ভগা মথাউৰি নির্মাণ কৰিবলৈ জলসম্পদক নির্দেশ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ক’ভিড–১৯ সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতো ৰাজ্যৰ সকলো ভঙা আৰু দুর্বল মথাউৰিৰ মেৰামতি–পুনৰ নির্মাণৰ কাম শীঘ্রে সম্পূর্ণ কৰি তুলিবলৈ জলসম্পদ বিভাগক নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ মঙলবাৰে জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত আগন্তুক বাৰিষাৰ কালছোৱাত সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্রণমূলক কাম–কাজৰ মুখ্যমন্ত্রী সোণোৱালে পর্যালোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যখনে একে সময়তে দুটা ভয়ংকৰ দুর্যোগৰ সন্মুখীন হোৱাৰ বাবে সাজু হ’বলগীয়া হৈছে৷ ক’ভিড–১৯ৰ ভয়াৱহতাৰ সমান্তৰালভাৱে বাৰিষা অহাৰ লগে লগে আমি বান আৰু খহনীয়াৰ ভয়াৱহতাৰো মুখামুখি হ’ব লাগিব৷ ক’ভিড–১৯কেন্দ্রিক লকডাডনৰ বাবে চৰকাৰৰ উন্নয়নমূলক কাম–কাজসমূহো বাধাগ্রস্ত হৈছে যদিও বিষয়ৰ গুৰুত্বলৈ লক্ষ্য ৰাখি স্বাস্থ্যসন্মত বিধি–বিধানৰ মাজেৰে মথাডৰি নির্মাণৰ দৰে জৰুৰী কাম–কাজসমূহ আমি পূর্ণগতিত অব্যাহত ৰাখিব লাগিব৷ জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে ৰাজ্যখনৰ ৩৮টা দুর্বল মথাউৰিৰ ৩২টাৰে মেৰামতিৰ কাম সম্পূর্ণ কৰি তোলা কার্যত সন্তুষ্টি প্রকাশ কৰি অৱশিষ্ট দুর্বল অংশসমূহৰ কাম শীঘ্রে সম্পূর্ণ কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷ দুর্যোগকালীন পৰিস্থিতিৰ মোকাবিলাৰ বাবে দক্ষ শ্রমিক–কর্মচাৰীৰ এটা দল স্পর্শকাতৰ অঞ্চলসমূহত অহর্নিশে সাজু কৰি ৰাখিবলৈও মুখ্যমন্ত্রী সোণোৱালে বিভাগটোক নির্দেশ দিয়ে৷ সেইদৰে গুৱাহাটী আৰু মাজুলীত ইতিমধ্যে সাজু হৈ উঠা সঁজুলি ভঁৰাল (মেটেৰিয়েল বেংক)কেইটাত বানপানীৰ সৈতে মোকাবিলা কৰাৰ বাবে প্রয়োজনীয় সকলো জৰুৰীকালীন সামগ্রী, যেনে– পার্কুপাইন, জি’ বেগ, ৰাবাৰ ব’ট আদি মজুত ৰাখিবলৈও জলসম্পদ বিভাগক নির্দেশ দিয়ে তেওঁ৷
তদুপৰি অহা ১ মে’ৰ পৰা জলসম্পদ বিভাগৰ মুখ্য কার্যবাহী অভিযন্তাৰ কার্যালয়, সকলো ক্ষেত্রীয় সংমণ্ডলৰ কার্যালয় আৰু মূল মূল উপ–সাংমণ্ডলিক কার্যালয়ত আৰম্ভ কৰিবলগীয়া নিয়ন্ত্রণ কক্ষসমূহ ২৪ ঘণ্টাই কার্যক্ষম হৈ থকাটো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷ একেদৰে বানপানীৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযানৰ লগতে সকলো জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলাৰ বাবে ৰাজ্যিক দুর্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ)ক সকলোধৰণৰ অত্যাধুনিক প্রযুক্তিৰ সৈতে সাজু কৰি তুলিবলৈ এই বৈঠকত মুখ্যমন্ত্রী সোণোৱালে ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক নির্দেশ দিয়ে৷ তেওঁ লগতে এছ ডি আৰ এফৰ বাবে প্রয়োজনীয় অতিৰিক্ত ১০০খন দ্রুতবেগী ৰবৰৰ নাওকে ধৰি অন্যান্য জৰুৰী সামগ্রীসমূহ শীঘ্রে ক্রয়ৰ ব্যৱস্থা কৰিবলৈও বিভাগটোক নির্দেশ দিয়ে ৷ বহন ক্ষমতা বৃদ্ধিৰ বাবে ৰাজ্যৰ মথাউৰিসমূহক পথ তথা মথাডৰি (ৰোড–কাম–এমবেংকমে) হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে মথাডৰিসমূহৰ ওপৰেৰে যান–বাহন আৰু মানুহৰ আহ–যাহ অব্যাহত থাকিলে এইবোৰৰ পর্যাপ্ত চোৱাচিতা হৈ থাকিব আৰু আন্তঃগাঁথনিগত দুর্বলতাসমূহো সহজেই দৃষ্টিগোচৰ হ’ব৷ ৰাজ্যৰ ডপনৈসমূহৰ বুকু খনন কৰি এইবোৰৰ জলধাৰণৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে বানপানীৰ ভয়াৱহতা হ্রাস কৰিব পৰা যাব বুলি ডল্লেখ কৰি তাৰ বাবে প্রয়োজনীয় ব্যৱস্থা হাতত ল’বলৈও তেওঁ জলসম্পদ বিভগক নির্দেশ দিয়ে৷ জলসম্পদ বিভাগৰ কাম–কাজ কৰা ঠিকাদাৰসকলৰ সামর্থ্য আৰু দক্ষতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ সৈতে সঘনে আলোচনাত মিলিত হৈ সুবিধা–সুবিধাসমূহ বুজ ল’বলৈও মুখ্যমন্ত্রীয়ে জলসম্পদ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে৷ উল্লেখ্য যে আজিৰ বৈঠকত জলসম্পদ মন্ত্রী কেশৱ মহন্ত, সাংসদ প্রদান বৰুৱা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ আৰু মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়াৰ লগতে জলসম্পদ বিভাগ, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগ তথা এছ ডি আৰ এফৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল৷