নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রসংগ– অখিল গগৈ মানসিক ৰোগী; ‘মুখ্যমন্ত্রীয়ে সদনত অসত্য কথা নকয়’: ড০ শর্মা

নিয়মীয়া বাৰ্তা,  ২৬ মে’:  সদনৰ মজিয়াত সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিৱসাগৰৰ বিধায়ক অখিল গগৈক মানসিক ৰোগৰ চিকিৎসা কৰি থকা বুলি কৰা মন্তব্যক লৈ একাংশই প্রতিক্রিয়া প্রকাশ কৰিছে যদিও নিজৰ স্থিতিত অটল আছে মুখ্যমন্ত্রী৷

মুখ্যমন্ত্রী ড০ শর্মাই মঙলবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতিত অটল থাকি কয় যে মুখ্যমন্ত্রীয়ে সদনত অসত্য কথা নকয়৷ মুখ্যমন্ত্রীয়ে যি ক’ব, সত্য ক’ব৷ সেইদৰে তেওঁৰ মন্তব্যক লৈ হোৱা প্রতিক্রিয়া সম্পর্কত কয় যে ক্রিয়া হ’লে প্রতিক্রিয়া থাকিবই৷ প্রতিক্রিয়াক এই চৰকাৰখনে ভয় নকৰে৷ ভয় কৰাৰ প্রশ্নই নুঠে৷

এই প্রসংগতে তেওঁ আৰু কয়– আমি গণতন্ত্রক সন্মান কৰোঁ৷ কোনোবাই প্রতিবাদ কৰিলে আৰক্ষীয়ে ব্যৱস্থা ল’ব নালাগে৷ গণতন্ত্রত ৰাজনৈতিক উত্তৰ ৰাজনৈতিকভাৱেই হয়৷ এইটো তেনেকৈ চলি থাকিব৷ আমি কিবা ক’ম– আমাৰ প্রতিমূর্তি জ্বলাব৷ তেওঁলোকে কিবা ক’ব আমাৰ মানুহে তেওঁলোকৰ প্রতিমূর্তি জ্বলাব৷ এইটোত আৰক্ষী সোমাব নালাগে৷ আৰক্ষীয়ে হস্তক্ষেপ কৰিব নালাগে৷ আৰক্ষীয়ে দূৰে দূৰে থাকিব লাগে৷

ইপিনে সোমবাৰে চৰাইদেউৰ শিমলুগুৰি, শিৱসাগৰ আৰক্ষীয়ে ছাত্র মুক্তি, ৰাইজৰ দল আৰু বীৰ লাচিত সেনাৰ নেতা মানস কোঁৱৰ, জিণ্টু মেছ, পদ্মকান্ত দাস, চিটু বৰুৱাক গ্রেপ্তাৰ কৰে যদিও মুখ্যমন্ত্রী ড০ শর্মাৰ হস্তক্ষেপত মঙলবাৰে পুৱাই আটাইকেইগৰাকীকে আৰক্ষীয়ে মুকলি কৰি দিয়ে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মঙলবাৰে পুৱা ৭ বজাতেই তেওঁ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানক তেওঁলোকক গ্রেপ্তাৰ কৰাৰ প্রয়োজন নাই বুলি জনাই দিয়ে৷ তাৰ পাছতেই আৰক্ষীয়ে তেওঁলোকক মোকলাই দিয়ে৷

You might also like