উদ্বিগ্ন হ’ব লগা পৰিস্থিতি হোৱা নাই অসমত
নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ৰাজ্যত উদ্বিগ্ন হ’ব লগা ক’ভিড পৰিস্থিতি সৃষ্টি হোৱা নাই৷ এতিয়াও ক’ভিড পজিটিভিটীৰ হাৰ ১ শতাংশতকৈ কম৷ শেহতীয়াকৈ ক’ভিড পৰিস্থিতি অৱনমিত হোৱাৰ শংকা গঢ়ি উঠাৰ সময়তে আজি এই কথা ব্যক্ত কৰিলে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই৷
কাহিলিপাৰাস্থিত চতুর্থ অসম আৰক্ষী বেটেলিয়নত বৃহস্পিতাবাৰে অনুষ্ঠিত স্মৃতি দিৱসত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত এই কথা উল্লেখ কৰি মুখ্য সচিবগৰাকীয়ে কয়– বর্তমান ক’ভিড পৰিস্থিতি বেয়া বুলি ক’ব নোৱাৰি৷ যদিও মাজতে পজিটিভিটীৰ হাৰ ১ শতাংশতকৈ বেছি হৈছিল, কিন্তু সেয়া এতিয়া হ্রাস পাইছে৷ কেন্দ্রীয় চৰকাৰৰ নর্মছ অনুসৰি পজিটিভিটীৰ হাৰ ৫ শতাংশতকৈ বেছি হ’লে পৰিস্থিতি গুৰুতৰ বুলি ধৰা হয়৷ কিন্তু ১ শতাংশতকৈ পজিটিভিটীৰ হাৰ কমি থাকিলে পৰিৱেশ কিছু উন্নত হোৱা বুলি ধৰিব পাৰি৷
ইফালে প্রতিষেধক প্রদানৰ ক্ষেত্রত অসমে প্রথম ড’জ প্রতিষেধক ২ কোটি লোকক প্রদান কৰা বুলি কালি মুখ্য সচিবজনে উল্লেখ কৰে৷ তেওঁ কয়– আমাৰ লক্ষ্য আছিল ২.৩০ কোটি লোক৷ অৱশ্যে প্রায় ১০–১৫ লাখ লোক ৰাজ্যৰ বাহিৰত থাকে৷ সেই অনুসৰি ১০ লাখ লোকক প্রথম পর্যায়ৰ ভেকচিন প্রদান কৰিলে আমি লক্ষ্যত প্রায় উপনীত হ’ম৷ ইয়াৰ বাবে বৃহৎ টিকাকৰণ অভিযান চলাই থকা হৈছে৷
উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৮৪জন৷ আজিৰ দিনটোত ৬২,৫৩৬জন লোকৰ ক’ভিড পৰীক্ষা কৰাৰ অন্তত ৩৮৪জন লোক পজিটিভ চিনাক্ত হৈছে৷ আক্রন্তৰ হাৰ হ’ল ০.৬১ শতাংশ৷ আক্রান্তসকলৰ ১৪৭জন কামৰূপ মহানগৰ, ২৩জন শোণিতপুৰ, ২১জন যোৰহাট জিলাৰ৷ আনহাতে, কালি ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪জন৷ মৃত্যু হোৱাসকল বৰপেটা, যোৰহাট, লখিমপুৰ আৰু ওদালগুৰি জিলাৰ৷ কালিৰ দিনটোত ক’ৰোনামুক্ত হৈ ২২৮জন লোক ঘৰলৈ ওভতাৰ বিপৰীতে এতিয়াও ২,৪১৫জন লোক আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷