ভয়াৱহ ভৱিষ্যতৰ দিশে ধাৱমান অসম মাতৃ
নতুন নতুন অঞ্চলত ওলাইছে ক’ৰোনাত আক্রান্তঃ গণসংক্রমণৰ শংকা তীব্রতৰ
নিয়মীয়া বাৰ্তা ৪ জুলাইঃ বজালী মহকুমাৰ মুগুৰীয়া, বাঘমাৰাৰ সমীপৱর্তী শুকিলাপাৰ, শাওলাবড়িত এগৰাকীকৈ ক’ভিড পজিটিভ পোৱাৰ পিছত আজি বজালীত পুনৰ ১২গৰাকীকৈ ক’ভিড পজিটিভ ওলায়৷ বজালী মহকুমা আৰক্ষী বিষয়া কার্যালয়ৰ ৪গৰাকী, ভোগদৈ ধাবাৰ এগৰাকী, সৰুপেটা আৰক্ষী চকীৰ তিনিগৰাকী, পাটাছাৰকুছি পেড্র’ল পাম্পৰ দুগৰাকী, ভৱানীপুৰ পেড্র’ল পাম্পৰ এগৰাকী, বাঘমাৰা আৰক্ষী চকীৰ এগৰাকীকে ধৰি মুঠ ১২গৰাকীকৈ লোকৰ ক’ভিড পজিটিভ পোৱাত এতিয়া একপ্রকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ মহকুমাটোত এদিনতে ১২গৰাকীকৈ ক’ভিড পজিটিভ ধৰা পৰাৰ পৰিপ্রেক্ষিতত এতিয়া গণসংক্রমণৰ আশংকা বিৰাজ কৰিছে পাঠশালা নগৰীসহ মহকুমাটোৰ বিভিন্ন প্রান্তত৷
ওদালগুৰিত আৰক্ষী জোৱান–এএনএম নার্ছ আৰু ৪ বছৰীয়া শিশুসহ নতুনকৈ আক্রান্ত ৭জন
ওদালগুৰি জিলাত নতুনকৈ আক্রান্ত হৈছে এগৰাকী আৰক্ষী জোৱান, এগৰাকী এএনএম নার্ছ আৰু এটি চাৰি বছৰীয়া শিশুসহ মুঠ ৭জন লোক৷ সকলো মিলাই ওদালগুৰি জিলাত এইপর্যন্ত ২০৬গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ১৬১গৰাকী লোকে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতাৰ অনুমতি লাভ কৰিছে৷ আজি নতুনকৈ আক্রান্ত আৰক্ষী জোৱানজন হৈছে ওদালগুৰি থানাত কর্মৰত মানস শর্মা আৰু বেংবাৰী উপ–স্বাস্থ্যকেন্দ্রৰ এএনএম অনুপাজ্যোতি শর্মা৷ বাকী লোকসকল ওদালগুৰিৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্র আৰু হোম কোৱাৰেণ্টাইনত থকা৷ ইয়াৰ ভিতৰত এটি ৪ বছৰীয়া শিশুও আছে৷
সৰভোগৰ বৰনগৰ চক্র বিষয়া কার্যালয়ৰ দুগৰাকী–শিক্ষকৰ দেহত ক’ভিড–১৯
সৰভোগত আজি তিনিজন ব্যক্তিৰ দেহত ধৰা পৰে মাৰাত্মক ক’ভিড–১৯৷ ইয়াৰে দুজন বৰনগৰ ৰাজহ চক্র কার্যালয়ৰ কর্মচাৰী আৰু এজন কোৱাৰেণ্টাইন চেণ্টাৰত কর্মৰত শিক্ষক৷ জানিব পৰা মতে, ক’ভিড আক্রান্ত লোককেইজন হ’ল সৰভোগৰ বৰনগৰ ৰাজহ চক্র বিষয়া কার্যালয়ৰ মণ্ডল ভোলানাথ দাস (৪৮), পোপ ইনচার্জ ভৃগু দাস (৩৩) আৰু কোৱাৰেণ্টাইন শিবিৰত কর্মৰত শিক্ষক পুমেন্দু সৰকাৰ (৩৮)৷ কিছুদিন পূর্বে ব্যক্তিকেইজনে ছোৱাব টেষ্ট কৰিছিল৷ আজি ব্যক্তিকেইগৰাকীৰ দেহত ক’ভিড–১৯ ধৰা পৰে৷ ক’ভিড আক্রান্ত ভোলানাথ দাসৰ ঘৰ বঙাইগাঁও জিলাত বুলি জানিব পৰা গৈছে ৷
ক’ভিডত আক্রান্ত এয়াৰ ইণ্ডিয়াত কর্মৰত মৰিগাঁৱৰ যুৱতী
ভাৰত চৰকাৰৰ বন্দে ভাৰত মিছনৰ অধীনত এয়াৰ ইণ্ডিয়াই বিদেশৰ বহু ৰাষ্ট্রত উদ্ধাৰকাৰী বিমান প্রেৰণ কৰি ভাৰতীয়সকলক দেশলৈ ওভতাই আনিছিল৷ আৰু তেনে বহুকেইখন বিমানত ফ্লাইট এটেনডেণ্ট ৰূপে সেৱা আগবঢ়াইছিল মৰিগাঁৱৰ কৰীশ্মা পাতৰে৷ কেইবাখনো দেশলৈ উদ্ধাৰকাৰী বিমানত যোৱা কৰীশ্মা শেহতীয়াকৈ ক’ভিডত আক্রান্ত হৈছে৷ বর্তমান এয়াৰ ইণ্ডিয়াৰ তত্ত্বাৱধানত কৰীশ্মা মুম্বাইত চিকিৎসাধীন হৈ আছে৷ কৰীশ্মাই ‘নিয়মীয়া বার্তা’ক জনাইছে যে এই সংকটৰ সময়ত তেওঁ মনোবল হেৰুওৱা নাই আৰু তেওঁ ক’ৰোনাৰ সৈতে যুঁজি যাব৷
ঘগ্রাপাৰৰ পুনৰ তিনিজনৰ দেহত ক’ৰোনা পজিটিভ
নলবাৰী জিলাৰ ঘগ্রাপাৰত পুনৰ তিনিজনৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাত বৃহত্তৰ অঞ্চলটোৰ চিকিৎসাৰ একমাত্র ভৰসাস্থলী ঘগ্রাপাৰ খণ্ড প্রাথমিক চিকিৎসালয়খন বন্ধ হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, ঘগ্রাপাৰৰ সমীপৰ কটকীয়া গাঁৱৰ আৰক্ষী বিভাগৰ বিপুল কলিতাৰ পত্নী ৰেখা কলিতা (৩১) আৰু একে গাঁৱৰে আন্ধু দাসৰ পুত্র পুষ্প দাস (৩৫)ৰ বৃহস্পতিবাৰে নিশা ক’ৰোনা পজিটিভ বুলি খবৰ অহাত গাঁওখনত হুৱাদুৱা লাগে৷ ঘগ্রাপাৰ স্বাস্থ্যকেন্দ্রৰ স্বাস্থ্যকর্মীয়ে লগে লগে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়৷ আনহাতে, ৰেখা কলিতাই দুদিন পূর্বে ঘগ্রাপাৰ ব্লক প্রাথমিক চিকিৎসালয়ত অন্য চিকিৎসা কৰিবলৈ যোৱাৰ খবৰে ৰাইজৰ মাজত আতংক বিৰাজ কৰিছে৷ এই খবৰ পোৱাৰ পিছতে চিকিৎসালয়খনৰ জৰুৰীকালীন চিকিৎসাৰ বাহিৰে সকলো ৰোগীৰ চিকিৎসা সেৱা বন্ধ ৰাখিছে৷ আনকি চিকিৎসালয়খনৰ মুখ্য দ্বাৰত তলাবন্ধ কৰিছিল যদিও কিছু সময় পিছত তলাটো খুলি দিয়ে যদিও ৰোগীৰ চিকিৎসা নকৰাৰ অভিযোগ উঠিছে৷
ধুবুৰীত পুনৰ সাতজন পজিটিভ
আজি ধুবুৰী জিলাত পুনৰ ৭গৰাকী লোকৰ ছোৱাবৰ নমুনা পজিটিভ পোৱাৰ পিছত জিলাখনৰ মুঠ ক’ভিড আক্রান্তৰ সংখ্যা ৪২৭গৰাকীলৈ বৃদ্ধি পাইছে যদিও ইয়াৰে ৩৮০গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পৰিপ্রেক্ষিতত বর্তমান ধুবুৰী জিলাত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪৭গৰাকী বুলি স্বাস্থ্য বিভাগৰ এটা সূত্রযোগে জানিব পৰা গৈছে৷
হোজাইত আৰম্ভ হ’ল ক’ৰোনাৰ গণসংক্রমণঃ তিনি স্বাস্থ্যকর্মীৰ শৰীৰত ক’ভিড
হোজাইত আজি পুনৰ তিনিজন স্বাস্থ্যকর্মীৰ শৰীৰত ক’ভিডৰ উপস্থিতি পোৱা যায়৷ হোজাইৰFRU চিকিৎসালয়ৰ স্বাস্থ্য বিভাগৰ তিনি কর্মীৰ দেহত ক’ভিডৰ উপস্থিতিক লৈ আতংকিত হৈছে সর্বসাধাৰণ৷ এই তিনি আক্রান্তৰ ভিতৰত এজন লেব টেকনিচিয়ান আৰু দুগৰাকী আশাকর্মী৷ তেওঁলোক হ’ল নিজামউদ্দিন আৰু কৃষ্ণ নগৰৰ আশাকর্মী গৌৰী দেৱৰায়ৰ লগতে জামুহণ্ডল গাঁৱৰ ঝর্ণা সৰকাৰ৷ এই তিনিজন কর্মচাৰী বৃহস্পতিবাৰলৈকে হোজাইFRUত কর্মৰত আছিল৷ লেব টেকনিচিয়ান নিজামউদ্দিনৰ পৰা আৰু গণসংক্রমণ হোৱাৰ আশংকা কৰা হৈছে৷ কাৰণ তেওঁ হোজাইৰ বিভিন্ন হোটেলত বহু লোকৰ ছোৱাব সংগ্রহ কৰিছিল৷ যোৱা ২৫ জুনত এইসকল স্বাস্থ্যকর্মীৰ সংগ্রহ কৰা হৈছিল ছোৱাব৷ উল্লেখ্য যে আজিৰ দিনটোতে হোজাইৰ ১৯জনৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷
বাগ্সাৰ বৰমা আৰক্ষী থানাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰ শৰীৰত ক’ভিড–১৯ পজিটিভ
বৰমা আৰক্ষী থানাৰ গৃহৰক্ষী জোৱানৰ শৰীৰত ধৰা পৰিল ক’ভিড–১৯ পজিটিভ৷ প্রাপ্য বাতৰি অনুসৰি, বৰমা আৰক্ষী থানাৰ গৃহৰক্ষী বাহিনীৰ জোৱান মনোহৰি কলিতাই ছোৱাৱ পৰীক্ষা কৰাত আজি তেওঁৰ ফলাফল পজিটিভ আহে৷
ৰংজুলি চহৰত প্রথমজন ক’ৰোনা ৰোগী চিনাক্ত
গোৱালপাৰা জিলাৰ ৰংজুলি চহৰত প্রথমজন ক’ভিড–১৯ আক্রান্ত ৰোগী চিনাক্ত হয়৷ ৰংজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে ঘৰ ৰোগী ৰাধেশ্যাম আগৰৱালা (৬৩)ৰ৷ তেওঁ উত্তৰ প্রদেশৰ পৰা ২৫ জুনত ঘৰলৈ আহিছিল আৰু গোৱালপাৰা ডি এন ষ্টেডিয়াম কোৱাৰেণ্টাইন চেণ্টাৰত এসপ্তাহ থকাৰ পিছত হোম কোৱাৰেণ্টাইনত আছিল৷ আজি ছোৱাব টেষ্টৰ ফলাফল অনুসৰি তেওঁৰ গাত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ তেওঁক আজি প্রায় ১ বজাত গোৱালপাৰা জিলাৰ মাটিয়া ক’ভিড হাস্পতাললৈ লৈ যায়৷ আনহাতে, গোৱালপাৰা জিলাৰ আমজোংগাৰ পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা এগৰাকী চি আৰ পি এফ জোৱান পজিটিভ বুলি চিনাক্ত হৈছে৷ চি আৰ পি এফ জোৱানজনৰ নাম যশোৱন্ত ৰাভা৷ ৰংজুলি ৰাজহ চক্রৰ গাঠিয়াপাৰা গাঁৱৰ যশোৱন্ত ৰাভাই ঝাৰখণ্ডৰ পৰা যোৱা ২১ জুনত ছুটী লৈ ঘৰলৈ আহিছিল৷
শংকিত বৃহত্তৰ চেঙাবাসী
ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে বৰপেটা জিলাতো অধিক হাৰত বৃদ্ধি পাইছে ক’ৰোনাত আক্রান্তৰ সংখ্যা৷ আজি বৰপেটা জিলাৰ চেঙাত প্রথমটো ক’ভিড–১৯ পজিটিভ ধৰা পৰিছে৷ চেঙাস্থিত ভাৰত পেড্র’লিয়ামৰ চেঙা কিষাণ পেড্র’ল পাম্পৰ মেনেজাৰ ওম প্রকাশ সেন (৪৫) আক্রান্ত হৈছে ক’ৰোনাত৷ ৰাজস্থানৰ এইগৰাকী ব্যক্তি কর্মসূত্রে চেঙাৰ কিষাণ পেড্র’ল পাম্পত মেনেজাৰৰ দায়িত্বত আছিল৷ ওম প্রকাশ সেনৰ কোনো ভ্রমণ বৃত্তান্ত নাই বুলি জানিব পৰা গৈছে৷
ছিপাঝাৰত পুনৰ দুজন চিনাক্ত ক’ভিড আক্রান্ত
ভয়াৱহ গণসংক্রমণৰ দিশে আগবাঢ়িছে ছিপাঝাৰ৷ আজি দুগৰাকী লোক ক’ভিড–১৯ আক্রান্ত বুলি চিনাক্ত হোৱাৰ পিছৰে পৰা এলেকা দুটাত ৰাইজৰ মাজত সৃষ্টি হৈছে আতংক৷ কাৰণ নতুনকৈ চিনাক্ত হোৱা দুয়োগৰাকীৰেই নাই ভ্রমণ বৃত্তান্ত৷ তদুপৰি সাধাৰণ আৰু মুক্তভাৱে চলাচল কৰিছিল দুয়োগৰাকীয়ে৷ ইয়াৰে এগৰাকী হ’ল ছিপাঝাৰৰ লাওজান ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রৰ ফার্মাচিষ্ট হিতেশ চহৰীয়া আৰু আনগৰাকী মাৰুৱাচকী এলেকাৰ ৰূপন আলী৷ উল্লেখ্য যে আজি চিনাক্ত হোৱা দুয়োগৰাকী লোকৰেই শ্লেষৰ নমুনা ২৫ জুনত সংগ্রহ কৰিছিল স্বাস্থ্য বিভাগে৷ জিলাখনৰ দুমুনীচকীত জিলা স্বাস্থ্য বিভাগে স্থাপন কৰা বহিঃৰাজ্যৰ পৰা অহা লোকৰ পৰীক্ষণ কেন্দ্রত কর্তব্যৰত আছিল দুয়োগৰাকী৷ ফার্মাচিষ্টগৰাকীয়ে স্বাস্থ্য পৰীক্ষা আৰু শ্লেষৰ নমুনা সংগ্রহৰ দায়িত্বত থকাৰ লগতে ৰূপন আলী অস্থায়ী চাফাই কর্মী হিচাপে উক্ত দিনা নিয়োজিত আছিল৷ সেইদিনাই সংগ্রহ কৰা হৈছিল শ্লেষৰ নমুনা৷ ইফালে, স্বাস্থ্য বিভাগৰ লোকগৰাকী চিনাক্ত হোৱাৰ পিছত হাহাকাৰ লাগে লাওজান অঞ্চলত৷ কালি পর্যন্ত চিকিৎসালয়ত কর্তব্য কৰিছিল হিতেশ চহৰীয়াই৷ তদুপৰি চিকিৎসালয়লৈ অহা বিভিন্ন লোকৰ সংস্পর্শলৈ আহিছিল৷অৱশ্যে ততাতৈয়াকৈ ২৫ জুনত দুমুনীচকীৰ স্ক্রীনিং কেন্দ্রত দায়িত্বত থকাসকলক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে লাওজান স্বাস্থ্যকেন্দ্রৰ আনগৰাকী ফার্মাচিষ্টকো হোম কোৱাৰেণ্টাইন কৰা হয়৷ লোকজনে যিহেতু গৃহ এলেকাতো মুক্ত বিচৰণ কৰি আছিল, সেয়ে বুঢ়াত ছেনিটাইজ কৰা হয় আৰু ঘৰখন কণ্টেইণ্টমেণ্ট জ’ন ঘোষণা কৰা হয়৷ মাৰুৱাচকীতো গ্রহণ কৰা হয় একে ব্যৱস্থা৷
বঙাইগাঁৱৰ পৰা অহা ক’ৰোনা আক্রান্ত উদ্ধাৰ হ’ল শোণিতপুৰত
ক’ৰোনা পৰীক্ষাৰ বাবে ছোৱাবৰ নমুনা প্রদানৰ পিছত নিয়ম অনুসৰি কোৱাৰেণ্টাইনত নাথাকি কামত ঘূৰি ফুৰা বঙাইগাঁৱৰ এজন হেণ্ডিমেনক আজি আৰক্ষীয়ে শোণিতপুৰৰ ঠেলামৰাত চিনাক্ত কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ উল্লেখ্য যে এএছ–২৬টি–২৪১৬ নম্বৰৰ ড্রাকখনৰ হেণ্ডিমেন আতোৱাৰ আলী বঙাইগাঁৱৰ পৰা ফার্নিছাৰ লৈ অহা অৱস্থাত তেওঁৰ ছোৱাব পৰীক্ষাৰ ফলাফলত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই আতোৱাৰ তেজপুৰলৈ অহাৰ বিষয়ে শোণিতপুৰ আৰক্ষীক জনোৱা হয়৷ সেইমতে, ঠেলামৰাত ক’ৰোনাত আক্রান্ত আতোৱাৰক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হয়৷ আনহাতে, ড্রাকখনৰ চালক খাদেম আলীকো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷