নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেওগৰ বাজেটক উচ্চ প্রশংসা মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ অসম বিধানসভাত শুকুৰবাৰে বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা ২০২১–২২ বর্ষৰ বাজেটখনক জনমুখী বাজেট বুলি অভিহিত কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বাজেট দাখিলৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘আজি আমি সঁচাকৈ গর্বিত অনুভৱ কৰিছোঁ৷ বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা এই বাজেটত নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি পূর্ণাংগ ৰূপত দাঙি ধৰাৰ চেষ্টা কৰিছে৷ মাইক্র’ফাইনেঞ্চৰ ঋণৰ পৰা ২৬ লাখ মহিলাক মুক্ত কৰাৰ বাবেই হওক, ১ লাখ চাকৰিৰ জৰিয়তে নিবনুৱা যুৱক–যুৱতীক কর্মসংস্থাপনৰ পথ দেখুৱাই হওক, আমি নির্বাচনৰ প্রতিশ্রুতিৰ ৰূপৰেখা এই বাজেটত দাঙি ধৰিছোঁ৷ অৰুণোদয় আঁচনি হিতাধিকাৰীৰ সংখ্যা প্রতিটো সমষ্টিতে ৫ হাজাৰলৈ বৃদ্ধি কৰি আৰু অৰুণোদয় আঁচনিৰ ধন ১,০০০ টকালৈ বৃদ্ধি কৰি বিত্তমন্ত্রীগৰাকীয়ে আমাৰ আই–মাতৃসকলক উপকৃত কৰিলে৷ এই বাজেটত অসমত এক কৃষি বিপ্লৱৰ আৰম্ভণিৰ কথা কোৱা হৈছে৷ এক কৃষি আয়োগ গঠনৰ জৰিয়তে অসমত অনাগত পাঁচটা বছৰত আমি যাতে কৃষি, উদ্যানশস্য আৰু পশুপালনৰ ক্ষেত্রত স্বাৱলম্বী হ’ব পাৰোঁ, তাৰ এক ৰূপৰেখা অংকন কৰা হৈছে এই বাজেটত৷ অসমৰ প্রতিখন গাঁৱতে একোটাকৈ ৰাজহুৱা পুখুৰী খন্দাই হওক আৰু কৃত্রিম প্রজননৰ দ্বাৰা গৰু জন্ম দিয়াই হওক, কেইবাটাও যুগান্তকাৰী ঘোষণা কৰা বিত্তমন্ত্রীয়ে এই বাজেটত উল্লেখ কৰিছে৷ অসমৰ প্রাথমিক বিদ্যালয়সমূহলৈ, অংগনৱাড়ী কেন্দ্রসমূহলৈ বিদ্যুৎ যোগান আৰু স্বাস্থ্যখণ্ডলৈ অভূতপূর্ব বৰঙণি আগবঢ়াই ১,০০০খন চিকিৎসালয় স্থাপনৰ প্রস্তাৱ এই বাজেটত দিয়া হৈছে৷ সমান্তৰালভাৱে ৫খন চিকিৎসা মহাবিদ্যালয় নির্মাণ কৰিবলৈ লোৱাৰ যি সংকল্প লৈছে, সেয়া বৈপ্লৱিক আৰু ইয়াৰ বাবে বিত্তমন্ত্রীক মই ধন্যবাদ জনাইছোঁ৷ যোৱা ক’ভিড মহামাৰীৰ সময়ত ডিজিটেল ক্ষেত্রখনত দেখা দিয়া বৈষম্যই শিক্ষা ব্যৱস্থাটোক পংগু কৰি তোলাৰ উপক্রম হৈছে৷ সেই দিশৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ ৮ লাখ ছাত্র–ছাত্রীক বিনামূলীয়াকৈ স্মার্ট ফোন আৰু বিনামূলীয়া ইণ্টাৰনেট সেৱা যোগান ধৰাৰ কথা এই বাজেটত ঘোষণা কৰা হৈছে৷ ইয়াৰ বাবেও বিত্তমন্ত্রীগৰাকীক মই ধন্যবাদ জনাইছোঁ৷ ৰাজহ আদায়ৰ ক্ষেত্রত এই বাজেটে এটা যুগান্তকাৰী ধাৰণাৰ কথা উল্লেখ কৰিছে৷ বিশেষকৈ বন বিভাগৰ ৰয়েল্টী পোনে পোনে এতিয়াৰে পৰা কোষাগাৰত জমা দিব পাৰিব৷’ মুখ্যমন্ত্রীয়ে বাজেট সন্দর্ভত ইয়াকো কয়– ক’ভিড পৰিস্থিতিত জনসাধাৰণৰ ওপৰত যি অর্থনৈতিক বোজা পৰিছে, এই পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি বিত্তমন্ত্রীয়ে এটকাও কৰ নলগোৱাকৈ প্রস্তুত কৰা এই বাজেটে সাধাৰণ ৰাইজক যথেষ্ট সকাহ দিব৷ ৰাইজৰ ওচৰত আমি আশীর্বাদ বিচাৰিছোঁ, যাতে আগন্তুক সময়ত বাজেটখন সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ৷

You might also like