোনাক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

You might also like