নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসা সেৱা আঁচনি সন্দর্ভত স্থিতি স্পষ্ট কৰক চৰকাৰেঃ কর্মচাৰী পৰিষদ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কর্মচাৰীৰ চিকিৎসা সেৱা আঁচনি সন্দর্ভত নির্বাচনৰ পূর্বে চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম কর্মচাৰী পৰিষদে৷ এক বিবৃতিত পৰিষদৰ সম্পাদকপ্রধান মৃণাল দাসে কয় যে বিগত এটা দশক ধৰি চৰকাৰৰ ওচৰত বিনামূলীয়া চিকিৎসা সেৱা আঁচনি ৰূপায়ণৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে৷ কিন্তু এইক্ষেত্রত চৰকাৰে চূড়ান্ত অনীহা প্রকাশ কৰি অহা বুলি মন্তব্য কৰি তেওঁ কয়–‘ৰাষ্ট্রীয় স্বাস্থ্য মিছন সঞ্চালকালয়ৰ কার্যালয়ৰ পৰা আঁচনিখন কার্যকৰীকৰণৰ বাবে চৰকাৰী–বেচৰকাৰী বীমা কোম্পানীক ১৫ ফেব্রুৱাৰীৰ ভিতৰত নিবিদা দাখিল কৰিবলৈ জাননী প্রকাশ কৰা হৈছিল৷ কিন্তু শেহতীয়াভাৱে এই নিবিদা বাতিল কৰি পুনৰ নতুনকৈ নিবিদা জাননী প্রকাশ কৰাৰ বাবেহে প্রস্তুতি চলাইছে৷ চৰকাৰৰ এনে হোঁহকা–পিছলা নীতিত আমি ক্ষুণ্ণ হৈ পৰিছোঁ৷ চৰকাৰে কর্মচাৰীসকলৰ বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ নামত বছৰ বছৰ ধৰি কর্মচাৰীসকলক আভুৱা–ভাঁৰি আহিছে৷’ চৰকাৰৰ সদিচ্ছাৰ অভাৱত আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত বাধাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰি দাসে এই বুলিও কয় যে বিনামূলীয়া চিকিৎসা সেৱা আঁচনি ৰূপায়ণৰ অচিলাৰে কর্মচাৰীসকলৰ চিকিৎসা ভাট্টা বৃদ্ধি নকৰি চৰকাৰে চূড়ান্তভাৱে প্রৱঞ্চনা কৰিছে৷ এতিয়া সাধাৰণ নির্বাচনৰ দোহাই দি বিষয়টো চৰকাৰে পুনৰ অৱহেলা কৰিব বিচাৰিছে৷

সেয়েহে নির্বাচনৰ অধিসূচনাৰ পূর্বে বিনামূলীয়া চিকিৎসা সেৱা আঁচনি সন্দর্ভত চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে৷ অন্যথা কর্মচাৰীসকলৰ চিকিৎসা ভাট্টা বৃদ্ধি কৰিবলৈ তেওঁলোকে চৰকাৰলৈ অনুৰোধ জনাইছে৷ ইফালে, ক’ভিড মহামাৰীৰ বাবে বন্ধ কৰি ৰখা চাৰি শতাংশ মৰগীয়া বানচ শীঘ্রে মুকলি কৰি দিবলৈ কর্মচাৰী পৰিষদে আহ্বান জনাইছে৷ উল্লেখ্য যে শেহতীয়াকৈ কর্মচাৰী পৰিষদৰ কর্ণধাৰ সমিতিৰ বৈঠকত চৰকাৰী কর্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দর্ভত বিশদভাৱে আলোচনা কৰা হয়৷ এই সভাখনতে বিনামূলীয়া চিকিৎসা সেৱা আঁচনি চৰকাৰে ৰূপায়ণ নকৰাত ক্ষোভ প্রকাশ কৰে৷ সেইদৰে একেটা বিবৃতিৰ জৰিয়তে শিক্ষকসকলৰ আর্জিত ছুটী ২৪ দিনলৈ বৃদ্ধিৰ বাবে যাৱতীয় নির্দেশনা জাৰি কৰিবলৈও তেওঁলোকে চৰকাৰক আহ্বান জনাইছে৷ আনহাতে, ৰাজ্যত বৃদ্ধি পোৱা অপৰাধমূলক ঘটনা কঠোৰ হাতেৰে দমন কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্রদান কৰিবলৈও চৰকাৰক পৰিষদে আহ্বান জনাইছে৷

You might also like