নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ উভতি অহা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় ৰ’ডমেপ প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১৯ মে’: অসমৰ যুৱশক্তিক উদ্যমিতাৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত উদগনি যোগোৱাৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (Indian Institute of Entrepreneurship)ক কৃষি, উদ্যোগ আদি বিভিন্ন বিভাগৰ সৈতে টীম ভাবধাৰাৰে কাম কৰি যাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে।

আজি গুৱাহাটীত প্ৰতিষ্ঠানখনৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বিভিন্ন কাম-কাজ তথা প্ৰশিক্ষণৰ খতিয়ান লয় আৰু ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমলৈ উভতি অহা যুৱক-যুৱতীসকলৰ যাৱতীয় দক্ষতা বিকাশৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে।

উৎপাদন (Production)- ক্ৰয় প্ৰক্ৰিয়া (Procurement)- বজাৰকৰণ (Marketing)- এই প্ৰক্ৰিয়াটোত খেতিয়ক তথা উদ্যমীসকলে যাতে বজাৰ সংযোগীকৰণ (Market Linkage)ৰ জৰিয়তে বিভিন্ন বজাৰ অভিমুখে আগুৱাই যাব পাৰে, তাৰ বাবে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে পথ প্ৰদৰ্শন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

তদুপৰি, চৰকাৰৰ বিভিন্ন আঁচনি সঠিকভাৱে ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়তসমূহ তথা খণ্ড উন্নয়ন বিষয়াসকলক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াবলৈও প্ৰতিষ্ঠানখনৰ প্ৰতিনিধিবৰ্গক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

যুৱক-যুৱতীসকলে আধুনিক প্ৰশিক্ষণেৰে দক্ষ হৈ যাতে মীনপালন, হস্তশিল্প আদিকে ধৰি ৰাজ্যৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহত স্বনিৰ্ভৰশীল হ’ব পাৰে, তাৰ বাবেও প্ৰয়োজনীয় ৰ’ডমেপ প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

লগতে, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ জৰিয়তেও যাতে নিবনুৱা যুৱক-যুৱতীসকলে সংস্থাপনৰ পথ লাভ কৰে, তাৰ বাবেও উদ্যোগসমূহৰ সৈতে সন্মিলিত পদক্ষেপ ল’বলৈ প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

You might also like