নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি এছ আৰৰ অৰ্থ ক্ষতিপূৰণ নেকি? ১১ টা ক্ষতিগ্ৰস্ত পৰিয়ালক বিতৰণ কৰিলে অইলৰ চি এছ আৰ ফাণ্ডৰ পৰা ২ কোটি ২০ লাখ টকা

ক্ষতিপূৰণৰ দাবীত অটল স্থানীয় ৰাইজ- জাতীয় সংগঠন

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ অইল ইণ্ডিয়া লিমিটেডে অইল এফেক্টেড এৰিয়াত সামাজিক দায়াবদ্ধতামূলক আঁ‌চনি (চি এছ আৰ) ৰূপায়ণ নকৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে কালি উন্মোচিত হোৱা এক আজৱ ঘটনাই উক্ত অভিযোগক সত্য প্ৰমাণিত কৰিলে। উল্লেখ্য যে সমগ্ৰ দেশ জোকাৰি যোৱা বাঘজান কাণ্ডত বাসগৃহ ভস্মীভূত হোৱা এঘাৰটা ক্ষতিগ্ৰস্ত পৰিয়ালক কালি উপায়ুক্তৰ কাৰ্যালয়ত ক্ষতিপূৰণ প্ৰদান কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ আৰ চি ই- ০৩-১৬৭, তাং ১৬/৭/২০২০ নং পত্ৰৰ আঁ‌ত ধৰি তিনিচুকীয়াৰ উপায়ুক্তই তিনিচুকীয়া/ অইল চেল/ বাঘজান গেছ ব্ল’আউট/ ফাইয়াৰ ব্ৰেক আউট কেছ/ পিটি- ।।।/ ২০২০/ ৮ তাং ১৭/ ০৭/ ২০২০ নং নিৰ্দেশ যোগে কালি বাঘজানৰ এঘাৰটা ক্ষতিগ্ৰস্ত পৰিয়ালক ২০ লাখকৈ ২ কোটি ২০ লাখ টকাৰ চেক বিতাৰণ কৰে। ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ মুৰব্বীসকল হ’ল লাৱণ্য শইকীয়া (স্বামী- জয়নাথ শইকীয়া), দীপ শইকীয়া (পিতা- লম্বেশ্বৰ শইকীয়া), অমল শইকীয়া (পিতা- লম্বেশ্বৰ শইকীয়া), বিকাশ শইকীয়া (পিতা- অমল শইকীয়া), পাপুল চুতীয়া (পিতা- দিনেশ্বৰ চুতীয়া), ৰিতু মৰাণ (পিতা- লভেশ্বৰ মৰাণ), সহদেৱ মৰাণ (পিতা- ফুকন মৰাণ), হেমন্ত মৰাণ (পিতা- ফুকন মৰাণ), লখিন্দ্ৰ মৰাণ, সৰুফুল পাঙ্গিং (স্বামী- অৰবিন্দ পাঙ্গিং) আৰু মুনু মুঢ়া (পিতা- জয় মূঢ়া)। উপায়ুক্তগৰাকীৰ উপৰি উক্ত অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াকে প্ৰমুখ্য কৰি অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া আৰু তিনিচুকীয়াৰ একাংশ সাংবাদিক উপস্থিত আছিল। তাৎপৰ্যপূৰ্ণ বিষয় এইটোহে যে ১১ টা ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰদান কৰা বৃহৎ অংকৰ ধনৰাশি অসম গ্ৰামীণ বিকাশ বেংক, তিনিচুকীয়াৰ চি আৰ এছ ফাণ্ডৰ একাউণ্ট নং ৭১৫৪০১০০০০৮৯২ ৰ পৰা লেনদেন হ’ব। অৰ্থাৎ চি এছ আৰ ফাণ্ডৰ টকাও যে ক্ষতিপূৰণৰ নামত খৰচ কৰা হয় তাকেই প্ৰমাণিত কৰিলে। চেক সমূহৰ নম্বৰ একাদিক্ৰমে ১২৯৮৭৬ ৰ পৰা ১২৯৮৮৬ লৈ।

উল্লেখ্য যে অইলে প্ৰকাশ কৰা আজিৰ প্ৰেছ টোকাত সাহাৰ্য বিতৰণৰ কথা ঘূণাক্ষৰেও উল্লেখ কৰা হোৱা নাই। ইফালে দুখঃৰ বোজা সহিব নোৱাৰি কালি আত্মহত্যাৰ পথ বাচি লোৱা বাঘজানৰ শুক্লেশ্বৰ নেওগৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বগৃহলৈ লৈ যাওঁ‌তে ক্ষোভিত জনতাই স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বাঘজানৰ মূল আশ্ৰয় শিৱিৰৰ সমুখতে পথ অৱৰোধ কৰি অইল ইণ্ডিয়াৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। এই আন্দোলনত সঙ্গ দিছে সদৌ মৰাণ ছাত্ৰ সন্থাইও। মৃতকৰ পৰিয়ালক অইলে ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে আন্দোলনকাৰীয়ে ২ কোটি টকাৰ এককালীন সাহাৰ্যৰ উপৰি মৃতকৰ কন্যা সন্তান এগৰাকীক অইল ইণ্ডিয়াত মকৰলৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে। বাতৰি যুগুটোৱা মুহূৰ্তলৈকে বিক্ষোভস্থলিত উপ- আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ বাদে অইল ইণ্ডিয়া কিম্বা জিলা প্ৰশাসনৰ কোনো শীৰ্ষ বিষয়া উপস্থিত হোৱা নাই আৰু এই পৰ্যন্ত সৎকাৰৰ বাবে মৃতদেহ চমজি লোৱা নাই। উল্লেখ্য যে কালিও অভিশপ্ত বি জি আৰ ৫ ৰ কেওফালৰ পথ অৱৰোধ কৰাৰ ফলত জুই নিৰ্বাপণত নিয়োজিত অইল ইণ্ডিয়াৰ দুই শতাধিক বিষয়া- কৰ্মচাৰী পুৱা ৭ বজাৰ পৰা পুৱতি নিশা ২ বজা পৰ্যন্ত অনাহাৰে থাকি কথমপি দুলীয়াজানলৈ ওলাই যোৱাৰ পাছত আজি কৰ্মস্থলি শূন্য হৈ পৰে।

You might also like